--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ প্ৰেমৰ তাড়ণাত পৰি প্ৰথমে ভাৰতৰ যুৱক শচীনে পাকিস্তানলৈ যাব বিচাৰিছিল। সীমা হাইদৰে জেৰাৰ সময়ত আৰক্ষীৰ ওচৰত এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰে। কিন্তু প্ৰেমিকৰ হাতেৰে অংকন কৰা টাটুটো দেখাৰ পিছত পাকিস্তানলৈ যাবলৈ মানা কৰিছিল সীমাই।

সীমাই দাবী কৰে যে শচীনৰ সৈতে ভিডিঅ’ কলত কথা পাতি থাকোঁতে তেওঁৰ হাতত ‘ওম’ টেটুটো লক্ষ্য কৰিছিল। শচীনে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লওঁতে সীমাই তেওঁক বাধা দিলে। দাবী কৰে যে প্ৰেমিকৰ হাতেৰে অংকন কৰা টেটুটো কোনোবাই যদি দেখিলেহেঁতেন তেন্তে ই তেওঁক ধ্বংস কৰি পেলালেহেঁতেন। আনকি শচীনৰ মৃত্যুও হ’লহেঁতেন। সেয়ে সীমা নিজেই ভাৰতলৈ আহিছিল।

শচীনে আৰক্ষীক ক’লে যে তেওঁৰ প্ৰেমিকাই ঠিকেই কৈছে। শচীনে আৰক্ষীক ক’লে, “মই পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। পাছপ’ৰ্টৰ বাবেও আৱেদন কৰিলোঁ৷”

সীমাই দাবী কৰে যে শচীন তাইৰ প্ৰথম আৰু শেষ প্ৰেম। জীৱনৰ বাকী সময়খিনি শচীনৰ লগত কটাব খোজে। তেওঁৰ ভাষাত, “তেওঁৰ লাইমলাইটত থকাৰ কোনো ইচ্ছা নাই। শচীনৰ পৰিয়ালৰ লগত শান্তিৰে থাকিব বিচাৰো। মই এতিয়া হিন্দু। অতি সোনকালে মই ভাৰতীয় নাগৰিক হ’ম।”

কিন্তু সীমাক লৈ চিন্তিত আৰক্ষী আৰু গোয়েন্দা। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাক ইংৰাজীত দুই এটা প্ৰশ্ন কৰা হৈছিল। সেই কথাৰ উত্তৰ সীমাই খৰধৰকৈ দিলে। কেৱল সেয়াই নহয়, ইংৰাজী পঢ়িবও পাৰাে। ইংৰাজী পঢ়াৰ ধৰণ, উচ্চাৰণো যথেষ্ট ভাল আছিল। আৰু ইয়াতে আৰক্ষীৰ সন্দেহ বাঢ়িছে। আনকি এ টি এছৰ ক্ৰছ ইকজামিনেচনতো দেখা গ’ল যে কেৱল শচীনেই নহয়, দিল্লী-এন চি আৰৰ বহু লোকে পাবজী-ৰ জৰিয়তে তেওঁৰ সংস্পৰ্শত আছিল। পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ সীমাৰ সৈতে কোনো সম্পৰ্ক আছে নে নাই সেই সন্দৰ্ভতো তদন্ত চলাই আছে তেওঁলোকে।

এ টি এছৰ সূত্ৰ অনুসৰি, সীমাৰ পাকিস্তানী পৰিচয় পত্ৰ ২০২২ চনৰ ২২ ছেপ্টেম্বৰত প্ৰদান কৰা হৈছিল। জন্মৰ সময়ত পৰিচয় পত্ৰ দাখিল কৰিব লাগে। তেনেহ’লে ইমান পলমকৈ কিয় পৰিচয় পত্ৰ দিয়া হয়? এই কথাও গোয়েন্দাসকলে ভাবিছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এ টি এছে মঙলবাৰে পুনৰ জিম্মাত লয় সীমাক।

উল্লেখ্য যে PUBG খেলাৰ সময়ত সীমাই উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ শচীন মীনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ইয়াৰ পিছত প্ৰেমৰ বাবে চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আইন ভংগ কৰি ৰন্ধন গেছৰ ব্যৱহাৰ
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি