--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আটা৷ এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে দেশবাসীক কম নিৰিখত যোগান ধৰিব এই নতুন আটা৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ‘ভাৰত আটা’ নামেৰে এবিধ নতুন আটা৷ ভাৰত ময়দা কেন্দ্ৰই প্ৰতি কিলোগ্ৰামত ২৭.৫০ টকাত বিক্ৰী কৰিব এই আটা৷ মোদী চৰকাৰে এনে এটা সময়ত কম মূল্যত আটা বিক্ৰী কৰিবলৈ ওলাইছে, যিসময়ত ঘেঁহুৰ আটাৰ মূল্য বৃদ্ধি পাইছে।

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীযূষ গোৱেলে ভাৰত আটা বিক্ৰীৰ বাবে ১০০খন মোবাইল বাহনৰ শুভাৰম্ভ কৰে। এই ভ্ৰাম্যমাণ বাহনবোৰৰ জৰিয়তে দেশৰ বিভিন্ন চহৰত ৰাজসাহায্যপ্ৰাপ্ত ঘেঁহুৰ আটা বিক্ৰী কৰা হ’ব।

এই ঠাইবোৰত ভাৰত আটা উপলব্ধ হ’ব:
দেশৰ নাগৰিকসকলৰ মাজত মোবাইল আউটলেট, NAFED আৰু NCCFৰ সমবায় আৰু খুচুৰা বিপণীমূহৰ জৰিয়তে ভাৰত আটা বিতৰণ কৰা হ’ব। 

চৰকাৰৰ দ্বাৰা ৰাজসাহায্যযুক্ত আটা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় ভাণ্ডাৰ, এনচিচিএফ আৰু নাফেডৰ দৰে বিভিন্ন চৰকাৰী সংস্থাক প্ৰতি কিলোগ্ৰামত ২১.৫০ টকা হাৰত প্ৰায় ২.৫ লাখ মেট্ৰিক টন ঘেঁহু যোগান ধৰা হৈছে।

কেৱল ৰাজসাহায্যযুক্ত আটাই নহয়, চৰকাৰে মাহজাতীয় শস্যও বিক্ৰী কৰিব। পীযূষ গোৱেলে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাইছে। চৰকাৰে পিঁয়াজ আৰু বিলাহীৰ মূল্য হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি কিলোগ্ৰামত ৬০ টকা হাৰত প্ৰদান কৰিব ভাৰত দাইল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু