--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কোনেও নাজানে কেতিয়া কাক বেমাৰে আগুৰি ধৰিব। আনকি দেখাত একেবাৰে সুস্থ-সবল যেন লগা মানুহ এজনেও কেতিয়াবা কোনো গুৰুতৰ ৰোগৰ সৈতে যুঁজি থাকে। শেহতীয়াকৈ মনোৰঞ্জন জগতৰ পৰা আহিছে এক দুখজনক খবৰ। মডেল তথা অভিনেত্ৰী ৰ’জলিন খানে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্টৰ জৰিয়তে কয় যে তেওঁ কেন্সাৰৰ সৈতে যুঁজি আছে। 'সবিতা ভাবী' খ্যাত ৰ’জলিন খানে ২০১৫ চনত আমেৰিকাৰ সংস্থা পেটাৰ বাবে ফটোশ্বুট কৰাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ৰ’জলিনে জীৱ-জন্তু হত্যাৰ বিষয়ে মানুহক সজাগ কৰিবলৈ এটা ৰক্তাক্ত ফটোশ্বুট কৰিছিল।
Rozlyn Khan is a stinging red dress
এই মুহূৰ্তত ৰ’জলিন খানে এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে যদিও ইয়াৰ পিছতো তেওঁ কাম বন্ধ কৰিব নিবিচাৰে। ৰ’জলিন খানে নিজৰ পোষ্টত লিখিছে, ‘কেন্সাৰ... কঠিন মানুহৰ জীৱনটো সহজ নহয়, ক’ৰবাত পঢ়িছিলোঁ...কিন্তু এতিয়া গম পোৱা গৈছে যে মোৰ দৰে মানুহৰ লগত এনেকুৱা হয়। ঈশ্বৰে তেওঁৰ শক্তিশালী সৈনিকসকলক আটাইতকৈ কঠিন যুঁজ যুঁজিবলৈ দিয়ে। এইটো মোৰ জীৱনৰ এটা অধ্যায় হ’ব পাৰে... মই বিশ্বাস কৰোঁ আৰু আশা কৰোঁ যে প্ৰতিটো সমস্যাই মোক শক্তিশালী কৰি তুলিছে, ইও মোক শক্তিশালীও কৰি তুলিব।'
Actor Rozlyn Khan battling cancer, says it needs "courage to work with bald  model"
এই পোষ্টটোত ৰজলিনে আৰু লিখিছে, ‘মোৰ কিছুমান মৰমলগা মানুহ আছে যিয়ে মোৰ বাবে প্ৰাৰ্থনা কৰে, মোৰ ভালৰ বাবে চিন্তা কৰে। ডিঙি আৰু পিঠিৰ তীব্ৰ বিষৰ বাহিৰে মোৰ কোনো সমস্যা হোৱা নাছিল। জিমনাষ্টিকছৰ বিষ আৰু কঁকালৰ বিষ বুলি ভাবি কৰি ভুল কৰিলোঁ। বাৰু, সোনকালে চিনি পালোঁ।' একে সময়তে ৰজলিনে কামৰ বিষয়ে লিখিছে, ‘প্ৰিয় ব্ৰেণ্ডসমূহ মই প্ৰতি মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ বাবে শ্বুটিং কৰিবলৈ উপলব্ধ হ’ম কাৰণ আগন্তুক ৭ মাহৰ বাবে মই কেমোথেৰাপিৰ বাবে যাব লাগিব আৰু প্ৰতিটো কেমোথেৰাপিৰ পিছত এসপ্তাহৰ জিৰণি ল’ব লাগিব ..।’
Actress-model Rozlyn Khan diagnosed with cancer, shares pic from hospital  bed; says 'need courage to work with bald model'! | People News | Zee News
উল্লেখ্য যে ৰজনীশ ডুগলৰ সৈতে সমীৰ অঞ্জানৰ 'আ ভি জা' গীতত ৰ'জলিন খানক দেখা গৈছিল। ৰ'জলিনে বহু চুটি ছবি আৰু টিভি বিজ্ঞাপনত অভিনয় কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰ’জলিন খানে ‘সবিতা ভাভি’, ‘জী লেনে দো এক পল’ ছবিতো কাম কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক