--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মৃত্যুদূত হৈ আহিছে কালান্তক  কোভিড৷ শেহতীয়াকৈ চীনত কোভিডে সংহাৰৰ  সৃষ্টি কৰিছে৷ দেশ খনত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে কমেও ৫ লাখ লোক৷ বিগত ২০ ডিচেম্বৰৰ  পৰা এতিয়ালৈকে চীনত প্ৰায় ২৫ কোটি লোক কোভিডত আক্ৰান্ত হৈছে৷ 

দেশখনৰ স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই দাবী কৰিছে যে চীনৰ এখন চহৰৰ পৰা প্ৰতিদিনে ৫ লাখৰো অধিক লোক সংক্ৰমিত হৈ থকাৰ খবৰ আহিছে৷ অৱশ্যে  চীনৰ চৰকাৰে কোভিড সংক্মণৰ প্ৰকৃত পৰিসংখ্যা লুকুৱাবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছে৷ চীনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে কিংদাও চহৰত এদিনতে ৪,৯০,০ ৰ পৰা ৫,৫০,০০০ লোক কোভিড-১৯ ত সংক্ৰমিত হৈছে। এনে তথ্যই সূচায় যে কোভিডৰ তীব্ৰতা সেইখন দেশত কেনে  স্তৰত উপনীত হৈছে। চীনা চহৰখনৰ জনসংখ্যা ১০ নিযুত। স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে পৰৱৰ্তী সপ্তাহত চহৰখনত সংক্ৰমণৰ হাৰ ১০ শতাংশ বৃদ্ধি পাব পাৰে।

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চীনৰ চহৰসমূহত যিধৰণে সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে, চিকিৎসালয়সমূহে ৰোগী নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। চিকিৎসালয়ৰ আইচিইউ কোভিড ৰোগীৰে ভৰি  পৰিছে। শ্মশানসমূহতো ভিৰ বাঢ়িছে৷  ইপিনে চীনৰ স্বাস্থ্য আয়োগে ইয়াৰ বুলেটিনত কৈছে  যে যোৱা ২৪ ঘণ্টাত ৪,১৩০ টা কোভিডৰ নতুন ঘটনা ধৰা পৰিছে৷
 জিয়াংছিত ১৮ হাজাৰ  লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক