--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেমৰ সংজ্ঞা বিচাৰি বহু লোকেই বাস্তৱ পৃথিৱীত উধাতু খাই ফুৰে। প্ৰেম এনে, প্ৰেম তেনে আদি ধাৰণাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ অভিধানকেন্দ্ৰিক এক দুৰ্বাৰ হেঁপাহৰ পিছত যুযুধান ৰূপত নামি পৰে সকলো। পিছে সঁচাকৈয়ে কোনো এক নিৰ্দিষ্ট সংজ্ঞাৰে এক নিৰ্দিষ্ট বন্ধনীৰ ভিতৰত প্ৰেমক বন্ধনীৰ ভিতৰত জানো আৱদ্ধ কৰিব পাৰি! মূলত: প্ৰেম প্ৰেমেই। কোনো আভিধানিক বাখ্যাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ কোনো যুক্তিযুক্ততাই প্ৰেমৰ ক্ষেত্ৰত নামানে। সেয়েহে প্ৰেম মুক্ত। 

প্ৰেমৰ এনে মুক্ত তথা স্বাধীনচিতীয়া প্ৰকৃতিৰ অভিনৱ দৃশ্যই এতিয়া মন মুহিছে বিশ্ববাসীৰ। তাকো এই দৃশ্য এক মৰণকাতৰ ধ্বংসস্তূপৰ মাজৰ পৰা বিশ্ববাসীৰ সমুখলৈ আহিছে। এই দৃশ্য আহিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা। ৰাছিয়াৰ আক্ৰমণে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। ছয় মাহ অতিক্ৰম কৰাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। কিন্তু তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰা কিছু বিশেষ দৃশ্যই সমগ্ৰ বিশ্বৰে লোকৰ মনত তুলিছে আনন্দৰ কম্পন। 

প্ৰেমে অতিক্ৰম কৰে ঘৃণাৰ প্ৰাচীৰ। কাৰ্যত: এই কথাষাৰেই প্ৰতিফলন ঘটিছে এই বিশেষ দৃশ্যটিত। যুদ্ধৰ বিভীষিকাই চটিয়াই থৈ যোৱা আতংকৰ ছাইৰ মাজতে প্ৰেম প্ৰণয়ত বান্ধ খাইছে ইউক্ৰেইনৰ সহস্ৰাধিক দম্পতী। কেৱল সাধাৰণ নাগৰিকেই নহয়, কৰ্তব্যৰ খাতিৰত সামৰিক পোছাক পৰিধান কৰিয়ে ৰীতি অনুসৰি শপত বাক্য বিনিময় কৰি বিবাহ পাশত আৱদ্ধ হৈছে বহু দম্পতী। 

ছয় মাহ অতিক্ৰমি সাত মাহত সোমোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে  ইউক্ৰেইন ৰাজধানী কিয়েভৰ মুখ্য পঞ্জীয়ন কাৰ্যালয়ে প্ৰকাশ কৰিছে এক বিশেষ তথ্য। যুদ্ধৰ প্ৰথম সময়ছোৱাৰ ৰিক্ততাৰ পিছত দেশখনত দ্ৰুতগতিত বৃদ্ধি পাইছে প্ৰণয়ৰ সংখ্যা। এই তথ্য মতে, যুদ্ধৰ প্ৰথম পৰ্যায় পাৰ হৈ যোৱাৰ পিছত মুখ্য পঞ্জীয়ন কাৰ্যালয় তথা ৰাজধানীৰ সহায়ক কাৰ্যালয়সমূহত ৯,১২০ খন বিবাহৰ নথি পঞ্জীভুক্ত কৰা হৈছে। এই সংখ্যা বিগত বৰ্ষৰ একে সময়ছোৱাতে হোৱা ১,১১০ খন বিবাহৰ তথ্যতকৈ আঠ গুণ অধিক।

যুদ্ধকালীন সময়তে ইউক্ৰেইনত সমকামী বিবাহৰ অনুমতিৰ আহ্বানত যথেষ্ট ঢৌ উঠিছিল। দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে চলিত মাহতে চৰকাৰী বিষয়াসকলে পঞ্জীভুক্ত সমকামী বৈবাহিক স্বীকৃতিৰ সমান অধিকাৰ নিশ্চিত কৰাৰ বাবে চিন্তা-চৰ্চা চলাই আছে। দেশৰ সংবিধানে নাগৰিকসকল এই অধিকাৰ প্ৰদান কৰিছে। অৱশ্যে যুদ্ধৰ মাজতে দেশৰ প্ৰতিৰক্ষা সেৱাত নিয়োজিত বহু LGBTQ সেনাই সমকামী বিবাহৰ স্বীকৃতি বিচাৰি আৱেদন জনোৱাৰ পিছত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল।

ইতিমধ্যে দেশখনত হোৱা প্ৰেম প্ৰণয়ৰ বহু ফট তথা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। যুদ্ধবিধ্বস্ত দেশখনত ন্ৰেমৰ চানেকি দাঙি ধৰা এনে সহস্ৰ দম্পতীক শুভাশিষ আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে সকলোৱে। সকলোৰে হৃদয়ৰ পৰা মাথোন এটাই আশা শেষ হওক যুদ্ধৰ দাবানল, যুদ্ধক ভেদ কৰি ওলাই আহক প্ৰেম আৰু শান্তিৰ ৰঙ। এই ৰঙে উদ্ভাসিত হওক মানৱ সমাজ। আজীৱন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ