--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যকৃ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। কোৱা হয় যে যদি আপোনাৰ যকৃতৰ ক্ষতি হয় তেন্তে গোটেই শৰীৰ ক্ষতি হ’ব পাৰে। এই কাৰণেই যকৃতক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজন। কিন্তু আজিকালি বহুতে কম বয়সতে লিভাৰৰ লগত জড়িত সমস্যাৰ সন্মুখীন হয়। যকৃতৰ ক্ষতিৰ আঁৰৰ কাৰণ হৈছে-দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। আজি আমি টা এনে খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক।

. যদি আপুনি অতিৰিক্তভাৱে চেনি সেৱন কৰে বা অত্যধিক মিঠা বস্তু খায় তেন্তে এতিয়াই সাৱধান হোৱা উচিত। কাৰণ বেছিকৈ চেনি খোৱাৰ ফলত যকৃতে চেনিক চৰ্বিলৈ ৰূপান্তৰিত কৰিব পাৰে। এই চৰ্বি যকৃতকে ধৰি শৰীৰৰ বিভিন্ন অংশত জমা হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে।

. ছ’ডা আৰু কোলাৰ দৰে পানীয়ৰ পৰাও আঁতৰি থকা উচিত। কাৰণ এইবোৰ সেৱন কৰিলে লিভাৰৰ ক্ষতি হ’ব পাৰে আৰু আন বহুতো শাৰীৰিক সমস্যাও হ’ব পাৰে। কাৰণ এনে পানীয়ত চেনিৰ পৰিমাণ অতি বেছি। ফলত মেদবহুলতা আৰু শৰীৰৰ চৰ্বি বৃদ্ধি কৰিব পাৰে।

. নিমখ বেছিকৈ সেৱন কৰিলেও আপোনাৰ যকৃতৰ ক্ষতি হব পাৰে। অত্যধিক পৰিমাণৰ নিমখ খালে শৰীৰত পানী জমা হৈ থাকে, যিটো আপোনাৰ শৰীৰৰ বাবে অত্যন্ত অপকাৰী। পেকেটিং খাদ্য সামগ্ৰী যেনে-নিমখীয়া বিস্কুট, চিপ, জলপান আদি খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ ইয়াত সংপৃক্ত চৰ্বি আৰু ছডিয়ামৰ পৰিমাণ বেছি। এইবোৰৰ ফলত যকৃত চৰ্বিযুক্ত আৰু মেদবহুলতা হ’ব পাৰে।

 . ৰঙা মাংসেও যকৃতৰ ক্ষতি কৰিব পাৰে। ৰঙা মাংস হজম কৰাটো যকৃতৰ বাবে টান কাম। কাৰণ ৰঙা মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে আৰু ইমান বৃহৎ পৰিমাণৰ প্ৰটিন ভাঙি পেলোৱাটো যকৃতৰ বাবে এক জটিল কাম। ৰঙা মাংস অতিমাত্ৰা সেৱন কৰিলে যকৃতৰ ৰোগ হ’ব পাৰে।

. মদ্যপান কৰিলে যকৃতৰ ৰোগ আৰু যকৃ বিকল হব পাৰে। অত্যধিক মদ্যপান কৰিলে এলকহলিক ফেটি লিভাৰ ডিজিজ (AFLD) হ’ব পাৰে। সুদীৰ্ঘ সময় মদ্যপান কৰিলেও লিভাৰ চিৰ’ছিছ হ’ব পাৰে আৰু লিভাৰ চিৰ’ছিছৰ বাবেও লিভাৰ কেন্সাৰ হ’ব পাৰে।

. বগা আটাৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী যেনে-পিজ্জা, ৰুটি আৰু পাস্তাই আপোনাৰ যকৃতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰি চৰ্বিযুক্ত খাদ্য সামগ্ৰীও আপোনাৰ যকৃতৰ বাবে সমস্যা হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন