--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ৰ সৈতে ছন্দ মিলাই আগবঢ়াত বিফল হৈছে দেশৰ আৰক্ষীবাহিনী৷ এতিয়াও ভাৰতৰ ২৫৭খন আৰক্ষী থানাত নাই বাহন, টেলিফোনৰ ব্যৱস্থা নাই ৬৩৮খন থানাত৷ গৃহ-মন্ত্ৰণালয়ৰ সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ কংগ্ৰেছ নেতা আনন্দ শৰ্মাৰ নেতৃত্বত গঠিত পেনেলখনত উল্লেখ কৰা হৈছে যে ২০২০ চনৰ ১ জানুৱাৰী পৰ্যন্ত দেশৰ ১৬,৮৩৩খন আৰক্ষী থানাৰ ভিতৰত ২৫৭খন আৰক্ষী থানাত নাই, ৬৩৮ খন আৰক্ষী থানাত নাই টেলিফোন আৰু ১৪৩খন আৰক্ষী থানাত নাই ৱায়াৰলেছ ব্যৱস্থা৷ সমিতিখনে কয় যে, আধুনিক আৰক্ষীৰ বাবে শক্তিশালী যোগাযোগ সমৰ্থন, অত্যাধুনিক আধুনিক অস্ত্ৰ আৰু দ্ৰুত সঁহাৰিৰ বাবে উচ্চ পৰিমাণৰ গতিশীলতাৰ প্ৰয়োজন। পেনেলে কয় যে, একবিংশ শতিকাৰ ভাৰতত টেলিফোন বা সঠিক অনাতাঁৰ সংযোগ অবিহনে আৰক্ষী থানাৰ কাম-কাজ চলি আছে৷ জম্মু-কাশ্মীৰৰ দৰে অতি সংবেদনশীল সীমান্ত কেন্দ্ৰীয় শাসিত অঞ্চলতো যথেষ্ট সংখ্যক আৰক্ষী থানা আছে য’ত টেলিফোন আৰু ৱায়াৰলেচ ব্যৱস্থা নাই বুলি সমিতিখনৰ প্ৰতিবেদনত কোৱা হৈছে। সেয়েহে, সমিতিখনে পৰামৰ্শ দিয়ে যে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে এনে ৰাজ্যবোৰক তেওঁলোকৰ আৰক্ষী থানাসমূহক পৰ্যাপ্ত বাহন আৰু যোগাযোগ সঁজুলিৰে তৎক্ষণাৎ সজ্জিত হ’বলৈ পৰামৰ্শ দিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন