--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা বাৰানসী জিলা ন্যায়ালয়ে পুনৰ শুনানি আৰম্ভ কৰিব জ্ঞানৱাপী মহ্জিদৰ গোচৰ৷ কাশী-বিশ্বনাথ জ্ঞানৱাপী মছজিদৰ অন্তৰ্গত শ্ৰীনগৰ গৌৰী স্থলত পূজা কৰিবলৈ পাঁচগৰাকী হিন্দু মহিলাই অনুমতি বিচৰা সম্পৰ্কত আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব৷ 

যোৱা মংগলবাৰে মুছলমান পক্ষই আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল৷ বুধবাৰে হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে আদালতত গোচৰটোৰ সৈতে সংগতি ৰাখি “স্বাধীনভাৱে পূজা-অৰ্চনা কৰাৰ অধিকাৰ” সম্পৰ্কীয় এটি  পুৰণি গোচৰৰ কথা অৱতাৰণা কৰে৷

আজি দিনৰ দুই বজাত এই গোচৰৰ পুনৰ শুনানি আৰম্ভ হ’ব আৰু হিন্দু পক্ষই নিজৰ যুক্তি প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহজিদৰ চৌহদত শিৱলিংগ সদৃশ এটি আকৃতি উদ্ধাৰ হৈছিল৷ কিন্তু মহজিদৰ কৰ্তৃপক্ষই সেইয়া শিৱলিংগ নহয়, এক পানীৰ ফোৱাৰা বুলি মন্তব্য কৰিছিল। 

গোচৰটো সম্পৰ্কত হিন্দু পক্ষটোয়ে দাবী কৰে যে পূৰ্বতে এই স্থান হিন্দুৰহে আছিল৷ এই দাবীক সত্য প্ৰমাণ কৰিবলৈ তেওঁলোকে আদালতত মহজিদৰ চৌহদত থকা শংখ, চক্ৰ, ত্ৰিশূল, আৰু পদুমফুল আদিৰ কথাও অৱতাৰণা কৰে৷

জানিব পৰা মতে এই শিৱলিংগক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ পিছতেই উচ্চতম ন্যায়ালয়ে বাৰানসী জিলা অধিকাৰীক মুছলমান সকলৰ ধৰ্মীয় অনুভূতিত আঘাত নলগাকৈ সেই স্থানৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

(প্ৰতিবেদন যুগুতালে লিজা বৰাই)




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ