--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কোনেও নাজানে কেতিয়া কাক বেমাৰে আগুৰি ধৰিব। আনকি দেখাত একেবাৰে সুস্থ-সবল যেন লগা মানুহ এজনেও কেতিয়াবা কোনো গুৰুতৰ ৰোগৰ সৈতে যুঁজি থাকে। শেহতীয়াকৈ মনোৰঞ্জন জগতৰ পৰা আহিছে এক দুখজনক খবৰ। মডেল তথা অভিনেত্ৰী ৰ’জলিন খানে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্টৰ জৰিয়তে কয় যে তেওঁ কেন্সাৰৰ সৈতে যুঁজি আছে। 'সবিতা ভাবী' খ্যাত ৰ’জলিন খানে ২০১৫ চনত আমেৰিকাৰ সংস্থা পেটাৰ বাবে ফটোশ্বুট কৰাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ৰ’জলিনে জীৱ-জন্তু হত্যাৰ বিষয়ে মানুহক সজাগ কৰিবলৈ এটা ৰক্তাক্ত ফটোশ্বুট কৰিছিল।
Rozlyn Khan is a stinging red dress
এই মুহূৰ্তত ৰ’জলিন খানে এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে যদিও ইয়াৰ পিছতো তেওঁ কাম বন্ধ কৰিব নিবিচাৰে। ৰ’জলিন খানে নিজৰ পোষ্টত লিখিছে, ‘কেন্সাৰ... কঠিন মানুহৰ জীৱনটো সহজ নহয়, ক’ৰবাত পঢ়িছিলোঁ...কিন্তু এতিয়া গম পোৱা গৈছে যে মোৰ দৰে মানুহৰ লগত এনেকুৱা হয়। ঈশ্বৰে তেওঁৰ শক্তিশালী সৈনিকসকলক আটাইতকৈ কঠিন যুঁজ যুঁজিবলৈ দিয়ে। এইটো মোৰ জীৱনৰ এটা অধ্যায় হ’ব পাৰে... মই বিশ্বাস কৰোঁ আৰু আশা কৰোঁ যে প্ৰতিটো সমস্যাই মোক শক্তিশালী কৰি তুলিছে, ইও মোক শক্তিশালীও কৰি তুলিব।'
Actor Rozlyn Khan battling cancer, says it needs "courage to work with bald  model"
এই পোষ্টটোত ৰজলিনে আৰু লিখিছে, ‘মোৰ কিছুমান মৰমলগা মানুহ আছে যিয়ে মোৰ বাবে প্ৰাৰ্থনা কৰে, মোৰ ভালৰ বাবে চিন্তা কৰে। ডিঙি আৰু পিঠিৰ তীব্ৰ বিষৰ বাহিৰে মোৰ কোনো সমস্যা হোৱা নাছিল। জিমনাষ্টিকছৰ বিষ আৰু কঁকালৰ বিষ বুলি ভাবি কৰি ভুল কৰিলোঁ। বাৰু, সোনকালে চিনি পালোঁ।' একে সময়তে ৰজলিনে কামৰ বিষয়ে লিখিছে, ‘প্ৰিয় ব্ৰেণ্ডসমূহ মই প্ৰতি মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ বাবে শ্বুটিং কৰিবলৈ উপলব্ধ হ’ম কাৰণ আগন্তুক ৭ মাহৰ বাবে মই কেমোথেৰাপিৰ বাবে যাব লাগিব আৰু প্ৰতিটো কেমোথেৰাপিৰ পিছত এসপ্তাহৰ জিৰণি ল’ব লাগিব ..।’
Actress-model Rozlyn Khan diagnosed with cancer, shares pic from hospital  bed; says 'need courage to work with bald model'! | People News | Zee News
উল্লেখ্য যে ৰজনীশ ডুগলৰ সৈতে সমীৰ অঞ্জানৰ 'আ ভি জা' গীতত ৰ'জলিন খানক দেখা গৈছিল। ৰ'জলিনে বহু চুটি ছবি আৰু টিভি বিজ্ঞাপনত অভিনয় কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰ’জলিন খানে ‘সবিতা ভাভি’, ‘জী লেনে দো এক পল’ ছবিতো কাম কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু