--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰাজকুন্দ্ৰাৰ ৰাজপাট কাঢ়িছিল নিজ পৰিয়ালেই ! বিগত কেইমাহমানৰ পৰাই চৰ্চাত আছে ৰাজ-শিল্পা। সমগ্ৰ পৃথিৱী জোকাৰি যোৱা পৰ্ণগ্ৰাফীৰ কাণ্ডৰ বাবেই ছিৰাল-ফাট মেলিছিল শিল্পাৰ সংসাৰত। শিল্পাইয়ো টেলিভিছন-ৰ ৰিয়েলিটী শ্ব’ত ৰাজৰ এই কু-কৰ্মৰ কথা সুঁৱৰি কান্দোনত ভাগি পৰিছিল। ৰাজৰ পৰিৱৰ্তে নতুন জীৱন সংগীও বিচাৰি লোৱাৰো কথা প্ৰকাশ কৰিছিল শিল্পাই। অৱশ্যে, ৰাজে কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতে শিল্পাই আদৰি লৈছিল ৰাজক। হাঁহিৰ লহৰ উঠিছিল শিল্পাৰ বাসগৃহত।

উল্লেখ্য যে, বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা প্ৰখ্যাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল পৰ্ণগ্ৰাফীৰ গোচৰত। মুম্বাই আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছিল কেতবোৰ বিস্ফোৰক তথ্য। অভিযুক্ত ৰাজকুন্দ্ৰাই দুমাহৰ কাৰাবাসো খাটিব লগা হৈছিল উক্ত গোচৰৰ বাবে। কিন্তু দীৰ্ঘসময়ৰ মৌনতা ভংগ কৰিছে ৰাজ। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াযোগে প্ৰদান কৰা এক বিবৃতিত তেওঁ কেতিয়াও পৰ্ণগ্ৰাফীৰ সৈতে জড়িত নাছিল বুলিও সদৰী কৰিছে।

সংবাদ মাধ্যমক সমালোচনা কৰি ৰাজ কুন্দ্ৰাই কয়, বহুতো পৰ্টেলে মোক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে। সংবাদ মাধ্যমক কটাক্ষ কৰি তেওঁৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা কথাটোক 'মিডিয়া ট্ৰায়েল' বুলি অভিহিত কৰি ৰাজে কয়, ‘ মিডিয়াৰ এনে কাৰ্যই মোৰ ব্যক্তিগত গোপনীয়তাত আঘাত হানিছে।’ ৰাজে লগতে কয়, ‘ মানুহ হিচাপে মই নিজে ক্ষতিগ্ৰস্ত হৈছো আৰু মোৰ পৰিয়ালৰ ওপৰতো গ্লানিৰ ছিটিকনি পৰিছে। সামাজিক মাধ্যমতো নেতিবাচক মন্তব্যৰে থকা-সৰকা কৰা হৈছে মোৰ পৰিয়ালক-অহেতুক। বিষয়টো এতিয়াও সম্পূৰ্ণৰূপে মীমাংসা হোৱা নাই। গতিকে, এতিয়া মই এই বিষয়ে আৰু অধিক ক’বলৈ নোৱাৰিম। কিন্তু মই বিচাৰৰ সন্মুখীন হ'বলৈ সাজু। ন্যায়পালিকাৰ ওপৰতো আছে সম্পূৰ্ণ আস্থা।সত্যৰ জয় হ'বই।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ