--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰীবাদৰ ওপৰত বিতৰ্কিত মন্তব্যৰ বাবে নোৰা ফাতেহীক সমালোচনা কৰা হৈছিল। কিছুমাহ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে নাৰীবাদৰ বাবেই সমাজখন অগাধলৈ গৈছে। কোনো মহিলাই স্বেচ্ছাই বিয়া বা সন্তান জন্ম দিয়া নাই বুলি সমালোচনা কৰে নোৰাই। সেই বিষয়ে পুনৰ অভিনেত্ৰীগৰাকীয়ে মুখ মেলিলে। নোৰাই দাবী কৰিছিল যে তাইৰ কথাৰ অৰ্থ কোনেও বুজি নাপালে। অৱশ্যে এই মন্তব্যৰ বাবেও তেওঁ ক্ষমা বিচাৰিলে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নোৰাই কয় যে যিসকল প্ৰকৃত নাৰীবাদী সেইসকলক তেওঁ এই মন্তব্য কৰা নাছিল। বা যিসকলে নাৰীৰ অধিকাৰক লৈ কণ্ঠস্বৰ প্ৰকাশ কৰে, নোৰাই কয় যে এই মন্তব্য তেওঁলোকৰ বাবেও নহয়। পশ্চিমীয়া দেশৰ ‘তথাকথিত নাৰীবাদ’ক লক্ষ্য কৰি এই মন্তব্য কৰা বুলি অভিনেত্ৰীগৰাকীয়ে কয়। নোৰাই কয়, ‘মই এটা কথা স্পষ্টকৈ ক’ব বিচাৰো, এই সমস্যা ভাৰতৰ নহয়। আমি এতিয়াও সংস্কৃতি আৰু মৰ্যাদাক মূল্য দিওঁ। কিন্তু পশ্চিমীয়া দেশৰ বহু লোক আছে যিয়ে ভাবিছে যে সকলো কাম অকলে কৰিব পাৰি। আনকি সন্তান জন্ম দিয়া আৰু অকলে চোৱা-চিতা কৰা সম্ভৱ বুলিও ভাবে। অৱশ্যেই কৰিব পাৰি। কিন্তু এই বিষয়টোক ইমান উৎসাহিত কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ পিতৃ, মাতৃ আৰু সন্তানে গঢ় লৈ উঠা পৰিয়ালৰ গাঁথনিক উৎসাহিত কৰা উচিত।”

নোৰাই কয় যে তেওঁ এই মন্তব্য নিজৰ অভিজ্ঞতাৰ পৰাই কৰিছে। তেওঁৰ ভাষাত "মোৰ পৰিয়ালৰো বিবাহ বিচ্ছেদ হ'ল। মোৰ ১০-১১ বছৰ বয়সত মোৰ মা-দেউতাৰ বিবাহ বিচ্ছেদ হৈছিল। অকলশৰীয়া মাতৃ হোৱাৰ দোষবোৰ মই নিজ চকুৰে দেখিছোঁ।” 

নোৰাই তেওঁৰ পুৰণি মন্তব্যৰ বিষয়ে কয়, ‘মোৰ মন্তব্যৰ সঠিক ব্যাখ্যা কৰা হোৱা নাছিল। কিন্তু যদি সঁচাকৈয়ে কাৰোবাক আঘাত দিলোঁ তেন্তে তাৰ বাবে ক্ষমা বিচাৰিছো। কিন্তু মোৰ উদ্দেশ্য সেয়া নাছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ