--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফৰ স্বামী বিকি কৌশলৰ প্ৰেমত পৰিছে মোহময়ী অভিনেত্ৰী ছাৰা আলী খান! দুয়োজনে ইজনে-সিজনক আলিংগন কৰিছে! দেখিলেই ভাললগা এটা দৃশ্য। পাছে এই দৃশ্যপট বাস্তৱত নহয়, চিনেমাতহে দুয়োজনকে এনেদৰে দেখিবলৈ পোৱা গৈছে। ভাললগা এই নিবিড় মুহূৰ্তৰ দৃশ্যপট চিনেমাৰ হ’লেও দুয়োজনৰ আৱেদনময়ী ছবিখন সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছবিখন পোষ্ট কৰিছিল ছেঈফ কন্যা ছাৰাই। সম্প্ৰতি ইন্দোৰত বিকি কৌশলৰ সৈতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত ছাৰা আলী খান। বিয়াৰ পাছতে বিকিয়ে কেটৰিনাক এৰি ছবিৰ শ্বুটিঙৰ বাবে গৈছিল। ইনষ্টাগ্ৰামত সেই দৃশ্যগ্ৰহণৰ এটা মুহূৰ্ত শ্বেয়াৰ কৰি ছাৰাই তেওঁৰ সহ-তাৰকা, অভিনেত্ৰী আৰু কলা-কুশলীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা বুলিও সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। সেয়া যি কি নহওক, আবেদনময়ী এই ছবিখনে এতিয়া সৰ্বত্ৰে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত বিকি কৌশলৰ প্ৰশংসা কৰি ছাৰাই লিখিছে, ‘শ্বুটিং ছেটত তোমাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত স্মৰণীয় হৈ ৰ'ব। বিশেষকৈ পঞ্জাৱী গানৰ দৃশ্যগ্ৰহণ আৰু কেম্পফায়াৰৰ কথা বৰকৈ মনত পৰিছে। বিকি, তুমি পৃথিৱীৰ আটাইতকৈ নম্ৰ, প্ৰতিভাশালী অভিনেতাসকলৰ মাজৰ এজন। তোমাৰ সৈতে অভিনয় কৰিবলৈ পাই কিম্বা স্ক্ৰীণৰ ভাগ-বতৰা কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো। বহুত শিকিছো তোমাৰ পৰা।’ ছাৰাৰ পোষ্টৰ প্ৰতি যোগাত্মক সঁহাৰি জনাইছে কেট পত্নী বিকিয়ে। তেওঁ লিখিছে, ‘ময়ো তোমাৰ সৈতে কাম কৰিবলৈ পোৱাটো ভাগ্যৰ কথা। এগৰাকী মানুহ আৰু অভিনেত্ৰী হিচাপে তুমি অসাধাৰণ।’ মন কৰিবলগীয়া যে, বিকি-ছাৰাই পোন প্ৰথমবাৰৰ বাবে কোনো এখন ছবিত একেলগে অভিনয় কৰিছে। আনন্দ এল ৰায়ৰ ‘আত্ৰাংগী ৰে’ত কৰা দৰ্শনীয় অভিনয়েৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ছাৰাই। আৰু বিকিক শেষবাৰৰ বাবে ‘সদৰ উধম’ ছবিত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পাছতে কেটৰিনাৰে বিবাহ পাশত আৱদ্ধ হৈছিল বিকি। ছাৰা আলীৰ সৈতে বিকিৰ এই ৰোমাঞ্চ ছবিৰ কাহানিৰ মাজতে সীমাবদ্ধ থাকিব নে বিকল্প পথ ল’ব বিকিয়ে ? অনুৰাগীৰ মাজত এতিয়া এনেধৰণৰ প্ৰশ্নই অগা-দেৱা কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ