--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ-২০২২ৰ চিনেমাৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিশোৰ কুমাৰ: দ্য আলটিমেট বায়'গ্ৰাফী" গ্ৰন্থই৷ পাৰ্থিৱ ধৰ আৰু অনিৰুদ্ধ ভট্টাচাৰ্জীৰ হাতত প্ৰাণ পাই উঠিছে হিন্দী চিনেমা জগতৰ এগৰাকী উচ্চ স্তৰৰ কণ্ঠশিল্পী, অভিনেতা কিশোৰ কুমাৰৰ জীৱনীমূলক গ্ৰন্থ ‘কিশোৰ কুমাৰ: দ্য আলটিমেট বায়'গ্ৰাফী’।

যিগৰাকী শিল্পীৰ আসাধাৰণ সংগীত আৰু অভিনয়ে সহশ্ৰ শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল যাৰ অভিনয় আৰু সংগীতে আজিও অনুৰাগীক উন্মদ কৰি তোলে সেই গৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰীৰ বিষয়ে গৱেষণামুলক ভৱে লিখা অশেষ কষ্টকৰ৷ আজি দুগৰাকী লেখকৰ এই শ্ৰমে স্বীকৃতি লাভ কৰিছে৷    
 
এই গ্ৰন্থখনত খাণ্ডৱা, ভাগলপুৰ আৰু ইন্দোৰত প্ৰায় উন্নৈশ বছৰ একত্ৰিতভাৱে শুনা আৰু তেওঁৰ আপোনজনৰ সৈতে হোৱা সাক্ষাৎকাৰকে ধৰি বিশ বছৰীয়া গৱেষণাৰ ফল এই গ্ৰন্থ। জীৱনীমূলক গ্ৰন্থ খনত তেওঁৰ সংগীত, তেওঁৰ চিনেমা আৰু তেওঁৰ চিন্তাধাৰ আদিৰে ইমান বহুমাত্ৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰাৰ প্ৰয়াস ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল৷

গ্ৰন্থখনত তিনিটা মূল খণ্ড ভৈৰৱ: দ্য মৰ্নিং, পুৰৱী: দ্য আফটাৰনুন, আৰু কল্যাণ: দ্য ইভিনিং, ধ্ৰুপদী ৰাগৰ নামেৰে নামকৰণ কৰা উপখণ্ড আছে৷

তেওঁৰ অসাধাৰণতাৰ ব্যক্তিত্বক তুলিধৰাৰ লগতে, কিশোৰ কুমাৰ হাস্যৰস, আৰু কল্পনাতীত গায়কী গুণৰ লগতে শিল্পীগৰাকীৰ জীৱনৰ অন্ধকাৰ দিশসমূহৰ ওপৰতো নিৰ্মোহ বিশ্লেষণ আগবঢ়াইছে গ্ৰন্থখনত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ