--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেদৰ হ'ব বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ স্বৰূপ অৰুণাচলৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ হ'ব অভিনেতাগৰাকী। উল্লেখ্য যে অৰুণাচলৰ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে, যাতে ৰাজ্যখনৰ বিষয়ে দেশ-বিদেশৰ লোক জ্ঞাত হয়। ইয়াৰ পূৰ্বে জন আব্ৰাহাম, চলমান খান আছিল অৰুণাচলৰ ব্ৰেণ্ড এম্বেচেদৰ।

১৯৭২ চনৰ আগলৈকে অৰুণাচল প্ৰদেশৰ নাম আছিল নেফা। ১৯৭২ চনত নেফা নাম সলনি কৰি ৰাজ্যখনৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত অৰুণাচলৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।সোমবাৰে ৰাজ্যখনৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকে বলীউডৰ অভিনেতা সঞ্জয় দত্ত।

মেচুকালৈ যোৱাৰ পথত বিশেষ বিমানযোগে অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈছিল অভিনেতাগৰাকী। ডিব্ৰুগড় বিমানবন্দৰত অভিনেতা সঞ্জয় দত্তক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচলৰ আবাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাই। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰি মেচুকাত দুদিন কটাব অভিনেতা গৰাকীয়ে। জনপ্ৰিয় অভিনেতাগৰাকীৰ আগমনত উৎফুল্লিত হৈ পৰিছে অৰুণাচল প্ৰদেশবাসী।

আৰু পঢ়কঃ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কালা গুণ্ডাক গ্ৰেপ্তাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ