--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যেতিয়া আপোনাৰ পেট সম্পূৰ্ণ খালী হৈ থাকে, তেতিয়া আপুনি কিছুমান বিশেষ বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে নহ’লে আপুনি বিপদৰ সন্মূখীন হ'ব লাগিব

পেট খালী হ’লে দিনটোৰ সৰু সৰু কাম কৰাও কঠিন হৈ পৰে।বিশেষকৈ ৰাতিপুৱা আপোনাৰ পেটত সতেজ খাদ্য নপৰিলে বেছি সময় ভোকত থাকিলে এচিডিটি, পেটৰ বিষ, বমি আদি সমস্যা বৃদ্ধি পায়। এই ক্ষেত্ৰত আমি আমাৰ খাদ্য-পানীয়ৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগিব, আমি যদি কিবা নাখাবলগীয়া খাদ্য খাওঁ তেন্তে সমস্যাৰ সৃষ্টি হ’ব। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুশী যাদৱে জনাইছে যে কোনবোৰ বস্তু খালী পেটত সেৱন কৰিব নালাগে। সেই সম্পৰ্কে জানো আহক - 

সুৰা
সুৰা খোৱাটো সদায় স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ আহিছে, ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে ভাল, ইয়াৰ সেৱনে লিভাৰৰ ক্ষতি আৰু হাৰ্ট এটেক হোৱাৰ আশংকা সৃষ্টি কৰে, আনহাতে খালী পেটত সেৱন কৰিলে আৰু অধিক ক্ষতিকাৰক হয়। যদি আপুনি একো নোখোৱাকৈ মদ্যপান কৰে, তেন্তে ই পোনপটীয়াকৈ আপোনাৰ ৰক্তপ্ৰবাহত উপনীত হ’ব, যাৰ ফলত ৰক্তচাপ উঠা নমা হ'ব পাৰে।

চ্যুইং গাম
শিশু আৰু যুৱক-যুৱতীৰ ক্ষেত্ৰত চ্যুইংগাম খোৱাৰ প্ৰৱণতা বেছি হয়, কিন্তু খালী পেটত তেনে কৰাটো অসুবিধাজনক। প্ৰাকৃতিক প্ৰক্ৰিয়া অনুসৰি যিকোনো বস্তু চোবাবলৈ ​​আৰম্ভ কৰিলে পেটত পাচন এচিড নিৰ্গত হ’বলৈ আৰম্ভ কৰে। খালী পেটত এই এচিডবোৰে পেটৰ ঘা বা এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে যদি চ্যুইংগাম চোবাই খাব বিচাৰে তেন্তে খাদ্য খোৱাৰ পাছতহে এই কামটো কৰক।

কফি
কফি খালে আপোনাৰ ভাগৰ দূৰ হয় আৰু সতেজতাৰ অনুভৱ হয়, বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খোৱাৰ অভ্যাস থাকে, কিন্তু এই কামটো একেবাৰেই নকৰিব কাৰণ এই পানীয়ত উপস্থিত থকা যৌগবোৰে পেটত হাইড্ৰক্লৰিক এচিড বৃদ্ধি কৰে আৰু তাৰ পিছত পেটত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে।

টিয়হ
সুস্বাস্থ্যৰ বাবে টিয়হ অত্যন্ত ভাল। কিন্তু খালী পেটত খোৱা আচলতে ভাল ধাৰণা নহয়। ইহঁতে পেট ফুলা, অৰ্শ, সাধাৰণ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

ব্ৰেড
আমাৰ বহুতৰে পুৱা ব্ৰেড খোৱাটো পছন্দ কৰে। কিন্তু সেয়া এক ক্ষতিকাৰক অভ্যাস। এই সকলোবোৰ বেকাৰী সামগ্ৰীত ঈষ্ট থাকে যিয়ে পাচনতন্ত্ৰত বাধাৰ সৃষ্টি কৰে আৰু এচিডিটি, পেট ফুলা, পেটৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে।বেকাৰীৰ অধিকাংশ খাদ্য শোধিত আটাৰে তৈয়াৰ কৰা হয়। গতিকে ইয়াৰ আঁহৰ পৰিমাণ প্ৰায় শূন্য আৰু ইয়াক হজম কৰাটো কঠিন হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement