--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ উথপথপ বলীউড! এখন বিবাহৰ বতৰাই ৰোমাঞ্চিত কৰিছে সকলোকে। মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলৰ প্ৰেমৰ গুঞ্জন উঠিছে বলীউডত। জানিবলৈ পোৱা মতে, দীঘলীয়া সম্পৰ্কৰ পাছত এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে দুয়ো। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, চলিত বৰ্ষৰ ডিচেম্বৰত ৰাজস্থানত বিকি-কেটৰিনাৰ বিবাহ অনুষ্ঠান!

এক বিশেষ সূত্ৰৰ মতে, কেটৰিনাই ১৮ আগষ্টত বিকিৰ সৈতে সামাজিক মাধ্যমত ফটো প’ষ্ট কৰিছিল। এইবাৰ বিকি-কেটৰিনাই সম্পৰ্কৰ পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হৈছে। তেওঁলোকে সোনকালেই বিবাহপাশত আবদ্ধ হ’ব বুলিও গুজব উঠিছে। বিশেষ সূত্ৰৰ মতে, কেটৰিনা-বিকিয়েও বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকৰ বিবাহৰ পোছাক ডিজাইন কৰি আছে সব্যসাচীয়ে। এতিয়াৰেপৰাই পোছাক বাছনি কৰিছে ক্যাট সুন্দৰীয়ে। ৰেচমৰ কাপোৰৰ লেহেংগাও হেনো বনাবলৈ দিছে কেটৰিনাই। বলীউডৰ এই হাইপ্ৰফাইল বিয়াখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীয়ে।


কিন্তু বিনোদনধৰ্মী সংবাদ মাধ্যম বলীউড লাইফে বুধবাৰে এক বিশেষ প্ৰতিবেদনত কেটৰিনা কাইফৰ ডিচেম্বৰৰ বিবাহৰ বাতৰি সঁচা নহয় বুলি দাবী কৰিছে। কেটৰিনা কাইফে কয়, ‘বাতৰিটো মিছা আৰু মই বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভবা নাই।’ যদি কেটৰিনাৰ বিয়াৰ কথা মিছা তেনেহ’লে এই অপপ্ৰচাৰ কিয় বুলি সোধাত তেওঁ কয়, ‘এইটো কোনো নতুন কথা নহয়। ১৫ বছৰ ধৰি এই পৰিস্থিতিটোৰ সৈতে মোকাবিলা কৰি আহিছো।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ