--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্য কৰ্ণাটকত  বিজেপিৰ পৰাজয়ত মমতা বেনাৰ্জী উৎফুল্লিত হৈ পৰিছে। কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে মমতাই কয় "কৰ্ণাটকৰ ৰাইজে পৰিৱৰ্তনৰ সপক্ষে ভোট দিছে। তেওঁলোকক ধন্যবাদ। যদি মানুহে বিচাৰে, তেওঁলোকে আধিপত্যবাদী চৰকাৰ, আনকি তেওঁলোকৰ একচেটিয়া অধিকাৰকো দমন কৰিব পাৰে’’। লক্ষ্যণীয়ভাবে  মমতাৰ অভিনন্দন বাৰ্তাত কংগ্ৰেছৰ নাম ঘূণাক্ষৰেও উল্লেখ কৰা দেখা নগ’ল। ৰাজ্য খনৰ নিৰ্বাচনী ফলাফল স্পষ্ট হোৱাৰ লগে লগে মমতাই টুইটাৰযোগে কৰ্ণাটকৰ জনসাধাৰণক অভিনন্দন জনায়। 

মমতাই টুইটত কয় "পৰিৱৰ্তনৰ সপক্ষে ভোট দিয়াৰ বাবে কৰ্ণাটকৰ জনসাধাৰণক প্ৰশংসা। নিষ্ঠুৰ, একচেটিয়া শক্তিত বিশ্বাস কৰা ৰাজনীতি পৰাজিত হৈছে। যেতিয়া মানুহে বহুত্ববাদী আৰু গণতান্ত্ৰিক শক্তিৰ বিজয় বিচাৰে, কোনেও তেওঁলোকৰ স্বতঃস্ফূৰ্ততা দমন কৰিব নোৱাৰে।’’ তেওঁ লগতে কয়, "এয়াই শেষ কথা। ভৱিষ্যতৰ শিক্ষা’’।মমতাৰ এই টুইটে বহুতৰে মনত প্ৰশ্নৰ উদয় ঘটাইছে- টিএমচিয়ে বিজেপিৰ দৰে কংগ্ৰেছৰ পৰাও দূৰত্ব বজাই ৰাখিব বিচাৰিছে নেকি নেকি? তেওঁ দক্ষিণ ভাৰতৰ কৰ্ণাটকক  বিজেপিৰ পৰা মুক্ত কৰিলেও কংগ্ৰেছক কৃতিত্ব দিবলৈ কিয় অনিচ্ছুক?

টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও মমতাৰ সুৰতে সুৰ মিলায় কয়   "পৰিৱৰ্তনৰ কাৰণ হৈছে মানুহে এয়া বিচাৰে। যদি মানুহে বিজেপিক প্ৰত্যাখ্যান কৰিব নিবিচাৰে, কোনো ভাৰত জোড়ো যাত্ৰাই প্ৰভাৱ পেলাব নোৱাৰিলেহেঁতেন"। অৱশ্যে, তেওঁ দাবী কৰে যে বংগই  এনে প্ৰত্যাখ্যানৰ পথ দেখুৱাইছে।তেওঁ কয়  "২০২১ চনত বংগই  বিজেপিৰ ঘৃণামূলক ৰাজনীতিক প্ৰত্যাখ্যান কৰিছিল। কৰ্ণাটকে আজি সেয়া অনুসৰণ কৰিছে। বংগই আজি যি ভাবে সেয়া   কাইলৈ সমগ্ৰ দেশে ভাবিব বুলিও তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ