--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাবলৈ ভাল, সোৱাদত মিঠা। ‘ৱাণ্ডাৰ ফ্ৰুট’ খেজুৰত প্ৰচুৰ পৰিমাণে আয়ৰণ, খনিজ পদাৰ্থ, কেলচিয়াম, এমিনো এচিড, ফছফৰাছ আৰু ভিটামিন থাকে। ই শৰীৰক ভালদৰে ৰাখে আৰু সৌন্দৰ্য্য বৃদ্ধি কৰে। ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ। গতিকে শুকান ফল খেজুৰৰ কিছুমান উপকাৰীতা জানি লওক।

১)আপুনি জানেনে যে দুইৰ পৰা চাৰিটা খেজুৰ খাই তৎক্ষণাত শক্তি লাভ কৰিব পাৰি। পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ, ফ্ৰুক্ট’জ আৰু চুক্ৰ’জৰ বাবে ই শৰীৰক শক্তি প্ৰদান কৰাত অতি ফলপ্ৰসূ।

২)ওজন বৃদ্ধিৰ বাবে খেজুৰ খোৱাৰ পৰামৰ্শ বিশেষজ্ঞসকলে। ইয়াত গ্লুক’জ, ভিটামিনৰ লগতে বহুতো প্ৰয়োজনীয় প্ৰ’টিন থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰে।

৩)খেজুৰত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম, মেংগানিজৰ লগতে একাধিক লৱণ থাকে, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰাৰ লগতে হাড় মজবুত কৰে।

৪)খেজুৰত কেইবাটাও শক্তিশালী এণ্টিঅক্সিডেন্ট থাকে, যিয়ে ডায়েবেটিছ ৰোগৰ চিকিৎসাত সহায় কৰে। 

৫)অধ্যয়নত দেখা গৈছে যে খেজুৰে অগ্নাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৬)খেজুৰত থকা পটাছিয়াম আৰু ছডিয়ামে বেয়া কলেষ্টেৰল আঁতৰাই শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিলেহে তেজৰ সঞ্চালন ভাল হয়। ফলত ৰক্তচাপো কমি যায়।

৭)বিশেষজ্ঞসকলৰ মতে, প্ৰতি নিশা দুটা খেজুৰ দি গাখীৰ উতলালে অতি স্বাস্থ্যকৰ হয়। গাখীৰ আৰু খেজুৰত পৰ্যাপ্ত পৰিমাণে আইৰণৰ পৰিমাণ থাকে। ফলত গাখীৰ আৰু খেজুৰৰ সংমিশ্ৰণত এই পানীয় সেৱন কৰিলে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়।

৮)খেজুৰত প্ৰচুৰ পৰিমাণে আঁহ থাকে। খেজুৰে পুৰুষৰ বন্ধ্যাত্ব নিৰাময় কৰে বুলি কোৱা হয়। 

৯)খেজুৰত ভিটামিন বি১, বি২, বি৩, বি৫কে ধৰি এমিনো এচিড প্ৰচুৰ পৰিমাণে থাকে। গৰ্ভৱতী মহিলাৰ বাবে এই উপাদানসমূহ অতি উপকাৰী। 

১০)সৰু ফলবিধে হৃদৰোগ নিৰাময় কৰাত, কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত, কোষ্ঠকাঠিন্য দূৰ কৰাত, পাচন শক্তি বৃদ্ধি কৰাত বহুতো সহায় কৰে। 

খেজুৰ সহজে পোৱা যায় আৰু খাবলৈও ভাল। গতিকে বেছি চিন্তা নকৰাকৈ আজিৰে পৰা এই মিঠা ফলবিধ খাদ্যত যোগ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু