--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুগৰাকী বৃদ্ধ মহিলা, ৯৫ বছৰীয়া জয়লক্ষ্মী চাৰি আৰু ৮২ বছৰীয়া পদ্মিনী ভাটিয়া৷ এই দুগৰাকী বৃদ্ধ মহিলাই জয় কৰিছে কৰ্কট ৰোগ৷ দুয়োগৰাকী আক্ৰান্ত হৈছিল স্তনৰ কৰ্কট ৰোগত৷ কৰ্কটৰ সৈতে যুঁজি যুঁজি অৱশেষত বিজয় সাব্যস্ত কৰে দুয়োগৰাকীয়ে৷ আজি তেওঁলোক বহুতৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণা। আমোদজনকভাৱে তেওঁলোক দুয়োৰে অস্ত্ৰোপচাৰৰ আগতে বা পাছত কোনো কেমোথেৰাপী কৰা হোৱা নাছিল৷ ধনাত্মক চিন্তাৰে 'এটি ইতিবাচক মন' লৈ আৰু কৰ্কট সৈতে যুঁজিবলৈ সংকল্পবদ্ধই আছিল আৰোগ্যৰ একমাত্ৰ চাবিকাঠি। উল্লেখ্য যে, ১৩ ফেব্ৰুৱাৰীত ভটিয়াই ওমানৰ মাস্কটলৈ উভতনি যাত্ৰা কৰিব৷ ভাটিয়াই যোৱা সাত দশক ধৰি টেক্সটাইল ৰিটেইল আউটলেটএখন চলাই আছিল৷ তেওঁৰ স্বামী হৈছে ৮৫ বছৰীয়া পুৰশ্বোতম। অস্ত্ৰোপচাৰ সুকলমে হৈ যোৱাৰ পাছত তেওঁৰ ৬৩ বছৰীয়া পুত্ৰ প্ৰদীপে কয়, 'মোৰ মা বিগত চাৰি বছৰ ধৰি তেওঁৰ বাওঁ ভৰিৰ ভেৰিকোজ শিৰাত ভুগি আছিল। যিহেতু চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল, যিহেতু ই শিৰাৰ আলচাৰলৈ বিকশিত হৈছিল, আমি মাস্কটত চিকিৎসা অব্যাহত ৰাখিব নোৱাৰিলো। বিগত বৰ্ষত ক'ভিড-১৯ৰ বাবে ভ্ৰমণ নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত আমি তেওঁক মুম্বাইলৈ লৈ গৈছিলো।' লগতে তেওঁ কয়, 'আমি পশ্চিম উপনগৰৰ ভাস্কুলাৰ চাৰ্জনৰ পৰামৰ্শ লৈছিলো আৰু ফিটনেছ আৰু অস্ত্ৰোপচাৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ আগতে তেওঁ কেইটামান পৰীক্ষাৰ কৰিবলৈ পৰামৰ্শ দিছিল।' মাস্কটৰ পৰা ভাটিয়াৰ সৈতে অহা তেওঁৰ কন্যা ভাৰতীয়ে অলপ সময়ৰ বাবেও তেওঁক অকলে এৰি দিয়া নাছিল৷ মাতৃৰ চিকিৎসাৰ কথা এনেধৰণে ব্যক্ত কৰে কন্যাগৰাকীয়ে 'তেওঁৰ ইচিজি প্ৰক্ৰিয়াৰ সময়ত টেকনিচিয়ানজনে আমাক মাতৃৰ স্তনৰ বাওঁফালে থকা পিণ্ডটোৰ বিষয়ে অৱগত কৰিছিল আৰু আনকি তেওঁ আমাক কেইমাহমান আগতে পিণ্ডটোৰ কথা অৱগত কৰাইছিল৷ অৱশ্যে সেই সময়ত ইয়াক উপেক্ষা কৰা হৈছিল। প্ৰসংগৰ জৰিয়তে আমি অনকোচাৰ্জন ডাঃ মেঘল সংঘৱীৰ পৰামৰ্শ লৈছিলো, যিয়ে বিভিন্ন পৰীক্ষা কৰিছিল আৰু এই সিদ্ধান্তত উপনীত হৈছিল যে পিণ্ডটো সঁচাকৈয়ে স্তনৰ কৰ্কট ৰোগ আছিল।' জয়লক্ষ্মী চাৰিৰ কৰ্কট ৰোগৰ কাহিনীৰ একেই আছিল৷ জয়লক্ষ্মী চাৰিৰ কন্যা ৭৬ বছৰীয়া কল্পনা বাসুদেৱনে নিজৰ মাতৃৰ আৰোগ্যৰ বাবে যথেষ্ট কষ্ট কৰিছিল৷ তেওঁ কৈছিল, 'বহুতো শুভাকাংক্ষীয়ে অস্ত্ৰোপচাৰ নকৰিবলৈ পৰামৰ্শ দিছিল কিন্তু মই মোৰ মাক বিষত থকাটো বিচৰা নাছিলো। সেয়েহে আমি তেওঁৰ বৰ্ধিত বয়সৰ পাছতো অস্ত্ৰোপচাৰৰ বাবে সন্মতি দিছিলো। ' বাসুদেৱনে পুৰণি স্মৃতি স্মৰণ কৰি কয়, 'এয়া ২০১৫ চনত আছিল, ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ পিছত মোৰ মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তেতিয়া তেওঁৰ বয়স আছিল ৮৯ বছৰ। চিকিৎসালয়ত ডিচাৰ্জ হোৱাৰ আগতে চিকিৎসকে স্কেন কৰিবলৈ পৰামৰ্শ দিছিল। প্ৰতিবেদনখনে দেখুৱাইছিল যে তেওঁৰ স্তনৰ সোঁফালে এটা পিণ্ড দেখা গৈছিল, তাৰ পাছত অধিক পৰীক্ষা কৰাৰ পাছত কৰ্কট ৰোগ বুলি নিশ্চিত কৰা হৈছিল।' 'সেই বছৰতেই, মই মোৰ স্বামীক কৰ্কট ৰোগত হেৰুৱাইছিলো আৰু মোৰ মাকো একেধৰণৰ ৰোগ হোৱাত মই আৱেগিক হৈ পৰিছিলো আৰু বৰ্ধিত বয়সৰ বাবে শল্য চিকিৎসকসকলে স্থানীয় এনাস্থেচিয়া প্ৰদান কৰি অস্ত্ৰোপচাৰ কৰিছিল আৰু মোৰ মায়ে কোনো জটিলতা অবিহনে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াৰ মাজেৰে কৰ্কট ৰোগ জয় কৰিছিল,' বুলি বাসুদেৱনে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে