--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ খঙৰ বলি হ’ল এজন দুৰ্ভগীয়া স্বামী। স্বামীৰ দোষ আছিল তেনেই সাধাৰণ। তেওঁ খাদ্য নোখোৱাকৈ শুইছিল। সেই খঙতেই স্বামীক ক্ৰিকেট বেটেৰে কোবাই কোবাই আধামৰা কৰিলে পত্নীয়ে। ৰাজস্থানৰ বিকানেৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্বামী-পত্নীৰ মাজত বিবাদ ইমানেই বৃদ্ধি পালে যে ক্ষুব্ধ পত্নীয়ে ক্ৰিকেটৰ বেটেৰে স্বামীক বৰ বেয়াকৈ প্ৰহাৰ কৰে। এই ঘটনাৰ এক চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছে।

স্বামীয়ে খাদ্য নোখোৱাকৈ শুই যোৱাৰ বাবে পত্নীৰ ইমানেই খং উঠিল যে পত্নীয়ে শুই থকা স্বামীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিবলৈ ধৰে। প্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে স্বামীৰ মূৰত এক ডজনতকৈও অধিক চিলাই পৰিছে। কেৱল এয়াই নহয়, চুবুৰীটোৰ মানুহ আৰু স্বামীৰ পৰিয়ালৰ অন্য মানুহে পত্নীৰ হাতৰ পৰা বেটখন কাঢ়ি লৈছিল যদিও তেওঁ পুনৰ বেটখন নিজৰ হাতলৈ কাঢ়ি আনি অৰ্ধমৃত স্বামীক আক্ৰমণ কৰে।

উল্লেখ্য যে ভুক্তভোগী স্বামীৰ আত্মীয়ই অভিযোগ কৰিছে যে স্বামী আমিনে মহিলাগৰাকীৰ বিৰুদ্ধে কৰা অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষী থানাই পত্নীৰ পক্ষ লৈ স্বামী আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে দাখিল কৰা নিৰ্যাতনৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছে।

আৰক্ষীৰ এই মনোভাৱৰ বিৰুদ্ধে ভুক্তভোগী স্বামীৰ আত্মীয় আৰু স্থানীয় ৰাইজে বিকানেৰৰ আৰক্ষী অধীক্ষকক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। ভুক্তভোগী স্বামীৰ আত্মীয়ই কয় যে তেওঁ শুই আছিল, তাৰ পিছত পিছফালৰ পৰা আক্ৰমণ কৰা হৈছিল, মূৰত কমেও ১৫ টা চিলাই পৰিছে। আমাৰ হাতত ভিডিঅ’ প্ৰুফ আছে কিন্তু কোনো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই।

ভুক্তভোগী স্বামীৰ আত্মীয়ই অভিযোগ কৰিছে যে আৰক্ষীয়ে একো কোৱা নাই, এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ওলোটাই আমাৰ বিৰুদ্ধেহে গোচৰ ৰুজু হৈছে। ব্যাস কলনী আৰক্ষী থানাত আমাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে, চাৰিজন ভাতৃৰ নাম লোৱা হৈছে। এই মূৰ ফাটি যোৱা ভিডিঅ'টো কি মিছা নেকি নে মহিলাই কাৰোবাক হত্যা কৰাৰো অনুমতি পায় বুলি ক্ষোভ উজাৰিছে পৰিয়ালৰ লোকে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন