--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যত বিহ মিহলি কৰি বিহাৰৰ মুখ্যমন্ত্ৰীক হত্যা কৰাৰ চেষ্টা!  নীতিশ কুমাৰক হত্যা কৰাৰ পৰিকল্পনা কিছু দিন  ধৰি চলি আহিছে! এই দাবী কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)ৰ নেতা জিতন ৰাম মাঝিয়ে৷  

 নীতিশৰ যৌন শিক্ষাৰ মন্তব্যক লৈ হোৱা বিতৰ্কৰ মাজতে  জিতনে ৰামে  এতিয়া নীতিশৰ বিৰুদ্ধে "হত্যাৰ ষড়যন্ত্ৰ" ৰচনা কৰা বুলি অভিযোগ কৰিছে। তেওঁ দাবী কৰিছে  যে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বিষাক্ত পদাৰ্থৰ প্ৰভাৱৰ বাবেই মহিলাসকলৰ বিষয়ে ভুল মন্তব্য কৰিছিল।

পাটনাত জিতন ৰাম মাঝিয়ে কয়, "এক  ষড়যন্ত্ৰ চলিছে। নীতিশ কুমাৰক  হত্যা কৰিবলৈ তেওঁৰ  খাদ্যত বিহ মিহলোৱা হৈছে। ফলস্বৰূপে, তেওঁ মহিলাৰ নামত এনে মন্তব্য কৰিছে।’’ মুখ্যমন্ত্ৰী নীতিশৰ পদ  কাঢ়ি নিবলৈ  খাদ্যত বিহ মিহলোৱা হৈছে বুলিও মাঝিয়ে কয়৷  

 কিন্তু কোনে  এই ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু কোনে বিহাৰৰ মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ চেষ্টা কৰি আছে সেই বিষয়ে জিতনে একো মন্তব্য  কৰা নাই। নীতিশ কুমাৰে উত্থাপন কৰা  সংৰক্ষণ প্ৰস্তাৱক সমৰ্থন কৰি জিতন ৰামে কয়  যে ৰাজপত্ৰিত বিষয়াসকলৰ মাজত জনজাতীয় লোকসকলৰ প্ৰতিনিধিত্ব তেনেই কম৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা