--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰ্লছ শোভৰাজ৷ নামটো শুনিলেই এটা সময়ত সুন্দৰী যুৱতীৰ বুকু কঁপি উঠিছিল৷ সেই দুৰ্ধৰ্ষ লোকজনেই  অৱশেষত ফ্ৰান্সলৈ ৰাওনা হৈছে। দুদিন আগতে কুখ্যাত চিৰিয়েল কিলাৰজনক নেপালৰ উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিছিল। তাৰ পিছত আদালতৰ আদেশ পালন কৰি শুক্ৰবাৰে ফ্ৰান্সলৈ যোৱা বিমানত তেওঁক তুলি দিয়া হয়৷



১৯৭৫ চনত কাঠমাণ্ডুত দুজন উত্তৰ আমেৰিকাৰ পৰ্যটকক হত্যাৰ অভিযোগত  নেপালৰ আদালতে শোভৰাজক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। ২০০৩ চনত ফ্ৰান্সৰ পৰা নেপাললৈ উভতি অহাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা তেওঁ প্ৰায় ১৯  বছৰ ধৰি কাৰাগাৰত আছিল। ন্যায়াধীশ স্বপ্না প্ৰধান মাল্লা আৰু তিলক প্ৰসাদ শ্ৰেষ্ঠৰ বিচাৰপীঠে ২১ ডিচেম্বৰত ৭৮ বছৰীয়া ফৰাচী নাগৰিকজনক কাৰাগাৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিয়ে। কাঠমাণ্ডুৰ প্ৰশাসনে  শুক্ৰবাৰে আদালতৰ নিৰ্দেশ অনুসৰণ কৰি 'বিকিনি কিলাৰ'জনক ইমিগ্ৰেচন বিভাগক হস্তান্তৰ কৰিছিল। 
একেদিনাই তেওঁক কাটাৰ এয়াৰৱেজৰ বিমান 'কিউআৰ ৬৪৭'ত তুলি দিয়া হয়। দোহা হৈ বিমানখনৰ গন্তব্য স্থান হৈছে পেৰিছ।

কাৰাগাৰৰ সূত্ৰ অনুসৰি তেওঁলোকে বৃহস্পতিবাৰে শোভৰাজক মুক্তি দিব বিচাৰিছিল। কিন্তু তেওঁ সেইদিনা অপাধী জনে কাৰাগাৰত থাকিব লগা হৈছিল কিয়নো ইমিগ্ৰেচন বিভাগে প্ৰস্তুতিৰ বাবে কিছু সময় বিচাৰিছিল। ইফালে নেপালৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা মুখপাত্ৰ ফনিন্দ্ৰমানি পোখৰেলে কয় যে কুখ্যাত অপৰাধীজনে অহা ১০ বছৰৰ বাবে নেপালত প্ৰৱেশ কৰিব নোৱাৰিব।  ২০১৭ চনত তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। 

১৯৭০ ৰ দশকৰ আৰম্ভণিতে আৰু ১৯৮০ ৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশত বহু মহিলা পৰ্যটকক ড্ৰাগছ দি হত্যা কৰিছিল শোভৰাজে। হত্যাৰ বলি হোৱা  বেছিভাগ ভুক্তভোগীই বিকিনি পিন্ধি আছিল। হত্যাৰ প্ৰকৃতি দেখি শোভৰাজক 'বিকিনি কিলাৰ' বুলি কোৱা হৈছিল। সেই সময়ত শোভৰাজ থাইলেণ্ডত সন্ত্ৰাসত পৰিণত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক