--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেদৰ হ'ব বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ স্বৰূপ অৰুণাচলৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ হ'ব অভিনেতাগৰাকী। উল্লেখ্য যে অৰুণাচলৰ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে, যাতে ৰাজ্যখনৰ বিষয়ে দেশ-বিদেশৰ লোক জ্ঞাত হয়। ইয়াৰ পূৰ্বে জন আব্ৰাহাম, চলমান খান আছিল অৰুণাচলৰ ব্ৰেণ্ড এম্বেচেদৰ।

১৯৭২ চনৰ আগলৈকে অৰুণাচল প্ৰদেশৰ নাম আছিল নেফা। ১৯৭২ চনত নেফা নাম সলনি কৰি ৰাজ্যখনৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত অৰুণাচলৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।সোমবাৰে ৰাজ্যখনৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকে বলীউডৰ অভিনেতা সঞ্জয় দত্ত।

মেচুকালৈ যোৱাৰ পথত বিশেষ বিমানযোগে অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈছিল অভিনেতাগৰাকী। ডিব্ৰুগড় বিমানবন্দৰত অভিনেতা সঞ্জয় দত্তক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচলৰ আবাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাই। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰি মেচুকাত দুদিন কটাব অভিনেতা গৰাকীয়ে। জনপ্ৰিয় অভিনেতাগৰাকীৰ আগমনত উৎফুল্লিত হৈ পৰিছে অৰুণাচল প্ৰদেশবাসী।

আৰু পঢ়কঃ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কালা গুণ্ডাক গ্ৰেপ্তাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত