--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বোৱাৰীক শাহু-শহুৰে যথেষ্ট মৰম কৰিছিল। বোৱাৰীক নিজৰ জীয়েকৰ দৰে ভাবিছিল শাহু আৰু শহুৰে। দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ পুত্ৰৰ অকালতে মৃত্যু হয়। পুত্ৰৰ মৃত্যুৰ পাছতো বোৱাৰীক মৰমেৰে আৱৰি ৰাখিছিল তেওঁলোকে। অৱশেষত ধুমধামেৰে বোৱাৰীৰ পুনৰ বিয়া পাতি দি আনন্দেৰে এখন নতুন ঘৰলৈ বিদায় দিছিল শাহু আৰু শহুৰে। এই ঘটনা মধ্য প্ৰদেশৰ এটা পৰিয়ালৰ। শাহু সৰলা জৈন আৰু শহুৰ ঋষভ জৈনে বিধৱা বোৱাৰী সোনমৰ পুনৰ বিয়া পাতি দি সমাজত আদৰ্শ স্থাপন কৰিছে। সোনমে আঠ বছৰ পূৰ্বে তেওঁলোকৰ পুত্ৰ মোহিত জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ তিনি বছৰ সোনম আৰু মোহিতৰ সংসাৰখনত সকলোবোৰ নিখুঁতভাৱে আৰু সুন্দৰকৈ চলি আছিল। কিন্তু পাছত মোহিত এক মাৰাত্মক ৰোগত আক্ৰান্ত হয়, যাৰফলত সেই সুখৰ সংসাৰখনত লাহে লাহে দুখৰ কলীয়া ডাৱৰে আৱৰি ধৰিলে। সোনমে ৰোগাক্ৰান্ত স্বামীৰ বহুত পৰিচৰ্যা আৰু শুশ্ৰূষা কৰিছিল। সোনমৰ আপ্ৰাণ শুশ্ৰূষাৰ পাছতো কাল নিয়তিয়ে অকালতে কাঢ়ি লৈ গ'ল মোহিত জৈনক। স্বামীক হেৰুৱাই দুখত ভাগি পৰিছিল সোনম। সোনমৰ জীৱনটো পুনৰ ৰঙীন কৰাৰ দায়িত্ব ল'লে শাহু আৰু শহুৰে। নিজ কন্যাৰ দৰে ভবা সোনমৰ এই দুখ তেওঁলোকে সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে ভাবিছিল ''সোনমৰ গোটেই জীৱন পৰি আছে..সদায় আমি লগত নাথাকো, বাকীচোৱা জীৱন তাই অকলশৰে কেনেকৈ কটাব?'' ইয়াৰ পাছতেই তেওঁলোকে এজন সুযোগ্য পাত্ৰৰ হাতত বোৱাৰী সোনমক গোটেই জীৱনৰ বাবে গটাই দিয়াৰ কথা ভাবে। অৱশেষত সৌৰভ নামৰ এজন লোকৰ সৈতে সোনমক ধুমধামেৰে বিয়া পাতি দিয়ে শাহু সৰলা জৈন আৰু শহুৰ ঋষভ জৈনে। বিয়াখন মোহিতৰ মোমায়েকৰ ঘৰত অৰ্থাৎ সৰলা জৈনৰ মাতৃগৃহত সম্পন্ন হৈছিল। এই বিয়াৰ সকলো ৰীতি-নীতি সোনমৰ শাহু-শহুৰে পিতৃ-মাতৃ হিচাপে পালন কৰিছিল। তেওঁলোকৰ বোৱাৰীক নিজৰ জীয়েকৰ দৰে বিয়া দিছিল। বিয়াখনৰ সন্দৰ্ভত সৰলা জৈনে কয় যে ''বোৱাৰীক এজন উপযুক্ত জীৱনসংগীৰ হাতত অৰ্পণ কৰিব পাৰি আজি আমি বহুত সুখী...তেওঁলোক বহুত সুখত থাকক, পিতৃ-মাতৃ হিচাপে আমি কেৱল ইয়াকে কামনা কৰোঁ।'' আৰু পঢ়কঃ কুকুৰে খোৱা বিস্কুট আমাক খাবলৈ দিছিল! ৰাহুল গান্ধীক পুনৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম