--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মৃত্যুদূত হৈ আহিছে কালান্তক  কোভিড৷ শেহতীয়াকৈ চীনত কোভিডে সংহাৰৰ  সৃষ্টি কৰিছে৷ দেশ খনত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে কমেও ৫ লাখ লোক৷ বিগত ২০ ডিচেম্বৰৰ  পৰা এতিয়ালৈকে চীনত প্ৰায় ২৫ কোটি লোক কোভিডত আক্ৰান্ত হৈছে৷ 

দেশখনৰ স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই দাবী কৰিছে যে চীনৰ এখন চহৰৰ পৰা প্ৰতিদিনে ৫ লাখৰো অধিক লোক সংক্ৰমিত হৈ থকাৰ খবৰ আহিছে৷ অৱশ্যে  চীনৰ চৰকাৰে কোভিড সংক্মণৰ প্ৰকৃত পৰিসংখ্যা লুকুৱাবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছে৷ চীনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে কিংদাও চহৰত এদিনতে ৪,৯০,০ ৰ পৰা ৫,৫০,০০০ লোক কোভিড-১৯ ত সংক্ৰমিত হৈছে। এনে তথ্যই সূচায় যে কোভিডৰ তীব্ৰতা সেইখন দেশত কেনে  স্তৰত উপনীত হৈছে। চীনা চহৰখনৰ জনসংখ্যা ১০ নিযুত। স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে পৰৱৰ্তী সপ্তাহত চহৰখনত সংক্ৰমণৰ হাৰ ১০ শতাংশ বৃদ্ধি পাব পাৰে।

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চীনৰ চহৰসমূহত যিধৰণে সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে, চিকিৎসালয়সমূহে ৰোগী নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। চিকিৎসালয়ৰ আইচিইউ কোভিড ৰোগীৰে ভৰি  পৰিছে। শ্মশানসমূহতো ভিৰ বাঢ়িছে৷  ইপিনে চীনৰ স্বাস্থ্য আয়োগে ইয়াৰ বুলেটিনত কৈছে  যে যোৱা ২৪ ঘণ্টাত ৪,১৩০ টা কোভিডৰ নতুন ঘটনা ধৰা পৰিছে৷
 জিয়াংছিত ১৮ হাজাৰ  লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ