--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  প্ৰটিন আৰু আঁহযুক্ত অংকুৰিত শস্য স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিশেষকৈ জিমলৈ যোৱা আৰু ওজন কমাব বিচৰা লোকৰ বাবে পুৱাৰ ব্ৰেকফাষ্টত এইটো এটা উত্তম বিকল্প। অংকুৰিত খাদ্যত থকা আঁহে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰে। অংকুৰিত শস্য সেৱন কৰাটো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, বিশেষকৈ কেন্সাৰ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধৰ কৰাত সহায় কৰে।

কেন্সাৰ প্ৰতিৰোধ কৰে-
অংকুৰিত শস্য এন্টিঅক্সিডেন্টৰ উৎস বুলি গণ্য কৰা হয়, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু কেন্সাৰৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পায়।

হৃদৰোগ প্ৰতিৰোধ কৰে-
অংকুৰিত শস্যত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি ইয়াত থকা পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হাৰ্টএটেকৰ সম্ভাৱনাও হ্ৰাস কৰে।

পাচনতন্ত্ৰৰ বাবে উপকাৰী-
ইয়াত অধিক পৰিমাণৰ উচ্চ আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য সমস্যাৰ পৰা উপশম পোৱা যায়। অংকুৰিত শস্যত পোৱা এনজাইমে পাচনতন্ত্ৰ শক্তিশালী কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-
অংকুৰিত শস্যত বহুতো ভিটামিন আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান বিশেষকৈ ভিটামিন-চি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা ভিটামিনসমূহ পোৱা যায়।

ওজন কমাবলৈ সৰ্বোত্তম
অংকুৰিত শস্যত কেলৰি কম থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা উচ্চ প্ৰটিনেও লোভ নিয়ন্ত্ৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ