--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ পুঁজিপতিৰ প্ৰতি দৰদ আৰু কৃষক-শ্ৰমিকৰ প্ৰতি বৈষম্যৰ অভিযোগ নতুন কথা নহয়। পুঁজিপতিক হাজাৰ হাজাৰ কোটি ঋণ ৰেহাই দিছে নৰেন্দ্ৰ মোদী চৰকাৰে। সংসদৰ শীতকালীন অধিৱেশনত এই তথ্য দাঙি ধৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। যি সময়ত দেশৰ কৃষকে ন্যুনতম সমৰ্থম দাম বা এমএছপিৰ দাবীৰে ৰাজপথত নামিছে সেই সময়তে চৰকাৰে পুঁজিপতিক ৰেহাই দিছে ৪৬,৩৮২কোটি টকা। কৃষকক এমএছপি দিবলৈ পুঁজিৰ অভাৱ হোৱা চৰকাৰৰ এই দ্বিচাৰিতাই এতিয়া চৰকাৰখন যে, সাধাৰণ ৰাইজৰ নহয় বৰং পুঁজিপতিৰহে এইকথা পুনৰ প্ৰমাণ হৈছে। সাংসদ সুশীল কুমাৰ সিঙে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত ঋণমাফ সম্পৰ্কীয় প্ৰশ্ন কৰিছিল চৰকাৰক। তাৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে সদৰি কৰে যে, এই বছৰৰ প্ৰথম ছমাহতে পুঁজিপতিক ৪৬,৩৮২কোটিৰ ঋণ ৰেহাই দিছে চৰকাৰে।


সুশীল কুমাৰ সিঙে প্ৰশ্ন কৰিছিল যে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ন মাহত ১.৫ লাখ কোটি টকা ঋণ ৰেহাই দিয়া (write off ) কৰা বুলি যি তথ্য প্ৰকাশ হৈছে সেই তথ্যৰ সত্যতা কি? ইমানখিনি ঋণ ৰেহাই দিয়া হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰ লিখিত ৰূপত দি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ডঃ ভাগৱত কৰাড়ে সদৰি কৰে যে, ‘আৰবিআইৰ তথ্য অনুসৰি অনুসূচিত বাণিজ্যিক বেংকসমূহে চলিত বিত্তীয় বৰ্ষ ২০২১-২২ৰ প্ৰথম ছমাহত ৪৬,৩৮২কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে। সাংসদ সিঙে কোন কোন কোম্পানীক এই বৃহৎ পৰিমাণৰ ঋণ ৰেহাই দিয়া হৈছে, সেইকথা জানিব বিচৰাত কেন্দ্ৰই নিয়মৰ দোহাই দি সেই কথা অৱগত কৰাৰ পৰা বিৰত থাকে। চৰকাৰ কৰ্প’ৰেট প্ৰেম আৰু পুঁজিপতিৰ প্ৰতি দায়বদ্ধতাৰ কথা পুনৰ প্ৰকট কৰি তুলি এই পৰিসংখ্যাই।

এই তথ্যক লৈ কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্বৰাজ ইণ্ডিয়াৰ নেতা তথা সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ। কেন্দ্ৰক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয়, ‘কৃষক নে পুঁজিপতি? আজি চৰকাৰে লোকসভাত প্ৰকাশ কৰিছে যে, এই বৰ্ষৰ প্ৰথম ছমাহতে কৰ্প’ৰেট প্ৰতিষ্ঠানৰ ৪৬,৩৮২কোটি টকাৰ ঋণ ৰেহাই দিছে। প্ৰায় সিমানখিনি টকাই– কৃষকক এমএছপি দিবলৈ বছৰি খৰচ হ’ব। কিন্তু তাৰ বাবে চৰকাৰৰ বাজেটত ধন নাই। আমি দুজন, আমাৰ দুজনৰ মাজত তৃতীয়জনৰ কাম কি?’ আমি দুজন আমাৰ দুজন বুলি কৈ তেওঁ মোদী-শ্বাহ যুটীৰ প্ৰিয়পাত্ৰ আম্বাদী-আদানীৰ প্ৰতি ইংগিত কৰে।

কেৱল পুঁজিপতিৰ স্বাৰ্থৰ বাবে কাম কৰি অহাৰ অভিযোগ উঠা কেন্দ্ৰীয় চৰকাৰৰ বহু পদক্ষেপে সাধাৰণ জনতাৰ বাবে শ্বাসৰুদ্ধ কৰাৰ উপক্ৰম ঘটাইছে। কৃষকৰ তুমুল বিৰোধক উপেক্ষা কৰি চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন গৃহীত কৰাটোও যে, পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ প্ৰচেষ্টাই আছিল সেয়া স্পষ্ট হৈ পৰিছে। এতিয়া দেশজোৰা ডেৰবছৰীয়া কৃষক বিদ্ৰোহৰ ওচৰত সেও মানি চৰকাৰে এই আইন বাতিল কৰিবলৈ বাধ্য হ’ল যদিও এমএছপিৰ দৰে বিষয় লৈ এতিয়াও ৰাজপথতে বহি থাকিবলগীয়া হৈছে দেশৰ অন্নদাতা। বছৰি হাজাৰ হাজাৰ কৃষকে ঋণগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ দেশ সাক্ষী হৈ অহাৰ সময়তে পুঁজিপতিক হাজাৰ হাজাৰো কোটিৰ ঋণ ৰেহাই দিয়াৰ দৰে পদক্ষেপেৰে চৰকাৰে তেওঁলোকৰ স্বৰূপ পুনৰ যেন উদঙাই দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা