--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বোৱাৰীক শাহু-শহুৰে যথেষ্ট মৰম কৰিছিল। বোৱাৰীক নিজৰ জীয়েকৰ দৰে ভাবিছিল শাহু আৰু শহুৰে। দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ পুত্ৰৰ অকালতে মৃত্যু হয়। পুত্ৰৰ মৃত্যুৰ পাছতো বোৱাৰীক মৰমেৰে আৱৰি ৰাখিছিল তেওঁলোকে। অৱশেষত ধুমধামেৰে বোৱাৰীৰ পুনৰ বিয়া পাতি দি আনন্দেৰে এখন নতুন ঘৰলৈ বিদায় দিছিল শাহু আৰু শহুৰে। এই ঘটনা মধ্য প্ৰদেশৰ এটা পৰিয়ালৰ। শাহু সৰলা জৈন আৰু শহুৰ ঋষভ জৈনে বিধৱা বোৱাৰী সোনমৰ পুনৰ বিয়া পাতি দি সমাজত আদৰ্শ স্থাপন কৰিছে। সোনমে আঠ বছৰ পূৰ্বে তেওঁলোকৰ পুত্ৰ মোহিত জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ তিনি বছৰ সোনম আৰু মোহিতৰ সংসাৰখনত সকলোবোৰ নিখুঁতভাৱে আৰু সুন্দৰকৈ চলি আছিল। কিন্তু পাছত মোহিত এক মাৰাত্মক ৰোগত আক্ৰান্ত হয়, যাৰফলত সেই সুখৰ সংসাৰখনত লাহে লাহে দুখৰ কলীয়া ডাৱৰে আৱৰি ধৰিলে। সোনমে ৰোগাক্ৰান্ত স্বামীৰ বহুত পৰিচৰ্যা আৰু শুশ্ৰূষা কৰিছিল। সোনমৰ আপ্ৰাণ শুশ্ৰূষাৰ পাছতো কাল নিয়তিয়ে অকালতে কাঢ়ি লৈ গ'ল মোহিত জৈনক। স্বামীক হেৰুৱাই দুখত ভাগি পৰিছিল সোনম। সোনমৰ জীৱনটো পুনৰ ৰঙীন কৰাৰ দায়িত্ব ল'লে শাহু আৰু শহুৰে। নিজ কন্যাৰ দৰে ভবা সোনমৰ এই দুখ তেওঁলোকে সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে ভাবিছিল ''সোনমৰ গোটেই জীৱন পৰি আছে..সদায় আমি লগত নাথাকো, বাকীচোৱা জীৱন তাই অকলশৰে কেনেকৈ কটাব?'' ইয়াৰ পাছতেই তেওঁলোকে এজন সুযোগ্য পাত্ৰৰ হাতত বোৱাৰী সোনমক গোটেই জীৱনৰ বাবে গটাই দিয়াৰ কথা ভাবে। অৱশেষত সৌৰভ নামৰ এজন লোকৰ সৈতে সোনমক ধুমধামেৰে বিয়া পাতি দিয়ে শাহু সৰলা জৈন আৰু শহুৰ ঋষভ জৈনে। বিয়াখন মোহিতৰ মোমায়েকৰ ঘৰত অৰ্থাৎ সৰলা জৈনৰ মাতৃগৃহত সম্পন্ন হৈছিল। এই বিয়াৰ সকলো ৰীতি-নীতি সোনমৰ শাহু-শহুৰে পিতৃ-মাতৃ হিচাপে পালন কৰিছিল। তেওঁলোকৰ বোৱাৰীক নিজৰ জীয়েকৰ দৰে বিয়া দিছিল। বিয়াখনৰ সন্দৰ্ভত সৰলা জৈনে কয় যে ''বোৱাৰীক এজন উপযুক্ত জীৱনসংগীৰ হাতত অৰ্পণ কৰিব পাৰি আজি আমি বহুত সুখী...তেওঁলোক বহুত সুখত থাকক, পিতৃ-মাতৃ হিচাপে আমি কেৱল ইয়াকে কামনা কৰোঁ।'' আৰু পঢ়কঃ কুকুৰে খোৱা বিস্কুট আমাক খাবলৈ দিছিল! ৰাহুল গান্ধীক পুনৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক