--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পিতৃ-মাতৃক অপমান কৰাটোকো সহজে লোৱা হ’ব, কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে এটা শব্দও গ্ৰহণ কৰা নহ’ব। এইদৰে এক চাঞ্চল্যকৰ বক্তব্যৰে চৰ্চালৈ আহিছে মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰী চন্দ্ৰকান্ত পাটিল।

পুনেৰ এটা অনুষ্ঠানত অংশ লৈ পাটিলে কয় যে মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ লোকসকলে নিজৰ পিতৃ-মাতৃক অপমান কৰাটোও গ্ৰহণ কৰে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এটা শব্দও সহ্য নকৰে।

পাটিলৰ এই বক্তব্যৰ পাছতে বিৰোধী দলসমূহে তেওঁক তীব্ৰভাৱে সমালোচনা কৰিছে। বিৰোধী দলসমূহে কয় যে পাটিলে নিজৰ নেতাক প্ৰশংসা কৰিছে, সেইটো ঠিকে আছে। কিন্তু নিজৰ বিতৰ্কিত বক্তব্যৰে সমগ্ৰ কোলহাপুৰ আৰু মহাৰাষ্ট্ৰক অপমান কৰিছে। বিৰোধী দল এনচিপিয়ে কয় যে নিজৰ পিতৃ-মাতৃক অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে।

পাটিলৰ মন্তব্যক শিৱ সেনাইও সমালোচনা কৰিছে। দলটোৱে কয় যে পাটিলৰ মন্তব্যটোৱে বিজেপিৰ চৰিত্ৰ উদঙাই তুলিছে। নিজৰ পিতৃ-মাতৃক অপমান কৰাটোৱে বিজেপিৰ হিন্দুত্ব বুলি শিৱসেনাই কটাক্ষ কৰে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পাটিলে বিভিন্ন সময়ত আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে। কিছুদিন পূৰ্বে এনচিপি সাংসদ সুপ্ৰীয়া চুলেৰ ওপৰত নাৰীবিদ্বেষী মন্তব্য কৰিছিল। কৈছিল যে চুলেই ঘৰৰ ভিতৰত খাদ্য ৰান্ধি আৱ্দ্ধ হৈ থকা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক