--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পিতৃ-মাতৃক অপমান কৰাটোকো সহজে লোৱা হ’ব, কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে এটা শব্দও গ্ৰহণ কৰা নহ’ব। এইদৰে এক চাঞ্চল্যকৰ বক্তব্যৰে চৰ্চালৈ আহিছে মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰী চন্দ্ৰকান্ত পাটিল।

পুনেৰ এটা অনুষ্ঠানত অংশ লৈ পাটিলে কয় যে মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ লোকসকলে নিজৰ পিতৃ-মাতৃক অপমান কৰাটোও গ্ৰহণ কৰে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এটা শব্দও সহ্য নকৰে।

পাটিলৰ এই বক্তব্যৰ পাছতে বিৰোধী দলসমূহে তেওঁক তীব্ৰভাৱে সমালোচনা কৰিছে। বিৰোধী দলসমূহে কয় যে পাটিলে নিজৰ নেতাক প্ৰশংসা কৰিছে, সেইটো ঠিকে আছে। কিন্তু নিজৰ বিতৰ্কিত বক্তব্যৰে সমগ্ৰ কোলহাপুৰ আৰু মহাৰাষ্ট্ৰক অপমান কৰিছে। বিৰোধী দল এনচিপিয়ে কয় যে নিজৰ পিতৃ-মাতৃক অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে।

পাটিলৰ মন্তব্যক শিৱ সেনাইও সমালোচনা কৰিছে। দলটোৱে কয় যে পাটিলৰ মন্তব্যটোৱে বিজেপিৰ চৰিত্ৰ উদঙাই তুলিছে। নিজৰ পিতৃ-মাতৃক অপমান কৰাটোৱে বিজেপিৰ হিন্দুত্ব বুলি শিৱসেনাই কটাক্ষ কৰে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পাটিলে বিভিন্ন সময়ত আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে। কিছুদিন পূৰ্বে এনচিপি সাংসদ সুপ্ৰীয়া চুলেৰ ওপৰত নাৰীবিদ্বেষী মন্তব্য কৰিছিল। কৈছিল যে চুলেই ঘৰৰ ভিতৰত খাদ্য ৰান্ধি আৱ্দ্ধ হৈ থকা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু