--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এটা ২২ মহলীয়া অট্টালিকাৰ কেইবাটাও মহলা খহি পৰাৰ ফলত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে তদুপৰি বহুতো লোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ আছে লগতে মৃত্যুৰ আশংকাও বাঢ়িছে। ঘটনাটো সংঘটিত হৈছে, গুৰুগ্ৰামৰ চেক্টৰ 109-ৰ চিণ্টেলছ পাৰাডিচো হাউচিং কমপ্লেক্সত। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ২২ মহলীয়া অট্টালিকাৰ ষষ্ঠ মহলাত প্ৰথমে চালখন খহি পৰে। তাৰ পিছত, কেইবাটাও মহলা এটাৰ পিছত এটা কৈ খহি পৰাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাটোত এতিয়ালৈকে দুগৰাকী লোকৰ মৃত্যু হৈছে লগতে ভিতৰ ভাগত কেইবাজনো লোক আৱদ্ধ হোৱাৰ খবৰও পোৱা গৈছে। দুৰ্যোগ বাহিনী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। জানিব পৰা মতে, ভৱনটোৰ ডি ব্লকৰ ষষ্ঠ মহলাত থকা এটা ফ্লেটত মেৰামতিৰ কাম চলি আছিল আৰু মেৰামতিৰ সময়তে ঘটনাটো সংঘটিত হয়। ফ্লেটটোৰ চালৰ এটা ডাঙৰ অংশ, সেই মজিয়াৰ ড্ৰয়িং ৰুমসহ, খহি পৰিল। ষষ্ঠ মহলাৰ চালৰ ভঙা অংশৰ বাবে তলৰ মহলালৈকে সকলো ক্ষতিগ্ৰস্ত হৈছিল। ধ্বংসস্তূপৰ মাজত এতিয়াও কেইবাজনো লোক আৱদ্ধ হৈ আছে। ডিআৰএফৰ তিনিটা দলে উদ্ধাৰ অভিযান চলাই আছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ টুইটযোগে কৈছে যে, এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, বহুমহলীয়া অট্টালিকাটো নিৰ্মাণত বহুতো ত্ৰুটি আছে। এই সন্দৰ্ভত বহুতো অভিযোগ থকা স্বত্বেও, নিৰ্মাতাই কোনো সঁহাৰি দিয়া নাই, তদুপৰি নিৰ্মাতাৰ ফালৰ পৰা দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। গুৰুগ্ৰাম আৰক্ষীৰ এটা দলও ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে। ধ্বংসাৱশেষ আঁতৰাবলৈ বুলডোজাৰ অনা হৈছে লগতে উদ্ধাৰকাৰী দলে জখলাৰে মহলাত থকা আৱাসীসকলক এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক