--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰৰ ২২ জানুৱাৰীত অযোধ্যাত মুকলি হ’ব ৰাম মন্দিৰ। এনে সময়তে  অযোধ্যাৰ মছজিদকলৈয়ো  আলোচনা আৰম্ভ হৈছে।  মছজিদৰ নিৰ্মাণ এতিয়াও আৰম্ভ হোৱা নাই। কিন্তু যেতিয়া  এই মছজিদ সম্পূৰ্ণ হৈ উঠিব তেতিয়া সেয়া  তাজমহলতকৈও আটক ধুনীয়া হৈ পৰিব। অযোধ্যাৰ মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলৰ  সৌন্দৰ্যকো ম্লান কৰিব। এই দাবী কৰিছে বিজেপি নেতা তথা  মছজিদ উন্নয়ন সমিতিৰ অধ্যক্ষ মহম্মদ বিন আব্দুল্লাই।


২০১৯ চনত উচ্চতম ন্যায়ালয়ে  মুছলমান পক্ষক  পাঁচ একৰ ভূমি আৱণ্টন কৰিবলৈ নিৰ্দেশ দিছিল। মাটিখিনি অযোধ্যা জিলাৰ ধনীপুৰত পোৱা গৈছিল। কিন্তু ৰাম মন্দিৰ নিৰ্মাণ হ’লেও মছজিদ এতিয়াও নিৰ্মাণ হোৱা নাই।  মছজিদৰ নিৰ্মাণ কেতিয়া আৰম্ভ হ'ব? জানিব পৰা মতে অহা বছৰৰ মে’ মাহত মছজিদৰ কাম আৰম্ভ হ'ব পাৰে। কিন্তু নিৰ্মাণ শেষ হ'বলৈ কেইবা বছৰো লাগিব। 
এই বিলম্ব কিয়? দৰাচলতে, মছজিদৰ  এক বিশাল ডিজাইনত প্ৰস্তুত কৰা  হ'ব। ভাৰতৰ অন্যান্য মছজিদৰ দৰে নতুন মছজিদতো মিনাৰ আৰু গম্বুজ থাকিব। ইয়াৰ উজ্জ্বলতা এনেকুৱা হ'ব যে ই তাজমহলৰ সৌন্দৰ্যও ম্লান কৰি তুলিব। মছজিদৰ ভিতৰত এটা পুথিভঁৰালো  থাকিব বুলি বিভিন্ন পক্ষই  দাবী কৰিছে । এখন চিকিৎসালয় আৰু এটা পাকঘৰো নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে।

 নতুন বছৰৰ আৰম্ভণিতে মছজিদৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে।   অযোধ্যাত বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা বছৰৰ  ২২ জানুৱাৰীত ৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। ইফালে অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি শ্বাহবুদ্দিন ৰাজভি বাৰেলভিয়ে কৈছে  যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলাল্লাৰ অভিষেকৰ লগতে প্ৰস্তাৱিত ভূমিত এটা নতুন মছজিদ নিৰ্মাণৰ ভেটিও স্থাপন কৰিব লাগে। 

উল্লেখ্য  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অযোধ্যাৰ  আন এটা ঠাইত মছজিদ নিৰ্মাণৰ বাবে পাঁচ একৰ ভূমি দিয়া হৈছে৷ কিন্তু সেই ভূমিত  মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। মৌলানা শ্বাহবুদ্দিন ৰাজৱীয়ে কৈ আহিছে   যে মুছলমানসকলে কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। আমি কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে  মছজিদৰ ভেটি স্থাপন কৰিব বিচাৰো। সেয়েহে ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে সময় উলিয়াই  নতুন  মছজিদ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব লাগে।

মৌলানা ৰাজভি বাৰেলভিয়ে কৈছে  যে উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ সলনি মৌজা ধনীপুৰ জিলাৰ ফৈজাবাদত ৫ একৰ ভূমি প্ৰদান কৰিছিল। কিন্তু মছজিদ নিৰ্মাণৰ বাবে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। আনহাতে, ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত ইয়াক উদ্বোধন কৰিব৷

মৌলানাগৰাকীয়ে কৈছে  যে মুছলমানসকলে চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাইছে। এই ৱাকফ বোৰ্ডক  আৰু বিশ্বাস কৰিব নোৱাৰি। সেয়েহে মছজিদৰ ভেটিৰ আধাৰশিলা স্থাপনৰ  বাবে  কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে  প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিব লাগে বুলিও তেওঁ কয়৷ 

মৌলানাগৰাকীয়ে  কৈছে  যে বহু বছৰ পাৰ হোৱাৰ পাছতো মছজিদ নিৰ্মাণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই, বৰঞ্চ মছজিদৰ নামত দান কৰিবলৈ আবেদন জনাই থকা  হৈছে৷ এনেবোৰ কথাই ভাৰতৰ মুছলমানসকলৰ মনত আঘাত দিয়া বুলিও তেওঁ কিছুদিন পূৰ্বে কৈছিল। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান