--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছলমান খানৰ হাতত ধৰি অভিনয়ৰ ক্ষেত্ৰলৈ আহিছিল। প্ৰথম দৃষ্টিত দৰ্শকে তাইক দেখি ক'লে, "সেইজনী ঠিক কেটৰিনা কাইফ!" কিন্তু এই সাদৃশ্যৰ বাবেই অভিনেত্ৰী জাৰিন খানে বলীউডত ক্ষতিগ্ৰস্ত হৈছিৱ! বলীউডলৈ অহাৰ পিছত তেওঁক অহংকাৰীউপাধি দিয়া হৈছিল। ২০১০ চনত জৰীনে বীৰছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে।

 

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বলীউডৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কয়। জৰিনে কয়, ‘বীৰছবিখনত অভিনয় কৰাৰ পিছৰ সময়খিনি মোৰ বাবে একেবাৰেই ভাল নাছিল। বহুত সমালোচনাৰ সন্মুখীন হলোঁ৷ ডাঙৰ ডাঙৰ ছবি আছিল। সঁচাকৈয়ে এতিয়ালৈকে জীৱন সলনি কৰা মুহূৰ্ত আছিল। প্ৰথমতে মই বৰ সুখী হৈছিলো কেটৰিনাৰ লগত কৰা তুলনাত। বৰ ধুনীয়া তাই। কিন্তু এই কথাটো ওলোটা হৈ গৈছে।"

 

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘মোৰ ওজন অতিৰিক্ত আছিল। গতিকে কেটৰিনাৰ লগত মোৰ তুলনা মোৰ বাবে এটা ডাঙৰ কথা আছিল। কিন্তু এই সাদৃশ্যৰ পৰাই মোৰ দুখ-কষ্ট আৰম্ভ হয়। উদ্যোগটোত হেৰাই গলোঁ৷ বেছিভাগ মানুহকে চিনি নাপালোঁ। কেৱল পৰিচালক আৰু প্ৰযোজকৰ নামহে জানিছিলোঁ। সিহঁতে ভাবিবলৈ ধৰিলে, মই নিশ্চয় বৰ সৰু। ছলমান খানৰ ছবিখনত অভিষেক ঘটোৱাৰ বাবে মই গৌৰৱান্বিত।

 

সেই সময়ৰ উত্থান-পতনৰ বিষয়ে জাৰিনে কয়, “এটা সময় আছিল যেতিয়া মই ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰিছিলো। কাপোৰৰ ওপৰত সকলোৱে মন্তব্য কৰিলে। কেটৰিনাৰ সৈতে হোৱা উপমাটোৱে নেতিবাচক আকৃতি লবলৈ আৰম্ভ কৰে। মোৰ ওজনক লৈ জোকাইছিল। মোক কিমান নাম মাতিছিল।"

 

বীৰৰ উপৰিও জৰীনে হাউছফুল ২’, ‘আক্সাৰ ২’, ‘১৯২১কে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ