--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইণ্ডোনেছিয়াৰ এগৰাকী মহিলাই ঋণ পৰিশোধ কৰাৰ সময় আহিলেই পাওনাদাৰৰ পৰা হাত সাৰিবলৈ নিজৰ মৃত্যুৰ ভুৱা খবৰ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি তেওঁৰ মৃত্যুৰ খবৰটো বিশ্বাসযোগ্য কৰি তুলিবলৈ তেওঁ মৃতদেহৰ কেইবাখনো ফটোও তুলিছিল। ইয়াৰ পাছত তেওঁ সেই ছবিবোৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁ বিষয়টো লুকুৱাই ৰখাৰো অভিযোগ উত্থাপন কৰে পাওনাদাৰে।

 ইণ্ডোনেছিয়াৰ এটা সংবাদ সংস্থাৰ তথ্য অনুসৰি মায়া গুনাৱান নামৰ আন এগৰাকী মহিলাই এল নামৰ মহিলাগৰাকীৰ পৰা বহু টকা পায়। ২০ নৱেম্বৰতেই সেই ধন ওভতাই দিব লাগিছিল যদিও মায়াক ৬ ডিচেম্বৰলৈ সময় দিবলৈ অনুৰোধ কৰে। কিন্তু মায়াই ১২ ডিচেম্বৰৰ সময় নিৰ্ধাৰণ কৰিবলৈ তেওঁৰ সৈতে যোগাযোগৰ চেষ্টা কৰে। তাৰ পাছত এলৰ কন্যাই ফেচবুকত কৰা এটা পোষ্ট দেখি তেওঁ হতভম্ব হৈ পৰে। সেই পোষ্টটোত খবৰ আহিছিল যে এলৰ মৃত্যু হৈছে গাড়ী দুৰ্ঘটনাত। উত্তৰ সুমাত্ৰাৰ মেডান নামৰ এখন দলঙত সংঘটিত এটা পথ দুৰ্ঘটনাত মাতৃৰ মৃত্যু হয় বুলিও পোষ্টটোত দাবী কৰা হৈছে। ইয়াৰ উপৰিও চিকিৎসালয়লৈ নিয়াৰ কিছু ছবিও দিয়া হৈছে। পোষ্টটোত ইতিমধ্যে এল কেক সমাধিস্থ কৰা হৈছে বুলিও দাবী কৰা কৰিছে।

 এই পোষ্টটোৰ কিছু সময়ৰ পাছতেই পোহৰলৈ আহিছিল যে মৃতদেহটো চিকিৎসালয়লৈ নিয়াৰ ছবি এখন টিভি ধাৰাবাহিকৰ। ইয়াৰ পাছত এলৰ কন্যাই জনাইছিল যে তাইৰ মাকৰ মৃত্যু হোৱা নাছিল। সকলো নাটক। লগতে তেওঁ দাবী কৰে যে তেওঁৰ মাকে বিষয়টো বিশ্বাসযোগ্য কৰি তুলিবলৈ ছবিখন তুলিছিল। ইয়াৰ পাছত তেওঁ নিজৰ ফেচবুক একাউণ্ট হেক কৰি ছবিবোৰ পোষ্ট কৰে। সমগ্ৰ ঘটনাটোত মায়া নিজেই বিভ্ৰান্ত হৈ পৰিছে। তেওঁ দাবী কৰে যে তেওঁ ধন ঘূৰাই পোৱাৰ বাবে এলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও এলৰ কোনো খবৰ পোৱা হোৱা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ