--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'দূৰ কিতনা ভি যা, জোবান ছে দূৰ না যা পাওগে' - কেশৰৰ সোৱাদ বিচাৰি 'বিমল'ৰ পাছে পাছে দৌৰিছে অজয়-শ্বাহৰূখে৷ বলীউড অভিনেতা অজয় দেৱগনৰ পাছত এইবাৰ কেশৰৰ মোহত বন্দী কিং খান খ্যাত শ্বাহৰূখ খান৷ যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় বিমল পানমছলাৰ বিজ্ঞাপনত এইবাৰ একেলগে দেখা গ'ল অজয়-শ্বাহৰূখক৷ "আহে আহে কেশৰৰ সোৱাদ" - অজয়ৰ এই বিজ্ঞাপনৰ পাছৰে পৰা বিমলৰ মাজত কেশৰৰ সোৱাদ ল'বলৈ লানি নিচিঙা হৈছে যুৱচামৰ৷

বিমলৰ

অৱশ্যে গুটখা, পানমছলাৰ কোম্পানীসমূহে এনে ধৰণৰ বিজ্ঞাপন প্ৰদান কৰি বিপদত পৰিছে৷ বিশেষকৈ অজয় দেৱগন আৰু শ্বাহৰূখ খানৰ দৰে বলীউড তাৰকাক এনে বিজ্ঞাপনত লোৱাৰ পাছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছে গুটখা কোম্পানী৷ যুৱ প্ৰজন্মই সততে আকৰ্ষিত হোৱা গুটখা জাতীয় সামগ্ৰীৰ বিজ্ঞাপনত বলীউড অভিনেতা দুগৰাকীক লোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কোম্পানীক প্ৰেৰণ কৰিছে জাননী৷

গুটখা আৰু যুৱ সমাজ - এক এৰাব নোৱাৰা বান্ধোনত বান্ধ খাই পৰিছে বৰ্তমান সময়ত৷ অজয় দেৱগনৰ এগৰাকী অনুৰাগীয়ে গুটখাৰ বিজ্ঞাপন অনুসৰণ কৰি চিকাৰ হ'ব লগা হ'ল কেন্সাৰ ৰোগৰ৷ নানাকৰম মীনা নামৰ এগৰাকী ৪০বছৰীয়া ব্যক্তি অজয় দেৱগনৰ বিজ্ঞাপনৰ পাছতে নিয়মীয়াকৈ গ্ৰহণ কৰিছিল গুটখা৷ ৰোগীজনৰ পৰিয়ালৰ লোকে জনোৱা মতে অত্যাধিক গুটখা গ্ৰহণৰ পাছতে আক্ৰান্ত হয় কেন্সাৰত৷ ইয়াৰ পাছৰে পৰা ব্যক্তিগৰাকীয়ে পথত পুস্তিকা বিতৰণ কৰে গুটখা গ্ৰহণ নকৰিব বাবে৷ এয়া এক উদাহৰণহে মাথো, যুৱ প্ৰজন্মৰ বহুতো গুটখাৰ কৱলতে কম বয়সতে মাৰাত্মক ৰোগৰ চিকাৰ হ'ব লগা হয়৷ গতিকে কোম্পানীসমূহে এই ক্ষেত্ৰত নিজৰ লাভালাভ সমূহৰ কাৰণে তথা জনপ্ৰিয় তাৰকা-মহাতাৰকাক এনে বিজ্ঞাপনত সংযোজিত কৰোৱাই ভয়ংকৰ বিপদৰ মাজলৈ থেলি দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু