--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি ১০ বছৰীয়া শিশুৱে ৪ দিন ধৰি মাতৃৰ মৃতদেহৰ সৈতে কৰিলে বাস। যেতিয়া মহিলাগৰাকীৰ মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱা আৰম্ভ হৈছিল তেতিয়া ল'ৰাটোৱে তেওঁৰ মোমায়েক দুৰ্গা প্ৰসাদক ফোন কৰি কথাটো জনাইছিল। শিশুটিয়ে মোমায়েকক কৈছিল যে মা চাৰিদিন ধৰি শুই আছে। দুৰ্গা প্ৰসাদ লৰালৰিকৈ ঘৰটোত উপস্থিত হৈছিল আৰু তেওঁৰ বায়েকক মৃত দেখি হতবাক হৈছিল। মোমায়েকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে এখন ব্যক্তিগত মহাবিদ্যালয়ত শিক্ষক হিচাপে কাম কৰা ৰাজ্যলক্ষ্মী(৪১)তেওঁৰ স্বামীৰ সৈতে কিছু বিভেদৰ বাবে যোৱা দুবছৰ ধৰি তেওঁৰ পুত্ৰ শ্যাম কিশোৰৰ সৈতে বিদ্যানগৰ অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল। শ্যাম কিশোৰ এখন ব্যক্তিগত বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি আছিল। শিশুটি মানসিকভাৱে দুৰ্বল আছিল। ৰাজ্যলক্ষ্মীয়ে অলপতে কৰ্ণাটকৰ পৰা পিএইচডি সম্পূৰ্ণ কৰিছিল। মহিলাগৰাকীয়ে ডিগ্ৰী ল'বলৈ বেলাগাভিলৈ যোৱাৰ কথা আছিল। ৰাজ্যলক্ষ্মীয়ে ভাতৃ দুৰ্গা প্ৰসাদক এই ভ্ৰমণৰ বিষয়ে অৱগত কৰিছিল। তেওঁ ভাতৃক এইটোও কৈছিল যে তেওঁ কিছুদিনৰ পৰা মুৰৰ বিষত ভুগি আছিল আৰু বেলাগাভিৰ পৰা উভতি অহাৰ পিছত এজন চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। ৰাজ্যলক্ষ্মী নিশা বিচনাৰ পৰা পৰি গৈছিল আৰু মূৰৰ আঘাতত মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয়। তেওঁৰ পুত্ৰই ভাবিছিল যে মা শুই আছে। ৩ দিন ধৰি শ্যাম কিশোৰ ঘৰতে থকা আহাৰ খাইছিল আৰু নিয়মীয়াকৈ বিদ্যালয়লৈ গৈছিল। যেতিয়া চুবুৰীয়াসকলে শিশুটিক মাতৃৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ কৈছিল যে মায়ে বিশ্ৰাম লৈ আছে। এজন আৰক্ষী বিষয়াই কৈছিল যে এইটো প্ৰাকৃতিক মৃত্যুৰ ঘটনা। এই কৰুণ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত। আৰু পঢ়কঃ ১৭ মাৰ্চৰ দিনটোত কি লিখা আছে আপোনাৰ ভাগ্যত…চাওঁক ৰাশিফল BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন