--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ পুঁজিপতিৰ প্ৰতি দৰদ আৰু কৃষক-শ্ৰমিকৰ প্ৰতি বৈষম্যৰ অভিযোগ নতুন কথা নহয়। পুঁজিপতিক হাজাৰ হাজাৰ কোটি ঋণ ৰেহাই দিছে নৰেন্দ্ৰ মোদী চৰকাৰে। সংসদৰ শীতকালীন অধিৱেশনত এই তথ্য দাঙি ধৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। যি সময়ত দেশৰ কৃষকে ন্যুনতম সমৰ্থম দাম বা এমএছপিৰ দাবীৰে ৰাজপথত নামিছে সেই সময়তে চৰকাৰে পুঁজিপতিক ৰেহাই দিছে ৪৬,৩৮২কোটি টকা। কৃষকক এমএছপি দিবলৈ পুঁজিৰ অভাৱ হোৱা চৰকাৰৰ এই দ্বিচাৰিতাই এতিয়া চৰকাৰখন যে, সাধাৰণ ৰাইজৰ নহয় বৰং পুঁজিপতিৰহে এইকথা পুনৰ প্ৰমাণ হৈছে। সাংসদ সুশীল কুমাৰ সিঙে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত ঋণমাফ সম্পৰ্কীয় প্ৰশ্ন কৰিছিল চৰকাৰক। তাৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে সদৰি কৰে যে, এই বছৰৰ প্ৰথম ছমাহতে পুঁজিপতিক ৪৬,৩৮২কোটিৰ ঋণ ৰেহাই দিছে চৰকাৰে।


সুশীল কুমাৰ সিঙে প্ৰশ্ন কৰিছিল যে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ন মাহত ১.৫ লাখ কোটি টকা ঋণ ৰেহাই দিয়া (write off ) কৰা বুলি যি তথ্য প্ৰকাশ হৈছে সেই তথ্যৰ সত্যতা কি? ইমানখিনি ঋণ ৰেহাই দিয়া হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰ লিখিত ৰূপত দি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ডঃ ভাগৱত কৰাড়ে সদৰি কৰে যে, ‘আৰবিআইৰ তথ্য অনুসৰি অনুসূচিত বাণিজ্যিক বেংকসমূহে চলিত বিত্তীয় বৰ্ষ ২০২১-২২ৰ প্ৰথম ছমাহত ৪৬,৩৮২কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে। সাংসদ সিঙে কোন কোন কোম্পানীক এই বৃহৎ পৰিমাণৰ ঋণ ৰেহাই দিয়া হৈছে, সেইকথা জানিব বিচৰাত কেন্দ্ৰই নিয়মৰ দোহাই দি সেই কথা অৱগত কৰাৰ পৰা বিৰত থাকে। চৰকাৰ কৰ্প’ৰেট প্ৰেম আৰু পুঁজিপতিৰ প্ৰতি দায়বদ্ধতাৰ কথা পুনৰ প্ৰকট কৰি তুলি এই পৰিসংখ্যাই।

এই তথ্যক লৈ কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্বৰাজ ইণ্ডিয়াৰ নেতা তথা সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ। কেন্দ্ৰক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয়, ‘কৃষক নে পুঁজিপতি? আজি চৰকাৰে লোকসভাত প্ৰকাশ কৰিছে যে, এই বৰ্ষৰ প্ৰথম ছমাহতে কৰ্প’ৰেট প্ৰতিষ্ঠানৰ ৪৬,৩৮২কোটি টকাৰ ঋণ ৰেহাই দিছে। প্ৰায় সিমানখিনি টকাই– কৃষকক এমএছপি দিবলৈ বছৰি খৰচ হ’ব। কিন্তু তাৰ বাবে চৰকাৰৰ বাজেটত ধন নাই। আমি দুজন, আমাৰ দুজনৰ মাজত তৃতীয়জনৰ কাম কি?’ আমি দুজন আমাৰ দুজন বুলি কৈ তেওঁ মোদী-শ্বাহ যুটীৰ প্ৰিয়পাত্ৰ আম্বাদী-আদানীৰ প্ৰতি ইংগিত কৰে।

কেৱল পুঁজিপতিৰ স্বাৰ্থৰ বাবে কাম কৰি অহাৰ অভিযোগ উঠা কেন্দ্ৰীয় চৰকাৰৰ বহু পদক্ষেপে সাধাৰণ জনতাৰ বাবে শ্বাসৰুদ্ধ কৰাৰ উপক্ৰম ঘটাইছে। কৃষকৰ তুমুল বিৰোধক উপেক্ষা কৰি চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন গৃহীত কৰাটোও যে, পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ প্ৰচেষ্টাই আছিল সেয়া স্পষ্ট হৈ পৰিছে। এতিয়া দেশজোৰা ডেৰবছৰীয়া কৃষক বিদ্ৰোহৰ ওচৰত সেও মানি চৰকাৰে এই আইন বাতিল কৰিবলৈ বাধ্য হ’ল যদিও এমএছপিৰ দৰে বিষয় লৈ এতিয়াও ৰাজপথতে বহি থাকিবলগীয়া হৈছে দেশৰ অন্নদাতা। বছৰি হাজাৰ হাজাৰ কৃষকে ঋণগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ দেশ সাক্ষী হৈ অহাৰ সময়তে পুঁজিপতিক হাজাৰ হাজাৰো কোটিৰ ঋণ ৰেহাই দিয়াৰ দৰে পদক্ষেপেৰে চৰকাৰে তেওঁলোকৰ স্বৰূপ পুনৰ যেন উদঙাই দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement