--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা প্ৰবল ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰিলে দেশখনৰ। ৭.৭ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প আৰু তাৰ পিছত ৬.৪ মাত্ৰাৰ আফটাৰশ্বককে ধৰি দেশখনত প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। 

এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯৪জনলৈ বৃদ্ধি পাইছে।

ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ম্যানমাৰক সহায়ৰ হাত আগবঢ়াবলৈ সকলোতকৈ আগত আগবাঢ়ি আহিল ভাৰতষ মানৱীয় সাহায্যৰ অংশ হিচাপে ভাৰতে প্ৰায় ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ম্যানমাৰলৈ। 

এই সাহায্য ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানেৰে শনিবাৰে হিন্দন বায়ুসেনা ষ্টেচনৰ পৰা ম্যানমাৰলৈ প্ৰেৰণ কৰা হয়। এই সাহায্য সামগ্ৰীৰ ভিতৰত আছে তম্বু, শোৱা বেগ, কম্বল, ৰেডি মিল, পানী বিশুদ্ধকৰণ সঁজুলি, হাইজিন কিট, সৌৰ লেম্প, জেনেৰেটৰ চেট আৰু পেৰাচিটামল, এন্টিবায়টিক, চিৰিঞ্জ, গ্লভছ আৰু বেণ্ডেজ আদি অত্যাৱশ্যকীয় ঔষধ।

এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ম্যানমাৰৰ ছাগাইং অঞ্চলৰ ওচৰত, যাৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত নিৰ্মাণৰত ৩০ মহলীয়া অট্টালিকাও ভাঙি ১০ জন লোকৰ মৃত্যু হয়। ম্যানমাৰত অট্টালিকা, দলং আৰু পথৰ ক্ষতিসাধন হোৱাৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযান কঠিন হৈ পৰিছে।

উল্লেখ্য যে দুৰ্যোগৰ সময়ত ভাৰতে সদায় চুবুৰীয়া দেশ আৰু বিশ্ব সমাজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। এই পদক্ষেপে ভাৰতৰ "প্ৰথম সঁহাৰিদাতা" নীতিক প্ৰতিফলিত কৰে। ইয়াৰ পূৰ্বেও ভাৰতে বহুবাৰ শীঘ্ৰে সহায় আগবঢ়াই আহিছে। উদাহৰণস্বৰূপে ২০০৪ চনত ভাৰত মহাসাগৰৰ ছুনামীৰ সময়ত ভাৰতে শ্ৰীলংকা, মালদ্বীপ আৰু ইণ্ডোনেছিয়ালৈ সাহায্য সামগ্ৰী আৰু চিকিৎসা সাহায্য প্ৰেৰণ কৰিছিল। ২০১৫ চনত নেপালত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতে অপাৰেচন মৈত্ৰী আৰম্ভ কৰে, য’ত উদ্ধাৰকাৰী দল আৰু চিকিৎসা বিশেষজ্ঞক সাহায্য সামগ্ৰীৰ সৈতে প্ৰেৰণ কৰা হয়।

একেদৰে ২০২৩ চনত তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ পিছত ভাৰতে অপাৰেচন ডষ্টৰ অধীনত ৬ টনতকৈ অধিক সাহায্য সামগ্ৰী আৰু এন ডি আৰ এফ (নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ) দল প্ৰেৰণ কৰে। 

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত “ভেক্সিন মৈত্ৰী” পদক্ষেপৰ অধীনত কেইবাখনো দেশলৈ ভেকচিন আৰু চিকিৎসা সামগ্ৰীও যোগান ধৰিছিল। এই পৰম্পৰাই ভাৰতৰ মানৱীয় মনোভাৱ আৰু আঞ্চলিক সংহতি শক্তিশালী কৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, "ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ ফলত যি বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে তাত মই গভীৰভাৱে দুখী। ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু। আমাৰ সহমৰ্মিতা ভুক্তভোগী  আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু