--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ পৃথিৱীখন কেৱল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। প্ৰযুক্তিৰ অবিহনে জনসাধাৰণে নিজৰ কাম কৰিব নোৱাৰে। এতিয়া এই প্ৰযুক্তিয়ে এখন নতুন পৃথিৱী সৃষ্টি কৰিবলৈ ওলাইছে য'ত মানুহে বেছি কাম কৰিব নালাগিব যন্ত্ৰই সকলো কাম কৰিব, কিন্তু এই প্ৰযুক্তি মানুহৰ ওপৰত বোজা হ'ব পাৰে। ইয়াৰ এটা জীৱন্ত উদাহৰণ ফ্ল’ৰিডাত দেখা গৈছে, যিয়ে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

দৰাচলতে ইয়াৰ এজন ব্যক্তিয়ে চিকিৎসা নিৰ্মাতা কোম্পানী এটাৰ বিৰুদ্ধে গোচৰ তৰি কৈছে যে কলন কেন্সাৰৰ চিকিৎসাৰ সময়ত এটা ৰবটে তেওঁৰ পত্নীৰ অংগ বিন্ধিছিল, যাৰ ফলত তেওঁৰ মৃত্যু হৈছে। হাৰ্ভি ছাল্টজাৰ নামৰ লোকজনে ৬ ফেব্ৰুৱাৰীত ইণ্টুইটিভ চাৰ্জিকেল (আই এছ)ৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু দাবী কৰিছিল যে কোম্পানীটোৰ ৰবটে কৰা অস্ত্ৰোপচাৰৰ পাছত তেওঁৰ পত্নীয়ে স্বাস্থ্যজনিত জটিলতাত ভুগিছিল।

গোচৰ অনুসৰি হাৰ্ভিৰ পত্নী ছেণ্ড্ৰাই ২০২১ চনৰ ছেপ্টেম্বৰ মাহত বেপ্টিষ্ট হেল্থ বোকা ৰেটন আঞ্চলিক চিকিৎসালয়ত ডা ভিঞ্চি ৰবট ব্যৱহাৰ কৰি তেওঁৰ কলন কেন্সাৰৰ চিকিৎসাৰ বাবে অপাৰেচন কৰিছিল, যিটো এটা ৰিম’ট কণ্ট্ৰ’ল ডিভাইচ। এই ৰবটটোৰ সন্দৰ্ভত কোম্পানীটোৱে এটা বিজ্ঞাপন দিছিল, য’ত দাবী কৰা হৈছিল যে এই ৰবটে চিকিৎসকে কৰিব নোৱাৰা কামটো সহজেই কৰিব পাৰে। গোচৰটোত দাবী কৰা হৈছে যে ৰবটটোৱে মহিলাগৰাকীৰ ক্ষুদ্ৰান্ত্ৰত ফুটা কৰিছিল, যাৰ বাবে তেওঁৰ কিছু অতিৰিক্ত অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।

কিন্তু এই সকলোবোৰ প্ৰক্ৰিয়াৰ পিছত মহিলাগৰাকীৰ পেটৰ বিষ হৈয়েই থাকিল আৰু এই সময়ছোৱাত তেওঁৰ জ্বৰো হ’ল। তাৰ পিছত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ মৃত্যু হয়। গোচৰটোত অভিযোগ কৰা হৈছে যে কোম্পানীটোৱে জানিছিল যে ৰবটটোৰ ইনচুলেচনৰ সমস্যা আছে যাৰ ফলত ইয়াৰ অভ্যন্তৰীণ অংগ জ্বলিব পাৰে, কিন্তু এই বিপদৰ কথা প্ৰকাশ কৰা নাছিল, যাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হৈছিল।

মহিলাগৰাকীৰ স্বামীয়ে এতিয়া কোম্পানীটোৰ বিৰুদ্ধে গাফিলতি, প্ৰডাক্টৰ দায়বদ্ধতা, ডিজাইনৰ দোষ, বিপদ প্ৰকাশ নকৰা, কনচৰ্টিয়াম হেৰুৱা আৰু শাস্তিমূলক ক্ষতিপূৰণৰ গোচৰ ৰুজু কৰি ৭৫ হাজাৰ ডলাৰ ক্ষতিপূৰণৰ দাবী জনাইছে। গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াব আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ