--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা প্ৰবল ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰিলে দেশখনৰ। ৭.৭ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প আৰু তাৰ পিছত ৬.৪ মাত্ৰাৰ আফটাৰশ্বককে ধৰি দেশখনত প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। 

এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯৪জনলৈ বৃদ্ধি পাইছে।

ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ম্যানমাৰক সহায়ৰ হাত আগবঢ়াবলৈ সকলোতকৈ আগত আগবাঢ়ি আহিল ভাৰতষ মানৱীয় সাহায্যৰ অংশ হিচাপে ভাৰতে প্ৰায় ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ম্যানমাৰলৈ। 

এই সাহায্য ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানেৰে শনিবাৰে হিন্দন বায়ুসেনা ষ্টেচনৰ পৰা ম্যানমাৰলৈ প্ৰেৰণ কৰা হয়। এই সাহায্য সামগ্ৰীৰ ভিতৰত আছে তম্বু, শোৱা বেগ, কম্বল, ৰেডি মিল, পানী বিশুদ্ধকৰণ সঁজুলি, হাইজিন কিট, সৌৰ লেম্প, জেনেৰেটৰ চেট আৰু পেৰাচিটামল, এন্টিবায়টিক, চিৰিঞ্জ, গ্লভছ আৰু বেণ্ডেজ আদি অত্যাৱশ্যকীয় ঔষধ।

এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ম্যানমাৰৰ ছাগাইং অঞ্চলৰ ওচৰত, যাৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত নিৰ্মাণৰত ৩০ মহলীয়া অট্টালিকাও ভাঙি ১০ জন লোকৰ মৃত্যু হয়। ম্যানমাৰত অট্টালিকা, দলং আৰু পথৰ ক্ষতিসাধন হোৱাৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযান কঠিন হৈ পৰিছে।

উল্লেখ্য যে দুৰ্যোগৰ সময়ত ভাৰতে সদায় চুবুৰীয়া দেশ আৰু বিশ্ব সমাজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। এই পদক্ষেপে ভাৰতৰ "প্ৰথম সঁহাৰিদাতা" নীতিক প্ৰতিফলিত কৰে। ইয়াৰ পূৰ্বেও ভাৰতে বহুবাৰ শীঘ্ৰে সহায় আগবঢ়াই আহিছে। উদাহৰণস্বৰূপে ২০০৪ চনত ভাৰত মহাসাগৰৰ ছুনামীৰ সময়ত ভাৰতে শ্ৰীলংকা, মালদ্বীপ আৰু ইণ্ডোনেছিয়ালৈ সাহায্য সামগ্ৰী আৰু চিকিৎসা সাহায্য প্ৰেৰণ কৰিছিল। ২০১৫ চনত নেপালত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতে অপাৰেচন মৈত্ৰী আৰম্ভ কৰে, য’ত উদ্ধাৰকাৰী দল আৰু চিকিৎসা বিশেষজ্ঞক সাহায্য সামগ্ৰীৰ সৈতে প্ৰেৰণ কৰা হয়।

একেদৰে ২০২৩ চনত তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ পিছত ভাৰতে অপাৰেচন ডষ্টৰ অধীনত ৬ টনতকৈ অধিক সাহায্য সামগ্ৰী আৰু এন ডি আৰ এফ (নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ) দল প্ৰেৰণ কৰে। 

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত “ভেক্সিন মৈত্ৰী” পদক্ষেপৰ অধীনত কেইবাখনো দেশলৈ ভেকচিন আৰু চিকিৎসা সামগ্ৰীও যোগান ধৰিছিল। এই পৰম্পৰাই ভাৰতৰ মানৱীয় মনোভাৱ আৰু আঞ্চলিক সংহতি শক্তিশালী কৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, "ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ ফলত যি বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে তাত মই গভীৰভাৱে দুখী। ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু। আমাৰ সহমৰ্মিতা ভুক্তভোগী  আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা