--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নায়কৰ পৰা খলনায়কলৈ পৰিণত হ’ল সমীৰ ৱাংখেৰে। শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাতিটোৰ ভিতৰতে নায়ক হৈ পৰিছিল আই আৰ এছ বিষয়াগৰাকী। কিন্তু এইগৰাকী বিষয়াৰ বিৰুদ্ধেই চিবিআইয়ে নতুনকৈ এটা গোচৰ ৰুজু কৰিছে।

আৰিয়ান খান ড্ৰাগছ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী কৰা বুলি সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে অভিযোগ উঠিছে। ২০২১ চনত প্ৰমোদতৰীত ৰেভ পাৰ্টিৰ পৰা আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ উঠিছে যে সেই সময়ত সমীৰে আৰিয়ানক সহায় কৰাৰ নামত ২৫ কোটি টকা বিচাৰে। এই গোচৰত সমীৰৰ মুম্বাই, দিল্লী আৰু কানপুৰৰ ২৯টা ঘৰত তালাচী চলোৱাৰ পৰিকল্পনাও সন্মুখলৈ আনে। সমীৰৰ বাহিৰেও এই ঘটনাৰ সৈতে জড়িত এনচিবিৰ দুজন প্ৰাক্তন বিষয়া।

জানিব পৰা মতে, ইতিমধ্যে একাংশ বেচৰকাৰী কৰ্মীয়ে আৰিয়ানক সহায় কৰাৰ নামত ২৫ লাখ টকা লৈছে আৰু ঘোচ হিচাপে ২৫ কোটি টকা দাবী কৰিছিল। উল্লেখ্য যে সমীৰ ৱাংখেড়ে নাৰ্কটিকছ কন্ট্ৰ’ল ব্যুৰোৰ মুম্বাই জ’নৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰিয়ান খানক গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ শিৰোনামলৈ আহে। 

শেহতীয়াকৈ এনচিবিৰ বিশেষ তদন্তকাৰী দলে আৰিয়ান খানৰ গোচৰৰ পুনৰ তদন্ত কৰি নতুনকৈ অভিযোগনামা দাখিল কৰে। সেই অভিযোগ পত্ৰৰ ভিত্তিত এন চি বিয়ে আৰিয়ান খানকে ধৰি সেই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৪ জনৰ ভিতৰত ৬ জনক ক্লিনচিট দিছিল। প্ৰমাণৰ অভাৱত আৰিয়ানক দোষমুক্ত কৰা হৈছে বুলি নাৰ্কটিকছ কন্ট্ৰ’ল ব্যুৰ’ই জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস