--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতেই চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত মোদী চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে  ২ শতাংশ ডি এ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়া ডি এ ৫৩ শতাংশৰ পৰা ৫৫ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ ফলত লাখ লাখ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব।১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব এই বৰ্ধিত ভাট্টা ৷ শুকুৰবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰে ৷

Dearness Allowance (DA) অৰ্থাৎ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক ডিয়াৰনেছ ভাট্টা দিয়া হয়। আচলতে মৌলিক দৰমহা পে কমিচনে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ কৰে, কিন্তু ডি এ ৬ মাহৰ মূৰে মূৰে সলনি হয়, যাতে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমি যায়। ২০২৪ চনৰ জুলাই মাহত ডি এ ৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি কৰা হৈছিল।

কেন্দ্ৰীয় ৰে’ল আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA ২ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা ৪৮.৬৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনাৰ উপকৃত হ’ব ।

উল্লেখ্য যে চৰকাৰে ফেব্ৰুৱাৰী মাহৰ ৰাজ্যিক বাজেটত DR বৃদ্ধিৰ কথা ঘোষণা কৰিছিল । একেদৰে ২৫ মাৰ্চত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল । নতুন গাইডলাইন অনুসৰি ১ এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মূল দৰমহাৰ ১৮ শতাংশ হাৰত DA লাভ কৰিব ।

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ৫৫ শতাংশ DA হিচাপে লাভ কৰি আছে ৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৩৭ শতাংশ অধিক ভাট্টা লাভ কৰিছে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে কেন্দ্ৰীয় হাৰত DA নোপোৱাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন চলি আহিছে । এইবাৰ ৰাজ্য চৰকাৰৰ কর্মচাৰীসকল স্বাভাৱিকতে ক্ষুব্ধ হ’ব কাৰণ ভাট্টা দুটাৰ মাজত ব্যৱধান আৰু অধিক বৃদ্ধি পাইছে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প