--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতেই চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত মোদী চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে  ২ শতাংশ ডি এ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়া ডি এ ৫৩ শতাংশৰ পৰা ৫৫ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ ফলত লাখ লাখ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব।১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব এই বৰ্ধিত ভাট্টা ৷ শুকুৰবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰে ৷

Dearness Allowance (DA) অৰ্থাৎ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক ডিয়াৰনেছ ভাট্টা দিয়া হয়। আচলতে মৌলিক দৰমহা পে কমিচনে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ কৰে, কিন্তু ডি এ ৬ মাহৰ মূৰে মূৰে সলনি হয়, যাতে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমি যায়। ২০২৪ চনৰ জুলাই মাহত ডি এ ৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি কৰা হৈছিল।

কেন্দ্ৰীয় ৰে’ল আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA ২ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা ৪৮.৬৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনাৰ উপকৃত হ’ব ।

উল্লেখ্য যে চৰকাৰে ফেব্ৰুৱাৰী মাহৰ ৰাজ্যিক বাজেটত DR বৃদ্ধিৰ কথা ঘোষণা কৰিছিল । একেদৰে ২৫ মাৰ্চত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল । নতুন গাইডলাইন অনুসৰি ১ এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মূল দৰমহাৰ ১৮ শতাংশ হাৰত DA লাভ কৰিব ।

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ৫৫ শতাংশ DA হিচাপে লাভ কৰি আছে ৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৩৭ শতাংশ অধিক ভাট্টা লাভ কৰিছে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে কেন্দ্ৰীয় হাৰত DA নোপোৱাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন চলি আহিছে । এইবাৰ ৰাজ্য চৰকাৰৰ কর্মচাৰীসকল স্বাভাৱিকতে ক্ষুব্ধ হ’ব কাৰণ ভাট্টা দুটাৰ মাজত ব্যৱধান আৰু অধিক বৃদ্ধি পাইছে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা