--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰ্লছ শোভৰাজ৷ নামটো শুনিলেই এটা সময়ত সুন্দৰী যুৱতীৰ বুকু কঁপি উঠিছিল৷ সেই দুৰ্ধৰ্ষ লোকজনেই  অৱশেষত ফ্ৰান্সলৈ ৰাওনা হৈছে। দুদিন আগতে কুখ্যাত চিৰিয়েল কিলাৰজনক নেপালৰ উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিছিল। তাৰ পিছত আদালতৰ আদেশ পালন কৰি শুক্ৰবাৰে ফ্ৰান্সলৈ যোৱা বিমানত তেওঁক তুলি দিয়া হয়৷



১৯৭৫ চনত কাঠমাণ্ডুত দুজন উত্তৰ আমেৰিকাৰ পৰ্যটকক হত্যাৰ অভিযোগত  নেপালৰ আদালতে শোভৰাজক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। ২০০৩ চনত ফ্ৰান্সৰ পৰা নেপাললৈ উভতি অহাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা তেওঁ প্ৰায় ১৯  বছৰ ধৰি কাৰাগাৰত আছিল। ন্যায়াধীশ স্বপ্না প্ৰধান মাল্লা আৰু তিলক প্ৰসাদ শ্ৰেষ্ঠৰ বিচাৰপীঠে ২১ ডিচেম্বৰত ৭৮ বছৰীয়া ফৰাচী নাগৰিকজনক কাৰাগাৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিয়ে। কাঠমাণ্ডুৰ প্ৰশাসনে  শুক্ৰবাৰে আদালতৰ নিৰ্দেশ অনুসৰণ কৰি 'বিকিনি কিলাৰ'জনক ইমিগ্ৰেচন বিভাগক হস্তান্তৰ কৰিছিল। 
একেদিনাই তেওঁক কাটাৰ এয়াৰৱেজৰ বিমান 'কিউআৰ ৬৪৭'ত তুলি দিয়া হয়। দোহা হৈ বিমানখনৰ গন্তব্য স্থান হৈছে পেৰিছ।

কাৰাগাৰৰ সূত্ৰ অনুসৰি তেওঁলোকে বৃহস্পতিবাৰে শোভৰাজক মুক্তি দিব বিচাৰিছিল। কিন্তু তেওঁ সেইদিনা অপাধী জনে কাৰাগাৰত থাকিব লগা হৈছিল কিয়নো ইমিগ্ৰেচন বিভাগে প্ৰস্তুতিৰ বাবে কিছু সময় বিচাৰিছিল। ইফালে নেপালৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা মুখপাত্ৰ ফনিন্দ্ৰমানি পোখৰেলে কয় যে কুখ্যাত অপৰাধীজনে অহা ১০ বছৰৰ বাবে নেপালত প্ৰৱেশ কৰিব নোৱাৰিব।  ২০১৭ চনত তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। 

১৯৭০ ৰ দশকৰ আৰম্ভণিতে আৰু ১৯৮০ ৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশত বহু মহিলা পৰ্যটকক ড্ৰাগছ দি হত্যা কৰিছিল শোভৰাজে। হত্যাৰ বলি হোৱা  বেছিভাগ ভুক্তভোগীই বিকিনি পিন্ধি আছিল। হত্যাৰ প্ৰকৃতি দেখি শোভৰাজক 'বিকিনি কিলাৰ' বুলি কোৱা হৈছিল। সেই সময়ত শোভৰাজ থাইলেণ্ডত সন্ত্ৰাসত পৰিণত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ