--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ’ল নেপালক। বুধবাৰে পুৱা কাঠমাণ্ডু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰা এখন বিমান   দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এতিয়ালৈকে ১৯ জন লোকৰ মৃত্যু হোৱাৰ  খবৰ আহিছে।  কি কাৰণত বিমান খন দুৰ্ঘটনাত পতিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।


নেপালৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শৌৰ্য এয়াৰলাইন্সৰ বিমানখন ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোখাৰা অভিমুখে ৰাওনা হৈছিল। খবৰ অনুসৰি বিমান খনত যাত্ৰী আৰু কৰ্মচাৰীকে ধৰি প্ৰায় ১৯ জন লোক আছিল। আজি পুৱা প্ৰায় ১১ বজাত টেক অফৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। বিমানবন্দৰৰ মুখপাত্ৰ প্ৰেমনাথ ঠাকুৰে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে যদিও এই বিশয়ত সবিশেষ প্ৰকাশৰ পৰা বিৰত আছে। দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে  এতিয়ালৈকে একো জানিব পৰা হোৱা নাই। ঘটনা সমঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ কাঠমাণ্ডু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। 


আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিমানখন উৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলি পৰে আৰু দুৰ্ঘটনাগ্ৰস্ত হয়। লগে লগে বিমান খনত  জুই লাগে। বিমান বন্দৰৰ বহু দূৰৰ পৰা ক’লা ধোঁৱা দেখা গৈছে। কোনো যাত্ৰী বা ক্ৰু জীয়াই থকাৰ সম্ভাৱনা নাই বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু