--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ প্ৰেমৰ তাড়ণাত পৰি প্ৰথমে ভাৰতৰ যুৱক শচীনে পাকিস্তানলৈ যাব বিচাৰিছিল। সীমা হাইদৰে জেৰাৰ সময়ত আৰক্ষীৰ ওচৰত এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰে। কিন্তু প্ৰেমিকৰ হাতেৰে অংকন কৰা টাটুটো দেখাৰ পিছত পাকিস্তানলৈ যাবলৈ মানা কৰিছিল সীমাই।

সীমাই দাবী কৰে যে শচীনৰ সৈতে ভিডিঅ’ কলত কথা পাতি থাকোঁতে তেওঁৰ হাতত ‘ওম’ টেটুটো লক্ষ্য কৰিছিল। শচীনে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লওঁতে সীমাই তেওঁক বাধা দিলে। দাবী কৰে যে প্ৰেমিকৰ হাতেৰে অংকন কৰা টেটুটো কোনোবাই যদি দেখিলেহেঁতেন তেন্তে ই তেওঁক ধ্বংস কৰি পেলালেহেঁতেন। আনকি শচীনৰ মৃত্যুও হ’লহেঁতেন। সেয়ে সীমা নিজেই ভাৰতলৈ আহিছিল।

শচীনে আৰক্ষীক ক’লে যে তেওঁৰ প্ৰেমিকাই ঠিকেই কৈছে। শচীনে আৰক্ষীক ক’লে, “মই পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। পাছপ’ৰ্টৰ বাবেও আৱেদন কৰিলোঁ৷”

সীমাই দাবী কৰে যে শচীন তাইৰ প্ৰথম আৰু শেষ প্ৰেম। জীৱনৰ বাকী সময়খিনি শচীনৰ লগত কটাব খোজে। তেওঁৰ ভাষাত, “তেওঁৰ লাইমলাইটত থকাৰ কোনো ইচ্ছা নাই। শচীনৰ পৰিয়ালৰ লগত শান্তিৰে থাকিব বিচাৰো। মই এতিয়া হিন্দু। অতি সোনকালে মই ভাৰতীয় নাগৰিক হ’ম।”

কিন্তু সীমাক লৈ চিন্তিত আৰক্ষী আৰু গোয়েন্দা। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাক ইংৰাজীত দুই এটা প্ৰশ্ন কৰা হৈছিল। সেই কথাৰ উত্তৰ সীমাই খৰধৰকৈ দিলে। কেৱল সেয়াই নহয়, ইংৰাজী পঢ়িবও পাৰাে। ইংৰাজী পঢ়াৰ ধৰণ, উচ্চাৰণো যথেষ্ট ভাল আছিল। আৰু ইয়াতে আৰক্ষীৰ সন্দেহ বাঢ়িছে। আনকি এ টি এছৰ ক্ৰছ ইকজামিনেচনতো দেখা গ’ল যে কেৱল শচীনেই নহয়, দিল্লী-এন চি আৰৰ বহু লোকে পাবজী-ৰ জৰিয়তে তেওঁৰ সংস্পৰ্শত আছিল। পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ সীমাৰ সৈতে কোনো সম্পৰ্ক আছে নে নাই সেই সন্দৰ্ভতো তদন্ত চলাই আছে তেওঁলোকে।

এ টি এছৰ সূত্ৰ অনুসৰি, সীমাৰ পাকিস্তানী পৰিচয় পত্ৰ ২০২২ চনৰ ২২ ছেপ্টেম্বৰত প্ৰদান কৰা হৈছিল। জন্মৰ সময়ত পৰিচয় পত্ৰ দাখিল কৰিব লাগে। তেনেহ’লে ইমান পলমকৈ কিয় পৰিচয় পত্ৰ দিয়া হয়? এই কথাও গোয়েন্দাসকলে ভাবিছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এ টি এছে মঙলবাৰে পুনৰ জিম্মাত লয় সীমাক।

উল্লেখ্য যে PUBG খেলাৰ সময়ত সীমাই উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ শচীন মীনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ইয়াৰ পিছত প্ৰেমৰ বাবে চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস