--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা বাৰানসী জিলা ন্যায়ালয়ে পুনৰ শুনানি আৰম্ভ কৰিব জ্ঞানৱাপী মহ্জিদৰ গোচৰ৷ কাশী-বিশ্বনাথ জ্ঞানৱাপী মছজিদৰ অন্তৰ্গত শ্ৰীনগৰ গৌৰী স্থলত পূজা কৰিবলৈ পাঁচগৰাকী হিন্দু মহিলাই অনুমতি বিচৰা সম্পৰ্কত আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব৷ 

যোৱা মংগলবাৰে মুছলমান পক্ষই আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল৷ বুধবাৰে হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে আদালতত গোচৰটোৰ সৈতে সংগতি ৰাখি “স্বাধীনভাৱে পূজা-অৰ্চনা কৰাৰ অধিকাৰ” সম্পৰ্কীয় এটি  পুৰণি গোচৰৰ কথা অৱতাৰণা কৰে৷

আজি দিনৰ দুই বজাত এই গোচৰৰ পুনৰ শুনানি আৰম্ভ হ’ব আৰু হিন্দু পক্ষই নিজৰ যুক্তি প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহজিদৰ চৌহদত শিৱলিংগ সদৃশ এটি আকৃতি উদ্ধাৰ হৈছিল৷ কিন্তু মহজিদৰ কৰ্তৃপক্ষই সেইয়া শিৱলিংগ নহয়, এক পানীৰ ফোৱাৰা বুলি মন্তব্য কৰিছিল। 

গোচৰটো সম্পৰ্কত হিন্দু পক্ষটোয়ে দাবী কৰে যে পূৰ্বতে এই স্থান হিন্দুৰহে আছিল৷ এই দাবীক সত্য প্ৰমাণ কৰিবলৈ তেওঁলোকে আদালতত মহজিদৰ চৌহদত থকা শংখ, চক্ৰ, ত্ৰিশূল, আৰু পদুমফুল আদিৰ কথাও অৱতাৰণা কৰে৷

জানিব পৰা মতে এই শিৱলিংগক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ পিছতেই উচ্চতম ন্যায়ালয়ে বাৰানসী জিলা অধিকাৰীক মুছলমান সকলৰ ধৰ্মীয় অনুভূতিত আঘাত নলগাকৈ সেই স্থানৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

(প্ৰতিবেদন যুগুতালে লিজা বৰাই)




FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে