--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ’ল নেপালক। বুধবাৰে পুৱা কাঠমাণ্ডু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰা এখন বিমান   দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এতিয়ালৈকে ১৯ জন লোকৰ মৃত্যু হোৱাৰ  খবৰ আহিছে।  কি কাৰণত বিমান খন দুৰ্ঘটনাত পতিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।


নেপালৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শৌৰ্য এয়াৰলাইন্সৰ বিমানখন ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোখাৰা অভিমুখে ৰাওনা হৈছিল। খবৰ অনুসৰি বিমান খনত যাত্ৰী আৰু কৰ্মচাৰীকে ধৰি প্ৰায় ১৯ জন লোক আছিল। আজি পুৱা প্ৰায় ১১ বজাত টেক অফৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। বিমানবন্দৰৰ মুখপাত্ৰ প্ৰেমনাথ ঠাকুৰে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে যদিও এই বিশয়ত সবিশেষ প্ৰকাশৰ পৰা বিৰত আছে। দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে  এতিয়ালৈকে একো জানিব পৰা হোৱা নাই। ঘটনা সমঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ কাঠমাণ্ডু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। 


আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিমানখন উৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলি পৰে আৰু দুৰ্ঘটনাগ্ৰস্ত হয়। লগে লগে বিমান খনত  জুই লাগে। বিমান বন্দৰৰ বহু দূৰৰ পৰা ক’লা ধোঁৱা দেখা গৈছে। কোনো যাত্ৰী বা ক্ৰু জীয়াই থকাৰ সম্ভাৱনা নাই বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ