--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেমৰ সংজ্ঞা বিচাৰি বহু লোকেই বাস্তৱ পৃথিৱীত উধাতু খাই ফুৰে। প্ৰেম এনে, প্ৰেম তেনে আদি ধাৰণাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ অভিধানকেন্দ্ৰিক এক দুৰ্বাৰ হেঁপাহৰ পিছত যুযুধান ৰূপত নামি পৰে সকলো। পিছে সঁচাকৈয়ে কোনো এক নিৰ্দিষ্ট সংজ্ঞাৰে এক নিৰ্দিষ্ট বন্ধনীৰ ভিতৰত প্ৰেমক বন্ধনীৰ ভিতৰত জানো আৱদ্ধ কৰিব পাৰি! মূলত: প্ৰেম প্ৰেমেই। কোনো আভিধানিক বাখ্যাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ কোনো যুক্তিযুক্ততাই প্ৰেমৰ ক্ষেত্ৰত নামানে। সেয়েহে প্ৰেম মুক্ত। 

প্ৰেমৰ এনে মুক্ত তথা স্বাধীনচিতীয়া প্ৰকৃতিৰ অভিনৱ দৃশ্যই এতিয়া মন মুহিছে বিশ্ববাসীৰ। তাকো এই দৃশ্য এক মৰণকাতৰ ধ্বংসস্তূপৰ মাজৰ পৰা বিশ্ববাসীৰ সমুখলৈ আহিছে। এই দৃশ্য আহিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা। ৰাছিয়াৰ আক্ৰমণে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। ছয় মাহ অতিক্ৰম কৰাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। কিন্তু তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰা কিছু বিশেষ দৃশ্যই সমগ্ৰ বিশ্বৰে লোকৰ মনত তুলিছে আনন্দৰ কম্পন। 

প্ৰেমে অতিক্ৰম কৰে ঘৃণাৰ প্ৰাচীৰ। কাৰ্যত: এই কথাষাৰেই প্ৰতিফলন ঘটিছে এই বিশেষ দৃশ্যটিত। যুদ্ধৰ বিভীষিকাই চটিয়াই থৈ যোৱা আতংকৰ ছাইৰ মাজতে প্ৰেম প্ৰণয়ত বান্ধ খাইছে ইউক্ৰেইনৰ সহস্ৰাধিক দম্পতী। কেৱল সাধাৰণ নাগৰিকেই নহয়, কৰ্তব্যৰ খাতিৰত সামৰিক পোছাক পৰিধান কৰিয়ে ৰীতি অনুসৰি শপত বাক্য বিনিময় কৰি বিবাহ পাশত আৱদ্ধ হৈছে বহু দম্পতী। 

ছয় মাহ অতিক্ৰমি সাত মাহত সোমোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে  ইউক্ৰেইন ৰাজধানী কিয়েভৰ মুখ্য পঞ্জীয়ন কাৰ্যালয়ে প্ৰকাশ কৰিছে এক বিশেষ তথ্য। যুদ্ধৰ প্ৰথম সময়ছোৱাৰ ৰিক্ততাৰ পিছত দেশখনত দ্ৰুতগতিত বৃদ্ধি পাইছে প্ৰণয়ৰ সংখ্যা। এই তথ্য মতে, যুদ্ধৰ প্ৰথম পৰ্যায় পাৰ হৈ যোৱাৰ পিছত মুখ্য পঞ্জীয়ন কাৰ্যালয় তথা ৰাজধানীৰ সহায়ক কাৰ্যালয়সমূহত ৯,১২০ খন বিবাহৰ নথি পঞ্জীভুক্ত কৰা হৈছে। এই সংখ্যা বিগত বৰ্ষৰ একে সময়ছোৱাতে হোৱা ১,১১০ খন বিবাহৰ তথ্যতকৈ আঠ গুণ অধিক।

যুদ্ধকালীন সময়তে ইউক্ৰেইনত সমকামী বিবাহৰ অনুমতিৰ আহ্বানত যথেষ্ট ঢৌ উঠিছিল। দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে চলিত মাহতে চৰকাৰী বিষয়াসকলে পঞ্জীভুক্ত সমকামী বৈবাহিক স্বীকৃতিৰ সমান অধিকাৰ নিশ্চিত কৰাৰ বাবে চিন্তা-চৰ্চা চলাই আছে। দেশৰ সংবিধানে নাগৰিকসকল এই অধিকাৰ প্ৰদান কৰিছে। অৱশ্যে যুদ্ধৰ মাজতে দেশৰ প্ৰতিৰক্ষা সেৱাত নিয়োজিত বহু LGBTQ সেনাই সমকামী বিবাহৰ স্বীকৃতি বিচাৰি আৱেদন জনোৱাৰ পিছত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল।

ইতিমধ্যে দেশখনত হোৱা প্ৰেম প্ৰণয়ৰ বহু ফট তথা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। যুদ্ধবিধ্বস্ত দেশখনত ন্ৰেমৰ চানেকি দাঙি ধৰা এনে সহস্ৰ দম্পতীক শুভাশিষ আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে সকলোৱে। সকলোৰে হৃদয়ৰ পৰা মাথোন এটাই আশা শেষ হওক যুদ্ধৰ দাবানল, যুদ্ধক ভেদ কৰি ওলাই আহক প্ৰেম আৰু শান্তিৰ ৰঙ। এই ৰঙে উদ্ভাসিত হওক মানৱ সমাজ। আজীৱন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু