--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'দূৰ কিতনা ভি যা, জোবান ছে দূৰ না যা পাওগে' - কেশৰৰ সোৱাদ বিচাৰি 'বিমল'ৰ পাছে পাছে দৌৰিছে অজয়-শ্বাহৰূখে৷ বলীউড অভিনেতা অজয় দেৱগনৰ পাছত এইবাৰ কেশৰৰ মোহত বন্দী কিং খান খ্যাত শ্বাহৰূখ খান৷ যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় বিমল পানমছলাৰ বিজ্ঞাপনত এইবাৰ একেলগে দেখা গ'ল অজয়-শ্বাহৰূখক৷ "আহে আহে কেশৰৰ সোৱাদ" - অজয়ৰ এই বিজ্ঞাপনৰ পাছৰে পৰা বিমলৰ মাজত কেশৰৰ সোৱাদ ল'বলৈ লানি নিচিঙা হৈছে যুৱচামৰ৷

বিমলৰ

অৱশ্যে গুটখা, পানমছলাৰ কোম্পানীসমূহে এনে ধৰণৰ বিজ্ঞাপন প্ৰদান কৰি বিপদত পৰিছে৷ বিশেষকৈ অজয় দেৱগন আৰু শ্বাহৰূখ খানৰ দৰে বলীউড তাৰকাক এনে বিজ্ঞাপনত লোৱাৰ পাছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছে গুটখা কোম্পানী৷ যুৱ প্ৰজন্মই সততে আকৰ্ষিত হোৱা গুটখা জাতীয় সামগ্ৰীৰ বিজ্ঞাপনত বলীউড অভিনেতা দুগৰাকীক লোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কোম্পানীক প্ৰেৰণ কৰিছে জাননী৷

গুটখা আৰু যুৱ সমাজ - এক এৰাব নোৱাৰা বান্ধোনত বান্ধ খাই পৰিছে বৰ্তমান সময়ত৷ অজয় দেৱগনৰ এগৰাকী অনুৰাগীয়ে গুটখাৰ বিজ্ঞাপন অনুসৰণ কৰি চিকাৰ হ'ব লগা হ'ল কেন্সাৰ ৰোগৰ৷ নানাকৰম মীনা নামৰ এগৰাকী ৪০বছৰীয়া ব্যক্তি অজয় দেৱগনৰ বিজ্ঞাপনৰ পাছতে নিয়মীয়াকৈ গ্ৰহণ কৰিছিল গুটখা৷ ৰোগীজনৰ পৰিয়ালৰ লোকে জনোৱা মতে অত্যাধিক গুটখা গ্ৰহণৰ পাছতে আক্ৰান্ত হয় কেন্সাৰত৷ ইয়াৰ পাছৰে পৰা ব্যক্তিগৰাকীয়ে পথত পুস্তিকা বিতৰণ কৰে গুটখা গ্ৰহণ নকৰিব বাবে৷ এয়া এক উদাহৰণহে মাথো, যুৱ প্ৰজন্মৰ বহুতো গুটখাৰ কৱলতে কম বয়সতে মাৰাত্মক ৰোগৰ চিকাৰ হ'ব লগা হয়৷ গতিকে কোম্পানীসমূহে এই ক্ষেত্ৰত নিজৰ লাভালাভ সমূহৰ কাৰণে তথা জনপ্ৰিয় তাৰকা-মহাতাৰকাক এনে বিজ্ঞাপনত সংযোজিত কৰোৱাই ভয়ংকৰ বিপদৰ মাজলৈ থেলি দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ