--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
দেশত এতিয়াও মাৰ যোৱা নাই   চাইৰাছ মিস্ত্ৰীৰ আকস্মিক দুৰ্ঘটনাৰ চাঞ্চল্য ৷ টাটা গ্ৰুপৰ প্ৰাক্তন অধক্ষ্যজনৰ দুৰ্ঘটনাৰ তদন্তত প্ৰকাশ পাইছে যে দুৰ্ঘটনাপতিত গাড়ীখনত  
টাটাৰ গ্ৰুপৰ  অধ্যক্ষ আৰু আন তিনিজন লোকে    ভ্ৰমণ কৰি আছিল৷ একে সময়তে সেই বিলাসী বাহনখনে  যান-বাহন নিয়ম উলংঘন কৰাৰ কথাও তদন্তৰ জৰিয়তে পোহৰলৈ  আহিছে।

বাহনখনৰ ট্ৰেফিক ৰেকৰ্ড অনুসৰি , উক্ত গাড়ীখনে গতি বেগকে ধৰি  একাধিক যান-বাহন নিয়ম উলংঘন  কৰিছিল। অৱশ্যে, এনে আইন উলংঘনৰ অপৰাধসমূহ সংঘটিত হোৱাৰ সময়ত গাড়ীচালক কোন আছিল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

মিস্ত্ৰী আৰু জেহাংগীৰ পাণ্ডোলে চিট বেল্ট পৰিধান কৰা নাই বুলিও  প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছতে   মাৰ্চিডিজৰ সুৰক্ষা বৈশিষ্ট্যৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। 
যদিও চৰকাৰে গাড়ী নিৰ্মাতাসকলৰ বাবে ছয়টা এয়াৰবেগ স্থাপন কৰাটো বাধ্যতামূলক কৰিছে, বিশেষজ্ঞসকলৰ মতে ,   পিছফালৰ আসনৰ যাত্ৰীসকলকো বিদেশৰ দৰে চিট বেল্ট পিন্ধিবলৈ শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা আছে৷ 
বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, চিটবেল্ট পিন্ধিলে চালক আৰু সন্মুখৰ আসনত থকা লোকসকলৰ মৃত্যুৰ আশংকা ৪৫-৫০  শতাংশ হ্ৰাস হয়৷  আৰু পিছফালৰ আসনত থকা লোকসকলৰ মৃত্যু আৰু গুৰুতৰ আঘাতৰ আশংকা ২৫  শতাংশ হ্ৰাস হয়।

অৱশ্যে চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ পিছৰে পৰা ছিটবেল্ট পৰিধান কৰিবলৈ নাগৰিকক মুকলি আহ্বান জনাইছে বহু নেতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী