--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইৰাণত হিজাব সন্দৰ্ভত বিক্ষোভ চলি আছে। পুৰুষতন্ত্ৰৰ বিৰুদ্ধে ইৰাণী মহিলাৰ বিভিন্ন প্ৰতিবাদৰ মাজতে চৰ্চালৈ আহিছে আন এক ঘটনা। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে এক প্ৰস্তাৱিত সাক্ষাৎকাৰ বাতিল কৰিছে। ইয়াৰ কাৰণো বৰ আচহুৱা। আচলতে সাক্ষাৎকাৰৰ পূৰ্বে তেওঁ এংকৰ এগৰাকীক দাবী কৰিছিল যে তেওঁ হিজাব পিন্ধিব লাগে।

হয় শেহতীয়াকৈ ইৰাণত হিজাবক লৈ চলিছে যুদ্ধ। ইৰাণত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে, আন‌ এক  চাঞ্চল্যকৰ খবৰ আহিছে যিটো ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সৈতে জড়িত। আচলতে ইৰাণৰ ৰাষ্ট্ৰপতি বৰ্তমান ইউএনজিএত যোগদান কৰিবলৈ আহি আমেৰিকাত আছেহি। ইয়াৰ সময়ত তেওঁ জ্যেষ্ঠ সাংবাদিক ক্ৰীষ্টিন আমানপুৰৰ সৈতে সাক্ষাৎকাৰৰ প্ৰস্তাৱ দিছিল। কিন্তু তাৰ আগতে তেওঁ এটা অদ্ভুত চৰ্ত দিলে। তেওঁ চৰ্ত দিছিল যে যেতিয়া অমানপুৰে হিজাব পিন্ধিব তেতিয়াহে তেওঁ ইন্টাৰভিউ দিব।

অমনপুৰে তেওঁৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰে, তাৰ পাছত তেওঁৰ সাক্ষাৎকাৰ বাতিল কৰা হয়। এই বিষয়ত এতিয়া এংকৰ ক্ৰীষ্টিনে ইটোৰ পিছত সিটোকৈ কেইবাটাও টুইট কৰিছে। ৰাইছিৰ পক্ষৰ পৰা এই দাবী এনে সময়তে আহিছে যেতিয়া তেওঁ ইৰাণত নহয় বিদেশত আছিল, য'ত হিজাবৰ সৈতে জড়িত কোনো বাধা নাই। ইৰাণত হিজাব সন্দৰ্ভত বিক্ষোভ চলি আছে। প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা দেখা গৈছে, য’ত এতিয়ালৈকে ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

চিএনএনৰ এংকৰ ক্রিষ্টিয়ান আমানপুৰ, আমেৰিকাৰ টিভি চেনেল পিবিএছতো তেওঁৰ এটা অনুষ্ঠানটো কাম কৰে। তেওঁ কয়, ‘বুধবাৰে সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে এজন সহকৰ্মীয়ে জোৰ দি মোক চুলি ঢাকিবলৈ ক’লে। মই ভদ্ৰভাৱে অস্বীকাৰ কৰিলোঁ, ক’লোঁ যে আমি নিউয়ৰ্কত আছো, য’ত হিজাব পিন্ধাটো কোনো নিয়ম বা প্ৰথা নহয়। তেওঁ টুইট কৰি কয়, ‘ইৰাণত হিজাবৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে। মাহছা আমিনীৰ মৃত্যুৰ পিছত ৰাজপথত হিজাব জ্বলাইছে তাত থকা মহিলা সকলে। এই সন্দৰ্ভতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সাক্ষাৎকাৰ ল’ব বিচাৰিছিলো।'

অমনপুৰে আৰু লিখিছে, ‘আমেৰিকাৰ মাটিত ৰাইছিৰ এইটো আছিল প্ৰথম সাক্ষাৎকাৰ। কেইবা সপ্তাহ ধৰি পৰিকল্পনা কৰাৰ পাছত সকলো সাজু কৰিবলৈ আঠ ঘণ্টা সময় লাগিল। লাইট, কেমেৰা আৰু অনুবাদক সাজু আছিল যদিও সাক্ষাৎকাৰৰ আগত মোৰ এজন সহকৰ্মী আহি ক’লে যে ৰাষ্ট্ৰপতিয়ে মূৰ ঢাকিবলৈ কৈছে কাৰণ এয়া মহৰম মাহ। কিন্তু এইয়া মই স্পষ্টভাৱে অস্বীকাৰ কৰিলোঁ আৰু লগতে ক’লোঁ যে আজিৰ আগতে ইৰাণৰ কোনো ৰাষ্ট্ৰপতিয়ে এনে দাবী কৰা নাছিল। মোৰ সহকৰ্মীয়ে মোক কৈছিল যে যদি হিজাব পিন্ধা নহয় তেন্তে সাক্ষাৎকাৰটো নহ’ব। শেষত সাক্ষাৎকাৰটো নহ’ল।'








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ