--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ আয়ৰ দেশসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে ভাৰত। কিন্তু ভাৰতত আয় আৰু ধন-সম্পত্তিৰ বৈষম্য ব্যাপক বৃদ্ধি হোৱাটোও এক চিন্তনীয় বিষয়৷ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ এখন প্ৰতিবেদনত এই কথা ইতিমধ্যে সুস্পষ্ট হৈছে। প্ৰতিবেদন অনুসৰি ভাৰতত বহুমাত্ৰিক দৰিদ্ৰতাৰ অধীনত জীৱন কটোৱা লোকৰ সংখ্যা ২০১৫-১৬ চনত ২৫ শতাংশৰ পৰা ২০১৯-২১ বৰ্ষৰ ভিতৰত ১৫ শতাংশলৈ হ্ৰাস পাইছে।

প্ৰতিবেদন অনুসৰি, দেশৰ আধাতকৈ অধিক ধনৰ মালিক ১০ শতাংশ ধনী লোক। আনহাতে ১৮.৫০ কোটি লোকে দৰিদ্ৰতাত জীয়াই থাকিবলৈ বাধ্য হয় যাৰ আয় ২.১৫ ডলাৰ অৰ্থাৎ ১৮০ টকাতকৈ কম। এছিয়াৰ ইউএনডিপিৰ আঞ্চলিক সঞ্চালক কান্নী বিগনাৰাজাহে কয় যে প্ৰতিবেদনত গুৰুত্ব দিয়া হৈছে যে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ আমি মানৱ উন্নয়নত বিনিয়োগক অগ্ৰাধিকাৰ দিব লাগিব। আৰু এই কাম কৰিবলৈ সকলো দেশেই নিজৰ নিজৰ পথ প্ৰস্তুত কৰিব লাগিব।

২০২৪ চনৰ এছিয়া-পেচিফিক মানৱ উন্নয়ন প্ৰতিবেদনে দীৰ্ঘম্যাদী উন্নয়নৰ ইতিবাচক ছবি দাঙি ধৰিছে যদিও আয় আৰু ধনৰ ক্ষেত্ৰত বৃদ্ধি পোৱা বৈষম্যৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে। আৰু এই দিশত সুনিৰ্দিষ্ট পদক্ষেপৰ পোষকতা কৰা হৈছে। ২০০০ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত জনমূৰি আয় ৪৪২ ডলাৰৰ পৰা ২৩৮৯ ডলাৰলৈ বৃদ্ধি পাইছে। একে সময়তে ২০০৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দৰিদ্ৰ সীমা ৪০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস পাইছে।

প্ৰতিবেদন অনুসৰি ২০১৫-১৬ চনৰ পৰা ২০১৯-২১ বৰ্ষৰ ভিতৰত বহুমাত্ৰিক দৰিদ্ৰতাৰ অধীনত জীয়াই থকা জনসংখ্যা ২৫ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু এই সফলতাৰ পাছতো দেশৰ ৪৫ শতাংশ জনসংখ্যা বাস কৰা এনে ৰাজ্যত দৰিদ্ৰতা এতিয়াও অতি উচ্চ কাৰণ দেশৰ মুঠ ৬২ শতাংশ দৰিদ্ৰ এই ৰাজ্যসমূহত বাস কৰে। ইউএনডিপিৰ প্ৰতিবেদন অনুসৰি দৰিদ্ৰ সীমাৰেখাৰ অলপ ওপৰত বহু লোক আছে। মহিলা, অসংগঠিত খণ্ডৰ শ্ৰমিক, আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী আদিকে ধৰি এনে লোক পুনৰ দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামি যোৱাৰ আশংকা বহুতে ব্যক্ত কৰিছে।
 
প্ৰতিবেদন অনুসৰি মুঠ শ্ৰমিক শক্তিত মহিলাৰ অংশ মাত্ৰ ২৩ শতাংশ। উন্নয়নৰ দ্ৰুত গতিৰ পাছতো অৰ্থনৈতিক বৈষম্য বাঢ়িছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০০০ চনৰ পৰা আয়ৰ বৈষম্যৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে। প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতিদিনে ১২ৰ পৰা ১২০ মাৰ্কিন ডলাৰ উপাৰ্জন কৰা মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াত ভাৰতে ডাঙৰ অৱদান আগবঢ়াইছে। প্ৰতিবেদন অনুসৰি, বিশ্বৰ মধ্যবিত্ত শ্ৰেণীৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতে ২৪ শতাংশ অৰিহণা যোগাবলৈ গৈ আছে, যিটো ১৯ কোটি ২০ লাখ জনসংখ্যাৰ সমতুল্য। প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ভিতৰত বিশ্বৰ অৰ্থনৈতিক বিকাশৰ দুই তৃতীয়াংশ এছিয়া-পেচিফিক অঞ্চলে অৰিহণা যোগাবলৈ গৈ আছে। কিন্তু দক্ষিণ এছিয়াত ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক জোকাৰণিৰ বাবে আয় আৰু ধন-সম্পত্তিৰ বৈষম্য বাঢ়িবলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ