--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰীবাদৰ ওপৰত বিতৰ্কিত মন্তব্যৰ বাবে নোৰা ফাতেহীক সমালোচনা কৰা হৈছিল। কিছুমাহ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে নাৰীবাদৰ বাবেই সমাজখন অগাধলৈ গৈছে। কোনো মহিলাই স্বেচ্ছাই বিয়া বা সন্তান জন্ম দিয়া নাই বুলি সমালোচনা কৰে নোৰাই। সেই বিষয়ে পুনৰ অভিনেত্ৰীগৰাকীয়ে মুখ মেলিলে। নোৰাই দাবী কৰিছিল যে তাইৰ কথাৰ অৰ্থ কোনেও বুজি নাপালে। অৱশ্যে এই মন্তব্যৰ বাবেও তেওঁ ক্ষমা বিচাৰিলে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নোৰাই কয় যে যিসকল প্ৰকৃত নাৰীবাদী সেইসকলক তেওঁ এই মন্তব্য কৰা নাছিল। বা যিসকলে নাৰীৰ অধিকাৰক লৈ কণ্ঠস্বৰ প্ৰকাশ কৰে, নোৰাই কয় যে এই মন্তব্য তেওঁলোকৰ বাবেও নহয়। পশ্চিমীয়া দেশৰ ‘তথাকথিত নাৰীবাদ’ক লক্ষ্য কৰি এই মন্তব্য কৰা বুলি অভিনেত্ৰীগৰাকীয়ে কয়। নোৰাই কয়, ‘মই এটা কথা স্পষ্টকৈ ক’ব বিচাৰো, এই সমস্যা ভাৰতৰ নহয়। আমি এতিয়াও সংস্কৃতি আৰু মৰ্যাদাক মূল্য দিওঁ। কিন্তু পশ্চিমীয়া দেশৰ বহু লোক আছে যিয়ে ভাবিছে যে সকলো কাম অকলে কৰিব পাৰি। আনকি সন্তান জন্ম দিয়া আৰু অকলে চোৱা-চিতা কৰা সম্ভৱ বুলিও ভাবে। অৱশ্যেই কৰিব পাৰি। কিন্তু এই বিষয়টোক ইমান উৎসাহিত কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ পিতৃ, মাতৃ আৰু সন্তানে গঢ় লৈ উঠা পৰিয়ালৰ গাঁথনিক উৎসাহিত কৰা উচিত।”

নোৰাই কয় যে তেওঁ এই মন্তব্য নিজৰ অভিজ্ঞতাৰ পৰাই কৰিছে। তেওঁৰ ভাষাত "মোৰ পৰিয়ালৰো বিবাহ বিচ্ছেদ হ'ল। মোৰ ১০-১১ বছৰ বয়সত মোৰ মা-দেউতাৰ বিবাহ বিচ্ছেদ হৈছিল। অকলশৰীয়া মাতৃ হোৱাৰ দোষবোৰ মই নিজ চকুৰে দেখিছোঁ।” 

নোৰাই তেওঁৰ পুৰণি মন্তব্যৰ বিষয়ে কয়, ‘মোৰ মন্তব্যৰ সঠিক ব্যাখ্যা কৰা হোৱা নাছিল। কিন্তু যদি সঁচাকৈয়ে কাৰোবাক আঘাত দিলোঁ তেন্তে তাৰ বাবে ক্ষমা বিচাৰিছো। কিন্তু মোৰ উদ্দেশ্য সেয়া নাছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ