--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ মৃত্যু উপত্যকালৈ ৰূপান্তৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে জম্মু-কাশ্মীৰ। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰশাসিত প্ৰদেশখনলৈ শান্তি-সুস্থিৰতা ঘূৰাই অনাৰ বাবে যিমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সিমানেই পৰিস্থিতিৰ অধিক অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে। দৈনিক সংঘটিত সংঘাত-সংঘৰ্ষৰ সমান্তৰালকৈ এতিয়া আৰম্ভ হৈছে টাৰ্গেট কিলিং। কাশ্মীৰী হিন্দু, অকাশ্মীৰী লোকৰ ওপৰত এতিয়া বাছি বাছি আক্ৰমণ সংঘটিত কৰা হৈছে। বিগত কেইটামান মাহত ধাৰাবাহিকভাৱে এনে আক্ৰমণ সংঘটিত হৈ আছে। সন্ত্ৰাসবাদীয়ে অতি নৃশংসতাৰে বাছি বাছি হত্যা কৰিবলৈ আৰম্ভ কৰিছে কাশ্মীৰী হিন্দুসকলক।

উল্লেখ্য যে, জম্মু-কাশ্মীৰত হিন্দু লোকসকলৰ ওপৰত আক্ৰমণত ঘটনা এয়াই প্ৰথম নহয়। ১৯৮৭ চনৰ বিধানসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হৈছিল হিন্দু হত্যাৰ বিভীষিকা। ৮৮ চনৰ পৰা ১০৯১ চনলৈ সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ২২৮জন হিন্দু লোক। তাৰ পাছতে আৰম্ভ হৈছিল কাশ্মীৰী পণ্ডিতৰ বহু চৰ্চিত পলায়নৰ অধ্যায়। কিছুকালৰ বিৰতিৰ পাছত এতিয়া পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত আক্ৰমণৰ এই ইতিহাস আৰম্ভ হৈছে। পুনৰ নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে কাশ্মীৰৰ সংখ্যালঘু লোকসকল। পুনৰ তেওঁলোকে কাশ্মীৰৰ পৰা আঁতৰি অহাৰ বাবে সাজু হৈছে। কেন্দ্ৰৰ নিৰাপত্তাত আশ্বস্ত হ’ব পৰা নাই এইসকল লোক।

বৃহস্পতিবাৰে বিজয় কুমাৰ নামৰ এজন বেংক মেনেজাৰক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। ৰাজস্থানৰ বাসিন্দা এইগৰাকী বেংক বিষয়াক অতি শিহৰণকাৰী এক পৰিস্থিতিত হত্যা কৰে সন্ত্ৰাসবাদীয়ে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে, বিগত ১ মে’ৰ পাছৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বিজয় কুমাৰ কাশ্মীৰৰ অষ্টমজন লোক। যোৱা এমাহতে কাশ্মীৰত ৮ জন হিন্দুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱাসকলৰ ভিতৰত আছিল শিক্ষয়িত্ৰী, অভিনেত্ৰী, আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ লোক আদি। বিজয় কুমাৰৰ হত্যাকাণ্ডৰ পূৰ্বে ৩১ মে’ত শিক্ষয়িত্ৰী ৰজনী বালাক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছল। জম্মুৰ চাম্বা জিলাৰ বাসিন্দা ৰজনী বালাক কুলগামৰ এখন চৰকাৰী বিদ্যালয়ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰ পূর্বে যোৱা ১২ মে’ত বাডগাম জিলাৰ তহচিলদাৰ চাদুৰাৰ কার্যালয়ত প্রৱেশ কৰি তাৰ কৰ্মচাৰী ৰাহুল ভাটক গুলীয়াই হত্যা কৰা কৰিছিল। কেৱল এয়াই নহয়, কাশ্মীৰত দুজন সাধাৰণ নাগৰিক আৰু তিনিজন আৰক্ষীৰ লোককো সন্ত্ৰাসবাদীয়ে হত্যা কৰে বিগত সময়ছোৱাত। এই এমাহতে নহয়, তাৰ পূৰ্বৰ সময়ছোৱাতো সাধাৰণ লোকৰ ওপৰত সন্ত্ৰাসবাদীৰ এনে নৃশংস আক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছতে উপত্যকাটোলৈ শান্তি ঘূৰি আহিব বুলি কেন্দ্ৰই দাবী কৰিছিল। কেৱল এয়াই নহয়, তেওঁলোকে ইয়াৰ ফলত ভূস্বৰ্গৰ পৰা সন্ত্ৰাসবাদৰ পুলি-পোখা উঘলাটো সম্ভৱ হ’ব বুলিও দাবী কৰিছিল। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। ব্যাপক সেনা সমাৱেশ, সন্ত্ৰাসবাদী দমন অভিযানৰ নামত জম্মু-কাশ্মীৰৰ সাধাৰণ নাগৰিকে বৃহৎ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। কিন্তু তাৰ প্ৰতিফল তেওঁলোকে লাভ কৰা নাই।

উল্লেখ্য যে, কিছুদিন পূ্ৰ্বে বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য কাশ্মীৰ ফাইলছে ব্যাপক চৰ্চা লাভ কৰিছিল। ই ব্যাপক বিতৰ্কৰো সূচনা কৰিছিল। এই ছবিখন কাশ্মীৰী পণ্ডিতসকলৰ প্ৰতি সহমৰ্মিতাৰে নিৰ্মাণ কৰা বুলি দাবী কৰিলেও ছবিখনে অনুৰূপ ধৰণৰ আক্ৰমণ, নিৰ্যাতনক অধিক উচতনি দিয়া বুলিহে এতিয়া অভিযোগ উঠিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু