--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্য কৰ্ণাটকত  বিজেপিৰ পৰাজয়ত মমতা বেনাৰ্জী উৎফুল্লিত হৈ পৰিছে। কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে মমতাই কয় "কৰ্ণাটকৰ ৰাইজে পৰিৱৰ্তনৰ সপক্ষে ভোট দিছে। তেওঁলোকক ধন্যবাদ। যদি মানুহে বিচাৰে, তেওঁলোকে আধিপত্যবাদী চৰকাৰ, আনকি তেওঁলোকৰ একচেটিয়া অধিকাৰকো দমন কৰিব পাৰে’’। লক্ষ্যণীয়ভাবে  মমতাৰ অভিনন্দন বাৰ্তাত কংগ্ৰেছৰ নাম ঘূণাক্ষৰেও উল্লেখ কৰা দেখা নগ’ল। ৰাজ্য খনৰ নিৰ্বাচনী ফলাফল স্পষ্ট হোৱাৰ লগে লগে মমতাই টুইটাৰযোগে কৰ্ণাটকৰ জনসাধাৰণক অভিনন্দন জনায়। 

মমতাই টুইটত কয় "পৰিৱৰ্তনৰ সপক্ষে ভোট দিয়াৰ বাবে কৰ্ণাটকৰ জনসাধাৰণক প্ৰশংসা। নিষ্ঠুৰ, একচেটিয়া শক্তিত বিশ্বাস কৰা ৰাজনীতি পৰাজিত হৈছে। যেতিয়া মানুহে বহুত্ববাদী আৰু গণতান্ত্ৰিক শক্তিৰ বিজয় বিচাৰে, কোনেও তেওঁলোকৰ স্বতঃস্ফূৰ্ততা দমন কৰিব নোৱাৰে।’’ তেওঁ লগতে কয়, "এয়াই শেষ কথা। ভৱিষ্যতৰ শিক্ষা’’।মমতাৰ এই টুইটে বহুতৰে মনত প্ৰশ্নৰ উদয় ঘটাইছে- টিএমচিয়ে বিজেপিৰ দৰে কংগ্ৰেছৰ পৰাও দূৰত্ব বজাই ৰাখিব বিচাৰিছে নেকি নেকি? তেওঁ দক্ষিণ ভাৰতৰ কৰ্ণাটকক  বিজেপিৰ পৰা মুক্ত কৰিলেও কংগ্ৰেছক কৃতিত্ব দিবলৈ কিয় অনিচ্ছুক?

টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও মমতাৰ সুৰতে সুৰ মিলায় কয়   "পৰিৱৰ্তনৰ কাৰণ হৈছে মানুহে এয়া বিচাৰে। যদি মানুহে বিজেপিক প্ৰত্যাখ্যান কৰিব নিবিচাৰে, কোনো ভাৰত জোড়ো যাত্ৰাই প্ৰভাৱ পেলাব নোৱাৰিলেহেঁতেন"। অৱশ্যে, তেওঁ দাবী কৰে যে বংগই  এনে প্ৰত্যাখ্যানৰ পথ দেখুৱাইছে।তেওঁ কয়  "২০২১ চনত বংগই  বিজেপিৰ ঘৃণামূলক ৰাজনীতিক প্ৰত্যাখ্যান কৰিছিল। কৰ্ণাটকে আজি সেয়া অনুসৰণ কৰিছে। বংগই আজি যি ভাবে সেয়া   কাইলৈ সমগ্ৰ দেশে ভাবিব বুলিও তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস