--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰবিন্দ কেজৰিৱাল জে’ললৈ গ’লেও কাৰাগাৰৰ পৰাই চলাব চৰকাৰ৷ এই ঘোষণা আম আদমী পাৰ্টীৰ৷ দিল্লীৰ সুৰা নীতিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে কেজৰিৱাললৈ প্ৰেৰণ কৰা চমনৰ কথা উল্লেখ কৰি সোমবাৰে দলটোৱে কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে কাৰাগাৰৰ পৰাই তেওঁ দিল্লী চৰকাৰৰ কাম-কাজ পৰিচালনা কৰিব।

কেজৰিৱালক দিল্লী সুৰা নীতিৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে আহ্বান জনোৱাৰ পাছত আপে অভিযোগ কৰে যে কেজৰিৱালক কাৰাগাৰত ৰখাৰ বাবে মোদী চৰকাৰৰ এইটো এটা বৃহৎ ষড়যন্ত্ৰ।

আপৰ বিধায়ক আৰু কেজৰিৱালৰ মাজত হোৱা বৈঠক সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে কয় যে সকলো বিধায়কে মুখ্যমন্ত্ৰীক ইডিৰ চমন সত্ত্বেও তেওঁৰ পদৰ পৰা পদত্যাগ নকৰিবলৈ আহ্বান জনাইছে।

আতিশীয়ে কয়, আমি তেওঁক পদত্যাগ নকৰিবলৈ কৈছোঁ৷ কিয়নো দিল্লীৰ মানুহে কেজৰিৱালক ভোট দিছে। আনকি তেওঁ কাৰাগাৰলৈ গ’লেও, অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব৷ আপে আদালতক কাৰাগাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাব বুলিও সদৰী কৰে। 

সৌৰভ ভৰদ্বাজ আৰু আতিশীয়ে কয় যে অৰবিন্দ কেজৰিৱালে শীঘ্ৰেই দলৰ কাউন্সিলাৰসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰিব। উল্লেখ্য যে ইডিয়ে ২ নৱেম্বৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে কেজৰিৱালক চমন জাৰি কৰিছিল৷

অৱশ্যে, সূত্ৰ অনুসৰি আপ নেতাজনে বিত্তীয় নিৰীক্ষণকাৰীৰ চমন এৰাই চলি কয় যে এই চমন অবৈধ আৰু ৰাজনৈতিকভাৱে চক্ৰান্তমূলক৷ তেওঁ আৰু অভিযোগ কৰিছিল যে বিজেপিৰ অনুৰোধত ইডিয়ে চমন প্ৰেৰণ কৰিছিল তেওঁক৷

কেজৰিৱালক সেই একেটা গোচৰতে ইডিয়ে মাতি পঠিয়াইছিল, যিটো গোচৰত এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া আৰু ৪ অক্টোবৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল।

এপ্ৰিলত কেজৰিৱালকো কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোই দিল্লীৰ সুৰা নীতিৰ সৈতে সম্পৰ্কিত গোচৰত প্ৰায় নঘণ্টাধৰি সোধা-পোছা কৰিছিল। ১ নৱেম্বৰত কেজৰিৱালৰ দলে অভিযোগ কৰিছিল যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ইণ্ডিয়া’ৰ গুৰুত্বপূৰ্ণ নেতাসকলক লক্ষ্য কৰি লোৱাৰ বিজেপিৰ পৰিকল্পনাৰ অংশ হিচাপে দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰথমে গ্ৰেপ্তাৰ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ