--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যকৃ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। কোৱা হয় যে যদি আপোনাৰ যকৃতৰ ক্ষতি হয় তেন্তে গোটেই শৰীৰ ক্ষতি হ’ব পাৰে। এই কাৰণেই যকৃতক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজন। কিন্তু আজিকালি বহুতে কম বয়সতে লিভাৰৰ লগত জড়িত সমস্যাৰ সন্মুখীন হয়। যকৃতৰ ক্ষতিৰ আঁৰৰ কাৰণ হৈছে-দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। আজি আমি টা এনে খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক।

. যদি আপুনি অতিৰিক্তভাৱে চেনি সেৱন কৰে বা অত্যধিক মিঠা বস্তু খায় তেন্তে এতিয়াই সাৱধান হোৱা উচিত। কাৰণ বেছিকৈ চেনি খোৱাৰ ফলত যকৃতে চেনিক চৰ্বিলৈ ৰূপান্তৰিত কৰিব পাৰে। এই চৰ্বি যকৃতকে ধৰি শৰীৰৰ বিভিন্ন অংশত জমা হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে।

. ছ’ডা আৰু কোলাৰ দৰে পানীয়ৰ পৰাও আঁতৰি থকা উচিত। কাৰণ এইবোৰ সেৱন কৰিলে লিভাৰৰ ক্ষতি হ’ব পাৰে আৰু আন বহুতো শাৰীৰিক সমস্যাও হ’ব পাৰে। কাৰণ এনে পানীয়ত চেনিৰ পৰিমাণ অতি বেছি। ফলত মেদবহুলতা আৰু শৰীৰৰ চৰ্বি বৃদ্ধি কৰিব পাৰে।

. নিমখ বেছিকৈ সেৱন কৰিলেও আপোনাৰ যকৃতৰ ক্ষতি হব পাৰে। অত্যধিক পৰিমাণৰ নিমখ খালে শৰীৰত পানী জমা হৈ থাকে, যিটো আপোনাৰ শৰীৰৰ বাবে অত্যন্ত অপকাৰী। পেকেটিং খাদ্য সামগ্ৰী যেনে-নিমখীয়া বিস্কুট, চিপ, জলপান আদি খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ ইয়াত সংপৃক্ত চৰ্বি আৰু ছডিয়ামৰ পৰিমাণ বেছি। এইবোৰৰ ফলত যকৃত চৰ্বিযুক্ত আৰু মেদবহুলতা হ’ব পাৰে।

 . ৰঙা মাংসেও যকৃতৰ ক্ষতি কৰিব পাৰে। ৰঙা মাংস হজম কৰাটো যকৃতৰ বাবে টান কাম। কাৰণ ৰঙা মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে আৰু ইমান বৃহৎ পৰিমাণৰ প্ৰটিন ভাঙি পেলোৱাটো যকৃতৰ বাবে এক জটিল কাম। ৰঙা মাংস অতিমাত্ৰা সেৱন কৰিলে যকৃতৰ ৰোগ হ’ব পাৰে।

. মদ্যপান কৰিলে যকৃতৰ ৰোগ আৰু যকৃ বিকল হব পাৰে। অত্যধিক মদ্যপান কৰিলে এলকহলিক ফেটি লিভাৰ ডিজিজ (AFLD) হ’ব পাৰে। সুদীৰ্ঘ সময় মদ্যপান কৰিলেও লিভাৰ চিৰ’ছিছ হ’ব পাৰে আৰু লিভাৰ চিৰ’ছিছৰ বাবেও লিভাৰ কেন্সাৰ হ’ব পাৰে।

. বগা আটাৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী যেনে-পিজ্জা, ৰুটি আৰু পাস্তাই আপোনাৰ যকৃতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰি চৰ্বিযুক্ত খাদ্য সামগ্ৰীও আপোনাৰ যকৃতৰ বাবে সমস্যা হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement