--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি সৰুতেই শিশুৱে প্ৰেমৰ দৰে অনুভৱবোৰ বুজিবলৈ আৰম্ভ কৰে। বন্ধুৰ প্ৰতি আকৰ্ষিত হৈ কম বয়সতে বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ডৰ দৰে অনুভৱ কৰিবলৈ ধৰে। হাইস্কুল-ইণ্টাৰমিডিয়েট ল’ৰা-ছোৱালীবোৰ প্ৰেম, ক্ৰাছ, আকৰ্ষণ আৰু সম্পৰ্ক সৰুতে ভালদৰে বুজি উঠে। আনহাতে, যেতিয়া পিতৃ-মাতৃয়ে তেওঁৰ সন্তানৰ প্ৰেমৰ বিষয়ে জানে, তেতিয়া তেওঁৰ বাবে সেয়া এটা ডাঙৰ সমস্যাৰ হৈ পিতৃ-মাতৃক চিন্তিত কৰি তোলে। বেছিভাগ ক্ষেত্ৰতে সন্তানৰ প্ৰেমৰ বাবেই অভিভাৱকৰ খং উঠে আৰু সন্তানক গালি-গালাজ কৰি বহু বাধা আৰোপ কৰে বা বিভিন্ন ধৰণে ভয়-ভীতি দিয়ে। এয়া অভিভাৱকৰ আটাইতকৈ ডাঙৰ ভুল। এই আচৰণ বা খং, বাধা-নিষেধৰ বাবে শিশুৱে ভয় খাই ভুল পদক্ষেপ লয়। শিশুৱে নিজৰ সম্পৰ্ক আৰু অনুভৱৰ বিষয়ে মিছা কথা ক’বলৈ আৰম্ভ কৰে। এজন অভিভাৱকে যদি গম পায় যে তেওঁলোকৰ নাবালক সন্তানে কাৰোবাৰ প্ৰেমত পৰিছে বা সম্পৰ্কত আছে, তেন্তে কি কৰিব লাগে জানি লওক।

১. সন্তানক কেতিয়াও খং নকৰিব-

যদি অভিভাৱকে গম পায় যে আপোনাৰ সন্তানে কাৰোবাক ভালপায়, তেন্তে বেছিভাগ ক্ষেত্ৰতে প্ৰথমে খং কৰা দেখা যায় বা বকাবকি আৰম্ভ কৰে। কিন্তু এইটো আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ’ব পাৰে। বয়সৰ লগে লগে শিশুৰ শাৰীৰিক আৰু মানসিক দুয়োটাতে ক্ষেত্ৰতে পৰিৱৰ্তন ঘটে। এনে সময়ত শিশুৱে কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে। কিন্তু শিশুটিৰ ওপৰত খং নকৰি শিশুটিক বুজাই দিয়ক, এনে নকৰিলে শিশুটিয়ে ভুল পদক্ষেপ ল’ব পাৰে।

২. শিশুৰ কোমলীয়া মনটোক অনুভৱ কৰক-

আপোনাৰ সন্তানৰ অনুভৱ বুজি লওক। শান্ত হৈ তেওঁলোকৰ কথা শুনক। শিশুটিয়ে তেওঁলোকৰ সম্পৰ্ক আৰু প্ৰেমৰ বিষয়ে কি ভাবে জানিবলৈ চেষ্টা কৰক। শিশুটিৰ কথা সঠিকভাৱে শুনিলেহে বুজিব পাৰিব যে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আৰু প্ৰেমৰ বিষয়ে কি বুজি পাইছে। কেৱল এই ভিত্তিতহে তেওঁৰ লগত নমনীয়তাৰে আলোচনা কৰক আৰু শিশুটিক বুজাই দিয়ক।

৩. শিশুটিৰ লগত বন্ধুত্ব গঢ়ক-

কেতিয়াবা বন্ধু-বান্ধৱীৰ আচৰণ আৰু ভালপোৱা-অপচন্দই শিশুটিক প্ৰভাৱিত কৰে। এনে অৱস্থাত শিশুটি সমস্যাত পৰা দেখা যায়, সেয়েহে পিতৃ-মাতৃয়ে শিশুটিৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব লাগে যাতে শিশুটিয়ে ঘৰৰ বাহিৰত সন্মুখীন হোৱা সমস্যাবোৰ মাক-দেউতাকৰ সন্মুখত ব্যক্ত কৰিব পাৰে আৰু বিপথে পৰিচালিত হোৱাৰ পৰা শিশুটিক ৰক্ষা কৰিব পাৰে।

৪. শিশুৰ প্ৰেমৰ অৰ্থ বুজাই দিয়ক-

যদি আপুনি আপোনাৰ সন্তানৰ মৰম আৰু সম্পৰ্কৰ বিষয়ে ভালদৰে বুজাই দিয়ক। গালি-গালাজ কৰাৰ সলনি শিশুটিক ভালপোৱা, সম্পৰ্ক আৰু প্ৰেম কি বুজাই দিব লাগে। তেওঁলোকৰ অনুভৱ কিমান সঁচা?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ