--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ জীৱন বীমা প্ৰতিষ্ঠান  এলআইচিৰ লাভৰ পৰিমাণ উদ্বেগজনকভাবে হ্ৰাস পাইছে।  কোম্পানীটোৰ ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা তিনিমাহৰ হিচাবৰ খতিয়ানত  মুঠ লাভ  ৫০ শতাংশ হ্ৰাস পোৱাৰ তথ্য কোম্পানীটোৱে প্ৰকাশ কৰিছে। এই হ্ৰাস পোৱা ধনৰ পৰিমাণ প্ৰায় ৭,৯২৫  কোটি টকা। দেশৰ আটাইতকৈ ডাঙৰ বীমাকৰ্তা কোম্পানীটোৰ বিগত বছৰত  মুঠ লাভ আছিল ১৫,৯৫২ কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় তিনিমাহত কোম্পানীটোৰ মুঠ প্ৰিমিয়াম উপাৰ্জন ১,০৭,৩৯৭  কোটি টকালৈ হ্ৰাস পাইছে।  যি এবছৰ পূৰ্বে  একে সময়ছোৱাত ১,৩২,৬৩১.৭২  কোটি টকা আছিল।এলআইচিয়ে  এক প্ৰেছ বিজ্ঞপ্তিত কৈছে  যে কোম্পানীটোৱে  ছেপ্টেম্বৰ ২০২২-ত  ইয়াৰ একাউণ্টিং আঁচনি সলনি কৰিছিল । 


এল.আই.চি.-ৰ মুঠ প্ৰিমিয়াম উপাৰ্জন পূৰ্বৰ বছৰৰ ১,৩২  লাখ কোটি টকাৰ পৰা  বিগত তিনিমাহত ১৯ শতাংশ হ্ৰাস হৈ ১.০৭  লাখ কোটি টকা হৈছে। কোম্পানীটোৰ লাভৰ পৰিমাণ কিয় হ্ৰাস পাইছে সেই বিষয়ত নিৰ্দিষ্ট কোনো কাৰণ এতিয়াও গ্ৰাহকে বিচাৰি পোৱা নাই। বহুতে আলোচনা কৰা অনুসৰি আদানী গ্ৰুপত এলআইচিয়ে কৰা বিনিয়োগৰ নিশ্চয়তা নোহোৱা হৈ পৰাৰ বাবেই এনে হ’ব পাৰে। অৱশ্যে কোম্পানীটোৱে সেই কথা স্বীকাৰ কৰা নাই। 


 উল্লেখ্য চলিত বৰ্ষৰ আৰম্ভনিতে আদানি গ্ৰুপৰ শ্বেয়াৰ বজাৰ ক্ৰমে ডুবিবলৈ  আৰম্ভ কৰাৰ সময়তে শংকিত হৈ পৰিছিল  এলআইচিত ধন জমা কৰা গ্ৰাহক সকল।   কাৰণ আদানী গ্ৰুপে এলআইচিৰ পৰা প্ৰচুৰ পৰিমাণৰ ধন ধাৰলৈ লৈ থৈছে। যদি আদানীৰ ব্যৱসায়  স্থৱিৰ হৈ পৰে তেন্তে এলআইচি গ্ৰাহকসকলৰ ধন ঘূৰাই পোৱাৰ আশাও মাৰ যাব নেকি বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছিল।  

গ্ৰাহকৰ এনে আশংকাৰ মাজতে এলআইচিয়ে এক বিবৃতি প্ৰকাশ কৰিছিল। বিবৃতিটোত কোৱা হৈছিল যে আদানী গ্ৰুপৰ কোম্পানীবোৰত এলআইচিৰ বেছি বিনিয়োগ নাই, সেয়ে বিপদাশংকাও কম।   ভাৰতীয় জীৱন বীমা নিগমে    জাৰি কৰা বিবৃতিটোত কোৱা হৈছিল যে "৩১ ডিচেম্বৰ, ২০২২ তাৰিখে আদানি গ্ৰুপ অৱ কোম্পানীৰ অধীনত ইকুইটি আৰু ঋণৰ অধীনত এলআইচিৰ মুঠ ধনৰ পৰিমাণ  হৈছে ৩৫,৯১৭.৩১ কোটি টকা। আদানি গ্ৰুপৰ সকলো কোম্পানীৰ অধীনত যোৱা কেইবা বছৰত ক্ৰয় কৰা ইকুইটিৰ মুঠ ক্ৰয় মূল্য হৈছে ৩০,১২৭ কোটি টকা। ২৭  জানুৱাৰী, ২০২২ তাৰিখলৈকে বজাৰ বন্ধ হোৱাৰ সময়ত মুঠ শ্বেয়াৰৰ মূল্য আছিল ৫৬,১৪২ কোটি টকা। আদানি গোটৰ অধীনত এতিয়ালৈকে বিনিয়োগ কৰা মুঠ পৰিমাণ হৈছে ৩৬,৪৭৪.৭৮ কোটি টকা। এই বিনিয়োগবোৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰা হৈছে। এল.আই.চি.-ৰ দ্বাৰা কৰা  আদানি গ্ৰুপৰ সকলো ঋণ চিকিউৰিটিৰ ক্ৰেডিট ৰেটিং এ.এ. আছে। এইটো সকলো আইআৰডিএআইৰ দ্বাৰা নিৰ্ধাৰিত বীমা কোম্পানীবোৰৰ বিনিয়োগৰ নিয়মৰ সৈতে সামঞ্জস্যপূৰ্ণ। ৩০ ছেপ্টেম্বৰ, ২০২২ তাৰিখলৈকে, এল.আই.চি.-ৰ মুঠ সম্পত্তি (এইউ.এম.) আছিল ৪১.৬৬ লাখ কোটি টকাৰো অধিক। সেই আকলন অনুসৰি, আদানি গোটৰ সৈতে লেনদেন  হৈছে মুঠ এ.ইউ.এম.-ৰ ০.৯৭৫%।’’ এলআইচিৰ এনে অভয়বাণীৰ পিছতো কোম্পানীটোৰ গ্ৰাহকসকলৰ বহুতেই শংকামুক্ত হ’ব পৰা নাছিল। এতিয়া এলআইচিৰ লাভৰ পৰিমাণ ৫০ শতাংশলৈ হ্ৰাস পোৱাৰ কথাই গ্ৰাহকসকলক পুনৰ শংকিত কৰি তুলিছে। এলআইচিয়ে এই বিষয়ত কি স্পষ্টীকৰণ দাঙি ধৰে তালৈ এতিয়া বহু গ্ৰাহকে  অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। 


উল্লেখ্য আদানি গোটে ঋণ ল'বলৈ কোম্পানীৰ শ্বেয়াৰ ব্যৱহাৰ কৰিছে। ফলস্বৰূপে যদি ঋণ ডিফল্ট হয়  কোম্পানীবোৰ  ক্ষতিগ্ৰস্ত  হ'ব পাৰে বুলি আশংকা সৃষ্টি হৈছে। আমেৰিকাযুক্ত প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন বুধবাৰে প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছতে আদানি গোটৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement