--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দেশজুৰি চৰ্চাত থকা নাম হ'ল পাৰ্থ চেতাৰ্জী(Partha Chatterjee ) আৰু অৰ্পিতা মুখাৰ্জী(Arpita Mukherjee)। শনিবাৰে ৰাতিপুৱা ইডিয়ে পশ্চিমবংগ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰে। জেৰাত ধৰা পৰা বিসংগতিৰ বাবে প্ৰাক্তন শিক্ষা মন্ত্ৰীজনক ইডিয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰৰ পৰা বহু নথি পত্ৰ জব্দ কৰা হৈছে। বিয়াগোম কেলেংকাৰীৰ অভিযোগত পাৰ্থ চেতাৰ্জী গ্ৰেপ্তাৰ হয়। পাৰ্থ চেতাৰ্জীৰ লগতে নাম সাঙুৰ খাই পৰে অৰ্পিতা মুখাৰ্জীৰ। অৰ্পিতাৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছে কোটি কোটি টকা, লগতে সোণৰ গহনা। গতিকে ইডিৰ অনেক প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে অৰ্পিতা মুখাৰ্জী।  ইডিৰ দ্বাৰা অৰ্পিতাৰ পৰ্যায়ক্ৰমে জেৰা চলি আছে। 

বেলঘৰিয়াৰ অৰ্পিতাৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱাৰ পাছত প্ৰশ্ন উঠে যে ইমানবোৰ টকা-পইচা চোৱাৰ দায়িত্ব কেৱল অৰ্পিতাক কিয় দিলে পাৰ্থই? গতিকে ইয়াৰ আঁৰত আন কোনো সম্পৰ্ক আছে নেকি? সম্পৰ্কটো কিমান ঘনিষ্ঠ? ঠিক কিমান দূৰলৈকে আছে অন্তৰংগতা? মানুহে পাৰ্থ-অৰ্পিতাৰ ঘনিষ্ঠতাক লৈ প্ৰশ্ন কৰি থকাৰ সময়তে ইডিৰ সূত্ৰই জনাইছে যে অৰ্পিতাই পাৰ্থ চেতাৰ্জীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছে। ইডিৰ জেৰাত অৰ্পিতা মুখাৰ্জীয়ে তেওঁলোকৰ ঘনিষ্ঠতাৰ কথা স্বীকাৰ কৰে। ইডিৰ সূত্ৰ অনুসৰি অৰ্পিতাই নিজে স্বীকাৰ কৰে যে বয়সৰ বৃহৎ ব্যৱধান থকাৰ পাছতো পাৰ্থ তেওঁৰ ঘনিষ্ঠ বন্ধু। উল্লেখ্য যে অৰ্পিতাৰ বয়স ৩০ বছৰ আৰু পাৰ্থ চেতাৰ্জীৰ বয়স ৭০ বছৰ। 

ইডিৰ সূত্ৰ অনুসৰি বুধবাৰে অৰ্পিতা মুখাৰ্জীৰ বেলঘৰীয়া ফ্লেটত তালাচী চলাই থকা অৱস্থাত কোটি কোটি টকা উদ্ধাৰ কৰাৰ লগতে দুটা ছেক্স টয়, সোণ, হীৰাৰ অলংকাৰ, ইংৰাজী ‘পি’ আখৰ খোদিত কৰা হীৰাৰ আঙঠিও ফ্লেটটোত পোৱা গৈছিল। ‘পি’ আখৰ খোদিত কৰা হীৰাৰ আঙঠিটো অৰ্পিতাই পাৰ্থৰ নামতে পিন্ধিছিল বুলি অনুমান কৰিছে ইডিয়ে।

যোৱা শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইডিৰ জিম্মাতে আছে অৰ্পিতা। তেওঁক বাৰে বাৰে জেৰা কৰা হৈছে। অৰ্পিতা কেৱল ধনৰ উৎসক লৈয়ে নহয় পাৰ্থৰ লগত থকা ঘনিষ্ঠতাক লৈও ইটোৰ পিছত সিটো প্ৰশ্নৰ সন্মুখীন হৈছে।

সোধা-পোছাৰ সময়ত তেওঁ বেলঘৰিয়াৰ ফ্লেটটোৰ অৱস্থান ইডিৰ বিষয়াক জনায়। কেৱল এয়াই নহয়, ইডিৰ সূত্ৰইও প্ৰকাশ কৰিছে যে অৰ্পিতাই কেতিয়াও পাৰ্থৰ সৈতে থকা তেওঁৰ সম্পৰ্কক অস্বীকাৰ কৰা নাই। ২০১৭ চনত পত্নীক হেৰুৱাই পাৰ্থই অৰ্পিতাৰ সৈতে অন্তৰংগতা আৰম্ভ কৰিছিল বুলি অৰ্পিতাই দাবী কৰে। আনহাতে অৰ্পিতাই কয় যে বন্ধুত্ব আৰু ঘনিষ্ঠতা থকাৰ পিছতো পাৰ্থৰ ৰাজনৈতিক জীৱনৰ প্ৰতি তেওঁৰ একেবাৰেই আগ্ৰহ নাই। 

অৰ্পিতাই কয় যে বিভিন্ন সময়ত তেওঁৰ ঘৰলৈ বিভিন্ন মানুহ আহি খামত পইচা দি থৈ যায়। প্ৰথমতে তেওঁক কোৱা হৈছিল যে সেই সকলোবোৰ খামত চৰকাৰী নথি-পত্ৰ আছে, কিন্তু পিছত তেওঁ উপলব্ধি কৰিলে যে সেইবোৰত প্ৰকৃততে টকা আছিল। অৰ্পিতাই এই বিষয়ে পাৰ্থক এই টকা কৰা পৰা আহে বুলি প্ৰশ্ন কৰোতে উত্তৰত পাৰ্থই কৈছিল যে টকাখিনি যিদৰে আছে তেনেকৈয়ে ৰাখি থোৱা, এইবোৰ কথা জানিব নালাগে। এতিয়াও সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে আৰু অধিক অজ্ঞাত গোপন কথা ওলাই অহাৰ আশাত ৰৈছে ইডি।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ