--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আটা৷ এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে দেশবাসীক কম নিৰিখত যোগান ধৰিব এই নতুন আটা৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ‘ভাৰত আটা’ নামেৰে এবিধ নতুন আটা৷ ভাৰত ময়দা কেন্দ্ৰই প্ৰতি কিলোগ্ৰামত ২৭.৫০ টকাত বিক্ৰী কৰিব এই আটা৷ মোদী চৰকাৰে এনে এটা সময়ত কম মূল্যত আটা বিক্ৰী কৰিবলৈ ওলাইছে, যিসময়ত ঘেঁহুৰ আটাৰ মূল্য বৃদ্ধি পাইছে।

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীযূষ গোৱেলে ভাৰত আটা বিক্ৰীৰ বাবে ১০০খন মোবাইল বাহনৰ শুভাৰম্ভ কৰে। এই ভ্ৰাম্যমাণ বাহনবোৰৰ জৰিয়তে দেশৰ বিভিন্ন চহৰত ৰাজসাহায্যপ্ৰাপ্ত ঘেঁহুৰ আটা বিক্ৰী কৰা হ’ব।

এই ঠাইবোৰত ভাৰত আটা উপলব্ধ হ’ব:
দেশৰ নাগৰিকসকলৰ মাজত মোবাইল আউটলেট, NAFED আৰু NCCFৰ সমবায় আৰু খুচুৰা বিপণীমূহৰ জৰিয়তে ভাৰত আটা বিতৰণ কৰা হ’ব। 

চৰকাৰৰ দ্বাৰা ৰাজসাহায্যযুক্ত আটা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় ভাণ্ডাৰ, এনচিচিএফ আৰু নাফেডৰ দৰে বিভিন্ন চৰকাৰী সংস্থাক প্ৰতি কিলোগ্ৰামত ২১.৫০ টকা হাৰত প্ৰায় ২.৫ লাখ মেট্ৰিক টন ঘেঁহু যোগান ধৰা হৈছে।

কেৱল ৰাজসাহায্যযুক্ত আটাই নহয়, চৰকাৰে মাহজাতীয় শস্যও বিক্ৰী কৰিব। পীযূষ গোৱেলে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাইছে। চৰকাৰে পিঁয়াজ আৰু বিলাহীৰ মূল্য হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি কিলোগ্ৰামত ৬০ টকা হাৰত প্ৰদান কৰিব ভাৰত দাইল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ