--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত৷ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিক মুছলমান সম্প্ৰদায়ৰ হোৱা বাবেই সামাজিকভাবে হেয়া প্ৰতিপন্ন কৰা হ’ল উত্তৰ প্ৰদেশত৷

ৰাজ্যখনৰ সিদ্ধাৰ্থনগৰ জিলাৰ নগৰ পঞ্চায়তৰ অধ্যক্ষ এজনে এজন মুছলমান বিধায়কৰ ভ্ৰমণৰ পাছতেই মন্দিৰৰ বিশুদ্ধিকৰণ কৰিছে৷ এই ঘটনাত সমাজবাদী পাৰ্টিৰ ডোমাৰিয়াগঞ্জৰ বিধায়ক ছৈয়দা খাতুন আৰু ধৰ্মৰাজ বাৰ্মাৰ নেতৃত্বত এটা গোট জড়িত আছে৷ 

দেওবাৰে আবেলি বাৰ্মাৰ নেতৃত্বত এটা গোটে বৈদিক মন্ত্ৰৰ মাজত মন্দিৰ চৌহদৰ ভিতৰত গংগাজল আৰু পঞ্চগৱ (গাখীৰ, প্ৰস্ৰাৱ, গোবৰ, ঘিউ আৰু দৈ) ছটিয়াই থকা দেখা গৈছিল৷ দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্মাই কয় যে যদি এজন মুছলমান লোকে এনে স্থানত প্ৰৱেশ কৰে, তেন্তে মন্দিৰৰ বিশুদ্ধতা আৰু দৈৱত্ব উলংঘা হয়।

বাৰ্মাই লগতে কৈছিল যে যদি এজন গো মাংস ভক্ষণকাৰীক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয় তেন্তে মন্দিৰৰ বিশুদ্ধতা আৰু দৈৱত্ব উলংঘা হোৱাটো নিশ্চিত। তেওঁ সাংবাদিকৰ আগত কয়, কালি যেতিয়া খাতুন ইয়ালৈ আহিছিল, আমি অনুভৱ কৰিছিলোঁ যে যিহেতু আমাৰ এই মন্দিৰটো লাখ লাখ লোকৰ ভক্তিৰ কেন্দ্ৰ, সেয়েহে ই সাধাৰণ হিন্দু জনসাধাৰণৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছে আৰু মই মোৰ সমৰ্থক আৰু কৰ্মীসকলৰ সৈতে ইয়ালৈ আহিছিলোঁ৷ 

ইফালে, খাতুনে কয় যে তেওঁ স্থানীয় লোকসকলৰ আমন্ত্ৰণত বালুৱা গাঁৱৰ মন্দিৰ পৰিদৰ্শন কৰিছিল।

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে আলাপ কৰি খাতুনে কৈছিল যে তেওঁক গহৰৌলা গাঁও সভাৰ স্থানীয় পণ্ডিতসকলে যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু এইটো তেওঁৰ প্ৰথমবাৰৰ বাবে মন্দিৰ দৰ্শন কৰা নাছিল।

খাতুনে কয়, মই অঞ্চলটোৰ স্থানীয় লোক আৰু যজ্ঞত অংশগ্ৰহণ কৰা সাধুসকলৰ আমন্ত্ৰণত সময় মাতা ধাম পৰিদৰ্শন কৰিছিলোঁ। ধামত এটা শ্ৰদ্ধাৰ পিপল গছৰ ওচৰত যজ্ঞ অনুষ্ঠিত হোৱাৰ পাছত মই মন্দিৰটো দৰ্শন কৰিছিলোঁ৷ কিয়নো দুয়োৰে মাজত কোনো ভেদাভেদ নাই। মই সকলো ধৰ্মক সন্মান কৰোঁ আৰু ভৱিষ্যতেও এনে স্থানসমূহ পৰিদৰ্শন কৰি যাম৷
এজন বিধায়ক হিচাপে মই মোৰ সমষ্টিত দুটা হিন্দু মন্দিৰ পুনৰ নিৰ্মাণ কৰিছোঁ। মই সকলো সম্প্ৰদায়ৰ লোকৰ প্ৰতিনিধি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু