--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ চাৰিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নাই পূৰ্ণকালীন উপাচাৰ্য৷ আজি ৰাজ্যসভাত এই তথ্য সদৰী কৰে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য আগবঢ়ায়৷ পূৰ্ণকালীন উপাচাৰ্য অবিহনে চলি থকা দেশৰ চাৰিখন বিশ্ববিদ্যালয় হৈছেঃ অন্ধ্ৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, বিহাৰৰ মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়, জম্মু আৰু কাশ্মীৰৰ কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু উড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয়। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, বিশ্ববিদ্যালয়সমূহত উপাচাৰ্যসকলৰ খালী পদ পূৰণ কৰাটো এটা নিৰন্তৰ প্ৰক্ৰিয়া যি বছৰজুৰি চলি থাকে৷ উপাচাৰ্য নিযুক্তিৰ প্ৰক্ৰিয়া হৈছে এক বিস্তৃত অনুশীলন, য’ত কাৰ্যবাহী পৰিষদৰ মনোনয়নপ্ৰাপ্ত কৰা, অনুসন্ধান-তথা-বাছনি সমিতি গঠন, পদৰ বিজ্ঞাপন, আৱেদনৰ পৰীক্ষা, তালিকাভুক্ত প্ৰাৰ্থীৰ সৈতে বাৰ্তালাপ আৰু সতৰ্কতা অনুমোদন আৰু সক্ষম কৰ্তৃপক্ষৰ অনুমোদনপ্ৰাপ্ত কৰা অন্তৰ্ভুক্ত থাকে। এই প্ৰতিটো পদক্ষেপ চৰকাৰে নিৰীক্ষণ কৰে৷ মন্ত্ৰীগৰাকীয়ে আন এক তথ্য উল্লেখ কৰি লগতে কয় যে, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত উপাচাৰ্যৰ ছটা খালীপদ পূৰণ কৰা হৈছিল আৰু ২০২১-২২ বৰ্ষত ২০গৰাকী উপাচাৰ্যক নিযুক্তি দিয়া হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন