--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰবিন্দ কেজৰিৱাল জে’ললৈ গ’লেও কাৰাগাৰৰ পৰাই চলাব চৰকাৰ৷ এই ঘোষণা আম আদমী পাৰ্টীৰ৷ দিল্লীৰ সুৰা নীতিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে কেজৰিৱাললৈ প্ৰেৰণ কৰা চমনৰ কথা উল্লেখ কৰি সোমবাৰে দলটোৱে কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে কাৰাগাৰৰ পৰাই তেওঁ দিল্লী চৰকাৰৰ কাম-কাজ পৰিচালনা কৰিব।

কেজৰিৱালক দিল্লী সুৰা নীতিৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে আহ্বান জনোৱাৰ পাছত আপে অভিযোগ কৰে যে কেজৰিৱালক কাৰাগাৰত ৰখাৰ বাবে মোদী চৰকাৰৰ এইটো এটা বৃহৎ ষড়যন্ত্ৰ।

আপৰ বিধায়ক আৰু কেজৰিৱালৰ মাজত হোৱা বৈঠক সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে কয় যে সকলো বিধায়কে মুখ্যমন্ত্ৰীক ইডিৰ চমন সত্ত্বেও তেওঁৰ পদৰ পৰা পদত্যাগ নকৰিবলৈ আহ্বান জনাইছে।

আতিশীয়ে কয়, আমি তেওঁক পদত্যাগ নকৰিবলৈ কৈছোঁ৷ কিয়নো দিল্লীৰ মানুহে কেজৰিৱালক ভোট দিছে। আনকি তেওঁ কাৰাগাৰলৈ গ’লেও, অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব৷ আপে আদালতক কাৰাগাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাব বুলিও সদৰী কৰে। 

সৌৰভ ভৰদ্বাজ আৰু আতিশীয়ে কয় যে অৰবিন্দ কেজৰিৱালে শীঘ্ৰেই দলৰ কাউন্সিলাৰসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰিব। উল্লেখ্য যে ইডিয়ে ২ নৱেম্বৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে কেজৰিৱালক চমন জাৰি কৰিছিল৷

অৱশ্যে, সূত্ৰ অনুসৰি আপ নেতাজনে বিত্তীয় নিৰীক্ষণকাৰীৰ চমন এৰাই চলি কয় যে এই চমন অবৈধ আৰু ৰাজনৈতিকভাৱে চক্ৰান্তমূলক৷ তেওঁ আৰু অভিযোগ কৰিছিল যে বিজেপিৰ অনুৰোধত ইডিয়ে চমন প্ৰেৰণ কৰিছিল তেওঁক৷

কেজৰিৱালক সেই একেটা গোচৰতে ইডিয়ে মাতি পঠিয়াইছিল, যিটো গোচৰত এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া আৰু ৪ অক্টোবৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল।

এপ্ৰিলত কেজৰিৱালকো কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোই দিল্লীৰ সুৰা নীতিৰ সৈতে সম্পৰ্কিত গোচৰত প্ৰায় নঘণ্টাধৰি সোধা-পোছা কৰিছিল। ১ নৱেম্বৰত কেজৰিৱালৰ দলে অভিযোগ কৰিছিল যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ইণ্ডিয়া’ৰ গুৰুত্বপূৰ্ণ নেতাসকলক লক্ষ্য কৰি লোৱাৰ বিজেপিৰ পৰিকল্পনাৰ অংশ হিচাপে দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰথমে গ্ৰেপ্তাৰ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু