--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেটৰিনা কাইফ আৰু বিকি‌ কৌশলৰ বিয়াৰ গুঞ্জন উঠা সময়তে আন এখন বিয়াৰ খবৰে শেহতীয়াকৈ চৰ্চা লাভ কৰা দেখা গৈছে। ঘুনক-ঘানাককৈ এইবাৰ ৰনবীৰ-আলিয়াৰ বিয়াৰ প্ৰসংগও ওলাইছে বলীউড ত। চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে চাৰিখন হাত একলগ হ’বলৈ ওলাইছে।তাকে শুনি উথপথপ বলীউড। অৱশ্যে, ভাট কন্যাৰ বিয়াৰ বাতৰি কিমানদূৰ সত্য সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই।


উল্লেখ্য যে, ৰনবীৰ-আলিয়াৰ প্ৰেম বলীউড এৰিনাত এক চিৰ চৰ্চিত বিষয়। বহু দিনৰ পৰাই দুয়োৰে প্ৰেমৰ গুঞ্জন চলি আছে। ৰূপালী পৰ্দাৰ বাহিৰত দুয়ো একেলগে কটোৱা অন্তৰংগ মুহূৰ্তবোৰেই হেনো তাৰ প্ৰমাণ! যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ গভীৰতাক লৈ নানা তৰহৰ গুজৱ সৃষ্টি হৈ আহিছে। বলীউডৰ এই যুঁটিয়ে প্ৰেমৰ বিষয়টো পোনপটীয়াকৈ স্বীকাৰ কৰা নাছিল যদিও আকাৰে-ইংগিতে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা স্বৰূপাৰ্থতে জনজাত হৈ পৰিছিল।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এইবাৰ ৰণবীৰ-আলিয়াৰ বিবাহৰ গুঞ্জন আৰু অধিক শক্তিশালী হৈ পৰিছে। জানিবলৈ পোৱা মতে, বিগত বৰ্ষতে দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু কৰ’না মহামাৰীৰ বাবে বিয়াৰ তাৰিখ পিছুৱাবলগীয়া হৈছিল এই তাৰকা যুটিয়ে।সেইবাবে এইবাৰ আৰু পলম কৰিব বিচৰা নাই ৰনবীৰ-আলিয়াই। দিন-বাৰ চাই ডিচেম্বৰতে শহুৰৰ ঘৰলৈ যাৱলৈ সাজু আলিয়া। বিয়াৰ খবৰত উত্‍ফুল্লিত দুই তাৰকা যুটিৰ পৰিয়াল। বিবাহৰ দিনটোৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে আলিয়াৰ পিতৃ-মাতৃয়ে।

ইফালে, ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আলিয়া-ৰণবীৰে বিয়াৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ নতুন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কামো স্থগিত ৰাখিছে। ডিচেম্বৰৰ পৰিৱৰ্তে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ছবিখনৰ দৃশ্যগ্ৰহণ কাম আৰম্ভ কৰিবলৈ প্ৰযোজক-পৰিচালকক অনুৰোধো কৰিছে ৰনবীৰ-আলিয়াই। এই ঘটনাতো পোহৰলৈ অহাৰ পাছত বহুতে অনুমান কৰিছে যে, ৰণবীৰ-আলিয়াই ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে। বিগত বৰ্ষৰ এটা সাক্ষাৎকাৰত, ৰণবীৰে চলচ্চিত্ৰ সমালোচক ৰাজীৱ মাচান্দক কৈছিল যে, যদি কৰ’না মহামাৰীয়ে বিধি-পথালি নিদিয়াহেঁতেন বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হ'লহেঁতেন দুয়ো। এ‌ইবাৰ আৰু ৰৈ থকাৰ কথা নাই। অতিশীঘ্ৰে বৈৱাহিক জীৱনৰ পাতনি মেলিবলৈ গৈ আছে ৰনবীৰ-আলিয়াই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ