--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফৰ স্বামী বিকি কৌশলৰ প্ৰেমত পৰিছে মোহময়ী অভিনেত্ৰী ছাৰা আলী খান! দুয়োজনে ইজনে-সিজনক আলিংগন কৰিছে! দেখিলেই ভাললগা এটা দৃশ্য। পাছে এই দৃশ্যপট বাস্তৱত নহয়, চিনেমাতহে দুয়োজনকে এনেদৰে দেখিবলৈ পোৱা গৈছে। ভাললগা এই নিবিড় মুহূৰ্তৰ দৃশ্যপট চিনেমাৰ হ’লেও দুয়োজনৰ আৱেদনময়ী ছবিখন সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছবিখন পোষ্ট কৰিছিল ছেঈফ কন্যা ছাৰাই। সম্প্ৰতি ইন্দোৰত বিকি কৌশলৰ সৈতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত ছাৰা আলী খান। বিয়াৰ পাছতে বিকিয়ে কেটৰিনাক এৰি ছবিৰ শ্বুটিঙৰ বাবে গৈছিল। ইনষ্টাগ্ৰামত সেই দৃশ্যগ্ৰহণৰ এটা মুহূৰ্ত শ্বেয়াৰ কৰি ছাৰাই তেওঁৰ সহ-তাৰকা, অভিনেত্ৰী আৰু কলা-কুশলীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা বুলিও সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। সেয়া যি কি নহওক, আবেদনময়ী এই ছবিখনে এতিয়া সৰ্বত্ৰে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত বিকি কৌশলৰ প্ৰশংসা কৰি ছাৰাই লিখিছে, ‘শ্বুটিং ছেটত তোমাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত স্মৰণীয় হৈ ৰ'ব। বিশেষকৈ পঞ্জাৱী গানৰ দৃশ্যগ্ৰহণ আৰু কেম্পফায়াৰৰ কথা বৰকৈ মনত পৰিছে। বিকি, তুমি পৃথিৱীৰ আটাইতকৈ নম্ৰ, প্ৰতিভাশালী অভিনেতাসকলৰ মাজৰ এজন। তোমাৰ সৈতে অভিনয় কৰিবলৈ পাই কিম্বা স্ক্ৰীণৰ ভাগ-বতৰা কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো। বহুত শিকিছো তোমাৰ পৰা।’ ছাৰাৰ পোষ্টৰ প্ৰতি যোগাত্মক সঁহাৰি জনাইছে কেট পত্নী বিকিয়ে। তেওঁ লিখিছে, ‘ময়ো তোমাৰ সৈতে কাম কৰিবলৈ পোৱাটো ভাগ্যৰ কথা। এগৰাকী মানুহ আৰু অভিনেত্ৰী হিচাপে তুমি অসাধাৰণ।’ মন কৰিবলগীয়া যে, বিকি-ছাৰাই পোন প্ৰথমবাৰৰ বাবে কোনো এখন ছবিত একেলগে অভিনয় কৰিছে। আনন্দ এল ৰায়ৰ ‘আত্ৰাংগী ৰে’ত কৰা দৰ্শনীয় অভিনয়েৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ছাৰাই। আৰু বিকিক শেষবাৰৰ বাবে ‘সদৰ উধম’ ছবিত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পাছতে কেটৰিনাৰে বিবাহ পাশত আৱদ্ধ হৈছিল বিকি। ছাৰা আলীৰ সৈতে বিকিৰ এই ৰোমাঞ্চ ছবিৰ কাহানিৰ মাজতে সীমাবদ্ধ থাকিব নে বিকল্প পথ ল’ব বিকিয়ে ? অনুৰাগীৰ মাজত এতিয়া এনেধৰণৰ প্ৰশ্নই অগা-দেৱা কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু