--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এটা ২২ মহলীয়া অট্টালিকাৰ কেইবাটাও মহলা খহি পৰাৰ ফলত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে তদুপৰি বহুতো লোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ আছে লগতে মৃত্যুৰ আশংকাও বাঢ়িছে। ঘটনাটো সংঘটিত হৈছে, গুৰুগ্ৰামৰ চেক্টৰ 109-ৰ চিণ্টেলছ পাৰাডিচো হাউচিং কমপ্লেক্সত। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ২২ মহলীয়া অট্টালিকাৰ ষষ্ঠ মহলাত প্ৰথমে চালখন খহি পৰে। তাৰ পিছত, কেইবাটাও মহলা এটাৰ পিছত এটা কৈ খহি পৰাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাটোত এতিয়ালৈকে দুগৰাকী লোকৰ মৃত্যু হৈছে লগতে ভিতৰ ভাগত কেইবাজনো লোক আৱদ্ধ হোৱাৰ খবৰও পোৱা গৈছে। দুৰ্যোগ বাহিনী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। জানিব পৰা মতে, ভৱনটোৰ ডি ব্লকৰ ষষ্ঠ মহলাত থকা এটা ফ্লেটত মেৰামতিৰ কাম চলি আছিল আৰু মেৰামতিৰ সময়তে ঘটনাটো সংঘটিত হয়। ফ্লেটটোৰ চালৰ এটা ডাঙৰ অংশ, সেই মজিয়াৰ ড্ৰয়িং ৰুমসহ, খহি পৰিল। ষষ্ঠ মহলাৰ চালৰ ভঙা অংশৰ বাবে তলৰ মহলালৈকে সকলো ক্ষতিগ্ৰস্ত হৈছিল। ধ্বংসস্তূপৰ মাজত এতিয়াও কেইবাজনো লোক আৱদ্ধ হৈ আছে। ডিআৰএফৰ তিনিটা দলে উদ্ধাৰ অভিযান চলাই আছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ টুইটযোগে কৈছে যে, এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, বহুমহলীয়া অট্টালিকাটো নিৰ্মাণত বহুতো ত্ৰুটি আছে। এই সন্দৰ্ভত বহুতো অভিযোগ থকা স্বত্বেও, নিৰ্মাতাই কোনো সঁহাৰি দিয়া নাই, তদুপৰি নিৰ্মাতাৰ ফালৰ পৰা দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। গুৰুগ্ৰাম আৰক্ষীৰ এটা দলও ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে। ধ্বংসাৱশেষ আঁতৰাবলৈ বুলডোজাৰ অনা হৈছে লগতে উদ্ধাৰকাৰী দলে জখলাৰে মহলাত থকা আৱাসীসকলক এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন