--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ উথপথপ বলীউড! এখন বিবাহৰ বতৰাই ৰোমাঞ্চিত কৰিছে সকলোকে। মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলৰ প্ৰেমৰ গুঞ্জন উঠিছে বলীউডত। জানিবলৈ পোৱা মতে, দীঘলীয়া সম্পৰ্কৰ পাছত এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে দুয়ো। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, চলিত বৰ্ষৰ ডিচেম্বৰত ৰাজস্থানত বিকি-কেটৰিনাৰ বিবাহ অনুষ্ঠান!

এক বিশেষ সূত্ৰৰ মতে, কেটৰিনাই ১৮ আগষ্টত বিকিৰ সৈতে সামাজিক মাধ্যমত ফটো প’ষ্ট কৰিছিল। এইবাৰ বিকি-কেটৰিনাই সম্পৰ্কৰ পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হৈছে। তেওঁলোকে সোনকালেই বিবাহপাশত আবদ্ধ হ’ব বুলিও গুজব উঠিছে। বিশেষ সূত্ৰৰ মতে, কেটৰিনা-বিকিয়েও বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকৰ বিবাহৰ পোছাক ডিজাইন কৰি আছে সব্যসাচীয়ে। এতিয়াৰেপৰাই পোছাক বাছনি কৰিছে ক্যাট সুন্দৰীয়ে। ৰেচমৰ কাপোৰৰ লেহেংগাও হেনো বনাবলৈ দিছে কেটৰিনাই। বলীউডৰ এই হাইপ্ৰফাইল বিয়াখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীয়ে।


কিন্তু বিনোদনধৰ্মী সংবাদ মাধ্যম বলীউড লাইফে বুধবাৰে এক বিশেষ প্ৰতিবেদনত কেটৰিনা কাইফৰ ডিচেম্বৰৰ বিবাহৰ বাতৰি সঁচা নহয় বুলি দাবী কৰিছে। কেটৰিনা কাইফে কয়, ‘বাতৰিটো মিছা আৰু মই বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভবা নাই।’ যদি কেটৰিনাৰ বিয়াৰ কথা মিছা তেনেহ’লে এই অপপ্ৰচাৰ কিয় বুলি সোধাত তেওঁ কয়, ‘এইটো কোনো নতুন কথা নহয়। ১৫ বছৰ ধৰি এই পৰিস্থিতিটোৰ সৈতে মোকাবিলা কৰি আহিছো।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু