--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাবলৈ ভাল, সোৱাদত মিঠা। ‘ৱাণ্ডাৰ ফ্ৰুট’ খেজুৰত প্ৰচুৰ পৰিমাণে আয়ৰণ, খনিজ পদাৰ্থ, কেলচিয়াম, এমিনো এচিড, ফছফৰাছ আৰু ভিটামিন থাকে। ই শৰীৰক ভালদৰে ৰাখে আৰু সৌন্দৰ্য্য বৃদ্ধি কৰে। ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ। গতিকে শুকান ফল খেজুৰৰ কিছুমান উপকাৰীতা জানি লওক।

১)আপুনি জানেনে যে দুইৰ পৰা চাৰিটা খেজুৰ খাই তৎক্ষণাত শক্তি লাভ কৰিব পাৰি। পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ, ফ্ৰুক্ট’জ আৰু চুক্ৰ’জৰ বাবে ই শৰীৰক শক্তি প্ৰদান কৰাত অতি ফলপ্ৰসূ।

২)ওজন বৃদ্ধিৰ বাবে খেজুৰ খোৱাৰ পৰামৰ্শ বিশেষজ্ঞসকলে। ইয়াত গ্লুক’জ, ভিটামিনৰ লগতে বহুতো প্ৰয়োজনীয় প্ৰ’টিন থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰে।

৩)খেজুৰত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম, মেংগানিজৰ লগতে একাধিক লৱণ থাকে, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰাৰ লগতে হাড় মজবুত কৰে।

৪)খেজুৰত কেইবাটাও শক্তিশালী এণ্টিঅক্সিডেন্ট থাকে, যিয়ে ডায়েবেটিছ ৰোগৰ চিকিৎসাত সহায় কৰে। 

৫)অধ্যয়নত দেখা গৈছে যে খেজুৰে অগ্নাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৬)খেজুৰত থকা পটাছিয়াম আৰু ছডিয়ামে বেয়া কলেষ্টেৰল আঁতৰাই শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিলেহে তেজৰ সঞ্চালন ভাল হয়। ফলত ৰক্তচাপো কমি যায়।

৭)বিশেষজ্ঞসকলৰ মতে, প্ৰতি নিশা দুটা খেজুৰ দি গাখীৰ উতলালে অতি স্বাস্থ্যকৰ হয়। গাখীৰ আৰু খেজুৰত পৰ্যাপ্ত পৰিমাণে আইৰণৰ পৰিমাণ থাকে। ফলত গাখীৰ আৰু খেজুৰৰ সংমিশ্ৰণত এই পানীয় সেৱন কৰিলে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়।

৮)খেজুৰত প্ৰচুৰ পৰিমাণে আঁহ থাকে। খেজুৰে পুৰুষৰ বন্ধ্যাত্ব নিৰাময় কৰে বুলি কোৱা হয়। 

৯)খেজুৰত ভিটামিন বি১, বি২, বি৩, বি৫কে ধৰি এমিনো এচিড প্ৰচুৰ পৰিমাণে থাকে। গৰ্ভৱতী মহিলাৰ বাবে এই উপাদানসমূহ অতি উপকাৰী। 

১০)সৰু ফলবিধে হৃদৰোগ নিৰাময় কৰাত, কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত, কোষ্ঠকাঠিন্য দূৰ কৰাত, পাচন শক্তি বৃদ্ধি কৰাত বহুতো সহায় কৰে। 

খেজুৰ সহজে পোৱা যায় আৰু খাবলৈও ভাল। গতিকে বেছি চিন্তা নকৰাকৈ আজিৰে পৰা এই মিঠা ফলবিধ খাদ্যত যোগ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ