--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহানায়ক অমিতাভ বচ্চনৰ আজি অৰ্থাৎ শুক্ৰবাৰে ৮২ সংখ্যক জন্মদিন।প্ৰতি বছৰৰ দৰে অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে এইবাৰো তেওঁৰ অনুৰাগী আৰু চিনেমা জগতৰ সৈতে জড়িত লোকসকলে তেওঁক অভিনন্দন জনাইছে। গতিকে পুৱাৰে পৰা অমিতাভ বচ্চনৰ ঘৰৰ বাহিৰত এক বিশাল অনুৰাগীৰ ভিৰ। আৰু তেওঁৰ ঘৰৰ বাহিৰৰ গোটেই ৰাস্তাটো অমিতাভ বচ্চনৰ পোষ্টাৰেৰে সজাই তোলা হৈছে। অনুৰাগীসকলে পুৱাৰ পৰাই জলছাৰ বাহিৰত অমিতাভ বচ্চনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই সকলোবোৰৰ মাজতে অমিতাভ বচ্চনৰ ঘৰৰ বাহিৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত অমিতাভক নাচি থকা দেখা গৈছে।



As Amitabh Bachchan Turns 82, A Look At Why He Does Not Cut Cake On His  Birthdays - News18


অমিতাভ বচ্চনক ভাল পোৱা মানুহ অজস্ৰ ৷ সমগ্ৰ বিশ্বই তেওঁক চিনি পায়। তেওঁৰ অনুৰাগীসকলে প্ৰতি বছৰে তেওঁৰ জন্মদিনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। আৰু ১১ অক্টোবৰত জন্মদিন উপলক্ষে অমিতাভ ওলাই আহিব বুলি গভীৰ নিশাৰ পৰাই তেওঁৰ ঘৰৰ বাহিৰত ভিৰ গোট খাবলৈ আৰম্ভ কৰে। অনুৰাগীৰ সৈতে তেওঁ জন্মদিন উদযাপন কৰে। 

গতিকে অনুৰাগীসকলে পোষ্টাৰকে ধৰি অমিতাভ বচ্চনৰ বাবে বিভিন্ন উপহাৰ লৈ জলছাৰ বাহিৰত উপস্থিত হৈছে ৷ অমিতাভ বচ্চনৰ কিছুমান অনুৰাগীক তেওঁৰ দৰে অভিনয় কৰাও দেখা গৈছে ৷

Amitabh Bachchan's Best Gift On His 82nd Birthday

বচ্চনৰ এজন অনুৰাগীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁ অমিতাভ বচ্চনৰ দৰে নাচি থকা দেখা গৈছে ভিডিঅ’টোত ,শ্বেৰৱানী আৰু পাগুৰি পিন্ধি, হাতত অমিতাভ বচ্চনৰ ছবি লৈ ।

আনহাতে অমিতাভ বচ্চনৰ শেহতীয়া ছবি কল্কিত অশ্বস্তম সাজত সাজ-পোছাক পৰিধান কৰি আহিছে অনুৰাগীসকল। অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে তেওঁৰ ঘৰ জলছাৰ বাহিৰৰ পৰা বহুতো এনে দৃশ্য দেখা গৈছে। অমিতাভ বচ্চনে নিজৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই নিজৰ ঘৰৰ বাহিৰত হাত জোকাৰি অনুৰাগীক সম্ভাষণ জনায়। বগা ৰঙৰ কুৰ্তা পায়জামা পিন্ধি অমিতাভ বচ্চনে বাহিৰলৈ ওলায়। অমিতাভ বচ্চনক লগ পোৱাৰ পিছত তেওঁৰ অনুৰাগীসকলকো অতি সুখী যেন দেখা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?