--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত উৎপত্তি হোৱা কৰ’না ভাইৰাছে বিশ্বৰ ভিন্ন দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ দেখুৱাইছে। শেহতীয়াকৈ কৰ’নাৰ BF.7 ৰ নতুন ভেৰিয়েণ্টে সকলোৰে চিন্তা বৃদ্ধি কৰিছে। ভাৰততো ইয়াৰ কেছ পোৱা গৈছে। এফালে বিশ্বই কৰ’নাৰ বোজাৰ সন্মুখীন হৈছে আৰু ইয়াৰ মাজতে আন এটা ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ বিধ্বংসী ৰূপত চিকিৎসকসকলেও ভয় খাইছে। বৰ্তমান ব্ৰিটেইনৰ চিকিৎসকে কৰ’নাৰ বাহিৰে আন এটা ৰোগৰ সৈতে মোকাবিলা কৰিছে। এয়া এক প্ৰকাৰৰ বিপদজনক জ্বৰ যি ৰোগীৰ বাবে মাৰাত্মক হৈ পৰিছে।

আজিকালি কৰ’নাতকৈ এক জ্বৰে ব্ৰিটেইনত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াক স্কাৰলেট ফিভাৰ বুলি জনা যায়। বৰ্তমানলৈকে ব্ৰিটেইনত স্কাৰলেট জ্বৰত ১৯ টা শিশুৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও যোৱা এসপ্তাহত ১০ হাজাৰ নতুনকৈ কোভিড-১৯ত আক্ৰান্তও ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে এই জ্বৰে আমেৰিকাক আগুৰি ধৰিব পাৰে। ১২ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ প্ৰায় ৩০ হাজাৰ ৰোগী ধৰা পৰিছে। ২০১৭ চনৰ আৰম্ভণিতে আৰু ২০১৮ চনতো ইয়াত ইয়াৰ বহু কেছ পোৱা গৈছিল।

স্কাৰলেট জ্বৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয়। এই ৰোগত বিষৰ লগত ৰোগীৰ ডিঙি ফুলি উঠে আৰু অধিক জ্বৰ উঠে। ৰোগীৰ ডিঙিত ৰঙা দাগ দেখা দিয়ে আৰু শৰীৰতো ফোহা ওলাবলৈ আৰম্ভ কৰে। ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে এই ৰোগ অতি বিপজ্জনক আৰু সময়মতে চিকিৎসাৰ নকৰিলে ই মাৰাত্মক হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক