--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত উৎপত্তি হোৱা কৰ’না ভাইৰাছে বিশ্বৰ ভিন্ন দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ দেখুৱাইছে। শেহতীয়াকৈ কৰ’নাৰ BF.7 ৰ নতুন ভেৰিয়েণ্টে সকলোৰে চিন্তা বৃদ্ধি কৰিছে। ভাৰততো ইয়াৰ কেছ পোৱা গৈছে। এফালে বিশ্বই কৰ’নাৰ বোজাৰ সন্মুখীন হৈছে আৰু ইয়াৰ মাজতে আন এটা ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ বিধ্বংসী ৰূপত চিকিৎসকসকলেও ভয় খাইছে। বৰ্তমান ব্ৰিটেইনৰ চিকিৎসকে কৰ’নাৰ বাহিৰে আন এটা ৰোগৰ সৈতে মোকাবিলা কৰিছে। এয়া এক প্ৰকাৰৰ বিপদজনক জ্বৰ যি ৰোগীৰ বাবে মাৰাত্মক হৈ পৰিছে।

আজিকালি কৰ’নাতকৈ এক জ্বৰে ব্ৰিটেইনত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াক স্কাৰলেট ফিভাৰ বুলি জনা যায়। বৰ্তমানলৈকে ব্ৰিটেইনত স্কাৰলেট জ্বৰত ১৯ টা শিশুৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও যোৱা এসপ্তাহত ১০ হাজাৰ নতুনকৈ কোভিড-১৯ত আক্ৰান্তও ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে এই জ্বৰে আমেৰিকাক আগুৰি ধৰিব পাৰে। ১২ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ প্ৰায় ৩০ হাজাৰ ৰোগী ধৰা পৰিছে। ২০১৭ চনৰ আৰম্ভণিতে আৰু ২০১৮ চনতো ইয়াত ইয়াৰ বহু কেছ পোৱা গৈছিল।

স্কাৰলেট জ্বৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয়। এই ৰোগত বিষৰ লগত ৰোগীৰ ডিঙি ফুলি উঠে আৰু অধিক জ্বৰ উঠে। ৰোগীৰ ডিঙিত ৰঙা দাগ দেখা দিয়ে আৰু শৰীৰতো ফোহা ওলাবলৈ আৰম্ভ কৰে। ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে এই ৰোগ অতি বিপজ্জনক আৰু সময়মতে চিকিৎসাৰ নকৰিলে ই মাৰাত্মক হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ