--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নায়কৰ পৰা খলনায়কলৈ পৰিণত হ’ল সমীৰ ৱাংখেৰে। শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাতিটোৰ ভিতৰতে নায়ক হৈ পৰিছিল আই আৰ এছ বিষয়াগৰাকী। কিন্তু এইগৰাকী বিষয়াৰ বিৰুদ্ধেই চিবিআইয়ে নতুনকৈ এটা গোচৰ ৰুজু কৰিছে।

আৰিয়ান খান ড্ৰাগছ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী কৰা বুলি সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে অভিযোগ উঠিছে। ২০২১ চনত প্ৰমোদতৰীত ৰেভ পাৰ্টিৰ পৰা আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ উঠিছে যে সেই সময়ত সমীৰে আৰিয়ানক সহায় কৰাৰ নামত ২৫ কোটি টকা বিচাৰে। এই গোচৰত সমীৰৰ মুম্বাই, দিল্লী আৰু কানপুৰৰ ২৯টা ঘৰত তালাচী চলোৱাৰ পৰিকল্পনাও সন্মুখলৈ আনে। সমীৰৰ বাহিৰেও এই ঘটনাৰ সৈতে জড়িত এনচিবিৰ দুজন প্ৰাক্তন বিষয়া।

জানিব পৰা মতে, ইতিমধ্যে একাংশ বেচৰকাৰী কৰ্মীয়ে আৰিয়ানক সহায় কৰাৰ নামত ২৫ লাখ টকা লৈছে আৰু ঘোচ হিচাপে ২৫ কোটি টকা দাবী কৰিছিল। উল্লেখ্য যে সমীৰ ৱাংখেড়ে নাৰ্কটিকছ কন্ট্ৰ’ল ব্যুৰোৰ মুম্বাই জ’নৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰিয়ান খানক গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ শিৰোনামলৈ আহে। 

শেহতীয়াকৈ এনচিবিৰ বিশেষ তদন্তকাৰী দলে আৰিয়ান খানৰ গোচৰৰ পুনৰ তদন্ত কৰি নতুনকৈ অভিযোগনামা দাখিল কৰে। সেই অভিযোগ পত্ৰৰ ভিত্তিত এন চি বিয়ে আৰিয়ান খানকে ধৰি সেই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৪ জনৰ ভিতৰত ৬ জনক ক্লিনচিট দিছিল। প্ৰমাণৰ অভাৱত আৰিয়ানক দোষমুক্ত কৰা হৈছে বুলি নাৰ্কটিকছ কন্ট্ৰ’ল ব্যুৰ’ই জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা