--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহানায়ক অমিতাভ বচ্চনৰ আজি অৰ্থাৎ শুক্ৰবাৰে ৮২ সংখ্যক জন্মদিন।প্ৰতি বছৰৰ দৰে অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে এইবাৰো তেওঁৰ অনুৰাগী আৰু চিনেমা জগতৰ সৈতে জড়িত লোকসকলে তেওঁক অভিনন্দন জনাইছে। গতিকে পুৱাৰে পৰা অমিতাভ বচ্চনৰ ঘৰৰ বাহিৰত এক বিশাল অনুৰাগীৰ ভিৰ। আৰু তেওঁৰ ঘৰৰ বাহিৰৰ গোটেই ৰাস্তাটো অমিতাভ বচ্চনৰ পোষ্টাৰেৰে সজাই তোলা হৈছে। অনুৰাগীসকলে পুৱাৰ পৰাই জলছাৰ বাহিৰত অমিতাভ বচ্চনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই সকলোবোৰৰ মাজতে অমিতাভ বচ্চনৰ ঘৰৰ বাহিৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত অমিতাভক নাচি থকা দেখা গৈছে।



As Amitabh Bachchan Turns 82, A Look At Why He Does Not Cut Cake On His  Birthdays - News18


অমিতাভ বচ্চনক ভাল পোৱা মানুহ অজস্ৰ ৷ সমগ্ৰ বিশ্বই তেওঁক চিনি পায়। তেওঁৰ অনুৰাগীসকলে প্ৰতি বছৰে তেওঁৰ জন্মদিনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। আৰু ১১ অক্টোবৰত জন্মদিন উপলক্ষে অমিতাভ ওলাই আহিব বুলি গভীৰ নিশাৰ পৰাই তেওঁৰ ঘৰৰ বাহিৰত ভিৰ গোট খাবলৈ আৰম্ভ কৰে। অনুৰাগীৰ সৈতে তেওঁ জন্মদিন উদযাপন কৰে। 

গতিকে অনুৰাগীসকলে পোষ্টাৰকে ধৰি অমিতাভ বচ্চনৰ বাবে বিভিন্ন উপহাৰ লৈ জলছাৰ বাহিৰত উপস্থিত হৈছে ৷ অমিতাভ বচ্চনৰ কিছুমান অনুৰাগীক তেওঁৰ দৰে অভিনয় কৰাও দেখা গৈছে ৷

Amitabh Bachchan's Best Gift On His 82nd Birthday

বচ্চনৰ এজন অনুৰাগীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁ অমিতাভ বচ্চনৰ দৰে নাচি থকা দেখা গৈছে ভিডিঅ’টোত ,শ্বেৰৱানী আৰু পাগুৰি পিন্ধি, হাতত অমিতাভ বচ্চনৰ ছবি লৈ ।

আনহাতে অমিতাভ বচ্চনৰ শেহতীয়া ছবি কল্কিত অশ্বস্তম সাজত সাজ-পোছাক পৰিধান কৰি আহিছে অনুৰাগীসকল। অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে তেওঁৰ ঘৰ জলছাৰ বাহিৰৰ পৰা বহুতো এনে দৃশ্য দেখা গৈছে। অমিতাভ বচ্চনে নিজৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই নিজৰ ঘৰৰ বাহিৰত হাত জোকাৰি অনুৰাগীক সম্ভাষণ জনায়। বগা ৰঙৰ কুৰ্তা পায়জামা পিন্ধি অমিতাভ বচ্চনে বাহিৰলৈ ওলায়। অমিতাভ বচ্চনক লগ পোৱাৰ পিছত তেওঁৰ অনুৰাগীসকলকো অতি সুখী যেন দেখা গ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement