--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইণ্ডোনেছিয়াৰ এগৰাকী মহিলাই ঋণ পৰিশোধ কৰাৰ সময় আহিলেই পাওনাদাৰৰ পৰা হাত সাৰিবলৈ নিজৰ মৃত্যুৰ ভুৱা খবৰ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি তেওঁৰ মৃত্যুৰ খবৰটো বিশ্বাসযোগ্য কৰি তুলিবলৈ তেওঁ মৃতদেহৰ কেইবাখনো ফটোও তুলিছিল। ইয়াৰ পাছত তেওঁ সেই ছবিবোৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁ বিষয়টো লুকুৱাই ৰখাৰো অভিযোগ উত্থাপন কৰে পাওনাদাৰে।

 ইণ্ডোনেছিয়াৰ এটা সংবাদ সংস্থাৰ তথ্য অনুসৰি মায়া গুনাৱান নামৰ আন এগৰাকী মহিলাই এল নামৰ মহিলাগৰাকীৰ পৰা বহু টকা পায়। ২০ নৱেম্বৰতেই সেই ধন ওভতাই দিব লাগিছিল যদিও মায়াক ৬ ডিচেম্বৰলৈ সময় দিবলৈ অনুৰোধ কৰে। কিন্তু মায়াই ১২ ডিচেম্বৰৰ সময় নিৰ্ধাৰণ কৰিবলৈ তেওঁৰ সৈতে যোগাযোগৰ চেষ্টা কৰে। তাৰ পাছত এলৰ কন্যাই ফেচবুকত কৰা এটা পোষ্ট দেখি তেওঁ হতভম্ব হৈ পৰে। সেই পোষ্টটোত খবৰ আহিছিল যে এলৰ মৃত্যু হৈছে গাড়ী দুৰ্ঘটনাত। উত্তৰ সুমাত্ৰাৰ মেডান নামৰ এখন দলঙত সংঘটিত এটা পথ দুৰ্ঘটনাত মাতৃৰ মৃত্যু হয় বুলিও পোষ্টটোত দাবী কৰা হৈছে। ইয়াৰ উপৰিও চিকিৎসালয়লৈ নিয়াৰ কিছু ছবিও দিয়া হৈছে। পোষ্টটোত ইতিমধ্যে এল কেক সমাধিস্থ কৰা হৈছে বুলিও দাবী কৰা কৰিছে।

 এই পোষ্টটোৰ কিছু সময়ৰ পাছতেই পোহৰলৈ আহিছিল যে মৃতদেহটো চিকিৎসালয়লৈ নিয়াৰ ছবি এখন টিভি ধাৰাবাহিকৰ। ইয়াৰ পাছত এলৰ কন্যাই জনাইছিল যে তাইৰ মাকৰ মৃত্যু হোৱা নাছিল। সকলো নাটক। লগতে তেওঁ দাবী কৰে যে তেওঁৰ মাকে বিষয়টো বিশ্বাসযোগ্য কৰি তুলিবলৈ ছবিখন তুলিছিল। ইয়াৰ পাছত তেওঁ নিজৰ ফেচবুক একাউণ্ট হেক কৰি ছবিবোৰ পোষ্ট কৰে। সমগ্ৰ ঘটনাটোত মায়া নিজেই বিভ্ৰান্ত হৈ পৰিছে। তেওঁ দাবী কৰে যে তেওঁ ধন ঘূৰাই পোৱাৰ বাবে এলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও এলৰ কোনো খবৰ পোৱা হোৱা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি