--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেটি লিভাৰৰ সমস্যা এতিয়া এক গুৰুতৰ স্বাস্থ্য সমস্যা হিচাবে দেখা দিছে। আমাৰ খাদ্যভাসৰ বাবেই ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। ফেটি লিভাৰ বা  চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে। 

 ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে প্ৰকৃততে শৰীৰৰ বহু ঠাইত চৰ্বি জমা হ'ব পাৰে। শৰীৰৰ আন অংগৰ দৰেই আমাৰ যকৃততো চৰ্বি জমা হ’ব পাৰে। এই ক্ষেত্ৰত, যকৃতত ট্ৰাইগ্লিচাৰাইড বা কলেষ্টেৰল চৰ্বি হিচাপে জমা হয়। 

সেয়েহে, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে সাৱধান হ'ব লাগিব। এই ৰোগৰ মূলতঃ দুটা ভাগ আছে। প্ৰথমটো হ'ল এলকহলৰ বাবে হোৱা চৰ্বিযুক্ত যকৃতৰ ৰোগ। সুৰাপান হৈছে এই ৰোগৰ মুখ্য কাৰণ। আনহাতে, সুৰা গ্ৰহণ নকৰা লোকৰো  চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকা থাকে । এইক্ষেত্ৰত  ৰোগৰ কাৰণ  সম্পূৰ্ণ পৃথক। এনে সুৰাপান নকৰা লোকৰ যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ সুৰা নহয়। তেওঁলোকৰ সমস্যাটো জীৱনশৈলী আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

কেইবিধমান বিশেষ খাদ্যই চৰ্বিযুক্ত যকৃতৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি যকৃত সুস্থ ৰাখিবলৈ সেই খাদ্যসমূহ পৰিহাৰ কৰিব লাগিব। আহক চাওঁ কেনে খাদ্যই যকৃতৰ চৰ্বি বৃদ্ধি কৰিব পাৰে-


১. ঘিউ, মাখন, ডালডা

আমাৰ বিভিন্ন ৰন্ধন প্ৰকৰণত ঘিউ আৰু মাখন ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ খাদ্য যকৃতৰ বাবে  ভাল নহয়। কিয়নো এই খাদ্যত সংপৃক্ত চৰ্বি থাকে।  এই সংপৃক্ত চৰ্বি যকৃতত জমা হ'ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে ঘিউ, মাখন পৰিহাৰ অথবা যিমান পাৰি কমকৈ খাব লাগে৷
 বিশেষকৈ চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগীসকলৰ বাবে এই খাদ্য স্পৰ্শ কৰাটোও পাপ বুলি  ডাঃ পালে কয়।

প্ৰায়ে দেখা যায় যে মানুহে খাদ্যত সোৱাদৰ বাবে ডালডা মিহলি কৰে।  ইয়াৰ ফলতো যকৃতত চৰ্বি জমা হ’ব পাৰে। 
২. শীতল পানীয়

গ্ৰীষ্মৰ দিনত শীতল পানীয় খোৱাটো আমাৰ বহুতৰে অভ্যাস৷।কিন্তু শীতল পানীয় খোৱাটো প্ৰকৃততে শৰীৰৰ বাবে ক্ষতিকাৰক। শীতল পানীয়ত যথেষ্ট পৰিমাণে চেনি থাকে। সেই চেনিয়েই শৰীৰত জমা হয় চৰ্বি হিচাপে। গতিকে ডাঃ পালে শীতল পানীয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

৩. ভজা মিঠাই

বহুতেই মিঠাই খাই ভালপায়। মিঠাইত যথেষ্ট মাত্ৰাত চেনী আছে। যেতিয়া মিঠাইটো পুনৰ ভজা হয়, তেতিয়া ই তেলৰ সংস্পৰ্শলৈ আহে৷ ফলত ভজা মিঠাই যেনে লালমোহন আজিয়ে যকৃতৰ চৰ্বিৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। চমনি আৰু তেল,এই দুয়োটাৰ সংমিশ্ৰণে জটিলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভজা মিঠাইৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল৷

৪. সুৰাপান

ডাঃ পালে কয়, ’মই আগতে কোৱাৰ দৰে, এক প্ৰকাৰৰ চৰ্বিযুক্ত যকৃত আছে যি সুৰাপানৰ বাবে হয়। এই ক্ষেত্ৰত, যদি কোনোৱাই অত্যাধিক সুৰা পান কৰে, শৰীৰত যথেষ্ট কেলৰি প্ৰৱেশ কৰে। তাৰ পিছত এই অতিৰিক্ত কেলৰিবোৰ যকৃতলৈ যায় আৰু সমস্যাৰ সৃষ্টি কৰে। এনে কেলৰি আনকি যকৃতত জমা হ'ব পাৰে। সেয়ে  সুৰাৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰাও ভালে খিনি আঁতৰি থাকিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে৷ মুঠৰ ওপৰত অধিক তেল-মছলাযুক্ত খাদ্য, সুৰা আদিৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰা বহু খিনি দূৰত থাকিব পাৰি। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement